Breaking

হৃদযন্ত্ৰ আৰু পেট ভালে ৰাখিবলৈ খাব লাগে প্লাম! কেতিয়া, কেনেকৈ খাব লাগে প্লাম জানেনে…

0 34

বাৰিষা বহু ধৰণৰ ৰোগৰ সৃষ্টি হয়। ইয়াৰে আটাইতকৈ সাধাৰণ হ’ল পেটৰ বিষ আৰু পাচনতন্ত্ৰৰ সমস্যা। সেইবাবে বাৰিষা স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। আজি আমি আপোনালোকক ক’ম এবিধ ফলৰ বিষয়ে যিবিধ ফলে বাৰিষা আপোনাৰ হৃদযন্ত্ৰ আৰু পেট সুস্থ কৰি ৰখাত সহায় কৰিব।

সেই ফলবিধ হৈছে প্লাম, এই সুস্বাদু ফল খাবলৈ সোৱাদেই নহয়, ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে। যিয়ে বাৰিষা বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।প্লামত অধিক পৰিমাণৰ আঁহ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয়। কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱাতো এই ফল সহায়ক। প্লামত পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। প্লামত কেলৰি কম আৰু আঁহ বেছি, যাৰ বাবে ই ওজন কমাবলৈ ভাল ফল। প্লামত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।প্লামত ভিটামিন কে আৰু কেলচিয়াম থাকে, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

প্লাম সতেজ বা শুকানকৈ খাব পাৰি। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বা সন্ধিয়া সতেজ প্লাম খাব পাৰে। ইয়াৰ উপৰিও প্লামৰ ৰস প্ৰস্তুত কৰি খাব পাৰি। ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে প্লাম কম পৰিমাণে খাব লাগে। যদি গেছ বা এচিডিটিৰ সমস্যা হয়, তেন্তে সাৱধানে প্লাম খাব।


Leave A Reply

Your email address will not be published.