PM Kisan: তিনিচুকীয়াত ৫৫,৭৯৫ গৰাকী হিতাধীকাৰীলৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ টকা মুকলি

দৈনন্দিন বাৰ্তা সেৱা, বাঘজান, ৫ অক্টোবৰ:(PM Kisan )শনিবাৰে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ (পি এম কিষান) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ অষ্টাদশ কিস্তিৰ অনুদান হস্তান্তৰ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা “লাইভ ৱেবকাষ্ট” মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰায় ৯.৪ কোটি যোগ্য হিতাধীকাৰী কৃষকৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা ডি বি টি মাধ্যমৰ জৰিয়তে হস্তান্তৰ কৰে। (Aagriculture)

উল্লেখ্য যে, ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়া জিলা কৃষি বিভাগৰ অধীনত প্ৰায় ৫৫,৭৯৫ গৰাকী যোগ্য হিতাধীকাৰীৰ একাউণ্টলৈ এই লাইভ ৱেবকাষ্ট অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডি বি টি মাধ্যমৰ যোগেদি ১৮ নং কিস্তিৰ অনুদান হস্তান্তৰ কৰে। সেই উপলক্ষে তিনিচুকীয়া জিলা কৃষি বিভাগৰ উদ্যোগত শনিবাৰে দিনৰ ১১:৩০ বজাৰ পৰা তিনিচুকীয়া জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্রীয়ভাৱে এখন সভা তথা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হয়।( Farmers)

জিলা কৃষি বিষয়া দীপক মেনাৰ সঞ্চালনাত কৃষি বিজ্ঞান কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত উক্ত অনুষ্ঠানত সহকাৰী কৃষি সঞ্চালক ৰজিত দত্ত, কৃষি উন্নয়ন বিষয়া মেঘ্না শইকীয়া, মেডিয়া বিশেষজ্ঞ প্ৰেমানন্দ দাস, সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলৰ লগতে শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানৰ অংশ স্বৰূপে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে প্ৰতিটো কৃষি উন্নয়ন চক্ৰ সামৰি ব্লক পৰ্যায়ত একোখনকৈ, গাঁও ন’ডেল বিষয়াসকলৰ সহযোগত বিভিন্ন গাঁও পঞ্চায়ত, নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰসমূহত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অষ্টাদশ কিস্তি মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মহকুমা কৃষি বিষয়া, সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া, কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণ সহায়কসকল।

Related Articles