BRICS Summit 2024: ৰাছিয়াৰ কাজানত উপস্থিত প্ৰধানমন্ত্ৰী মোডীক আদৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে, কাইলৈ ভাগ ল’ব ​শীৰ্ষ সন্মিলনত

কাজান, ২২ অক্টোবৰ: ব্ৰিকছ সন্মিলন ২০২৪ত অংশগ্ৰহণৰ বাবে ৰাছিয়াৰ কাজান চহৰত মঙলবাৰে উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(BRICS Summit 2024)। চহৰখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আদৰণি জনায় প্ৰধানমন্ত্ৰী মোডীক(PM Modi welcomed by Russian President Putin) আৰু ইয়াৰ পিছতেই দুয়োগৰাকী নেতাই এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়(India-Russia relations) । পুটিনৰ সৈতে হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকৰ বন্ধুত্ব, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো”।

ৰাছিয়াৰ কাজান চহৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাছিয়াৰ স্থানীয় নাগৰিকসকলেও হিন্দী ভাষাত জনালে আদৰণি(Prime Minister Modi in Kazan) । পিএমঅ’ইও ইয়াৰ বহুকেইখন ছবি X হেণ্ডেলত শ্বেয়াৰ কৰিছে ।

ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ৰাছিয়ান যুৱতীসকলে পৰিবেশন কৰা তেওঁলোকৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শনেও আপ্লুত কৰিলে মোডীক ।

একেধৰণে ৰাছিয়াৰ কাজান চহৰত ভাৰতীয় মূলৰ লোকসকলে প্ৰধানমন্ত্ৰী মোডীক হাত চাপৰি বজাই জনালে আদৰণি । তাৰোপৰি ৰাছিয়াত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলেও গীতেৰে প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী মোদীক স্বচক্ষে প্ৰত্যক্ষ কৰি উৎফুল্লিত এগৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে কলে, তেওঁ প্ৰধানমন্ত্ৰী মোডীক কাষৰ পৰা এবাৰ চাবলৈ বহুতেই আগ্ৰহী হৈ আছিল। মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত এক নতুন ধাৰাৰ সৃষ্টি হৈছে।

উল্লেখ্ যে, কাইলৈ প্ৰধানমন্ত্ৰী মোডীয়ে ভাগ ল’ব ব্ৰিকছ​সন্মিলনৰ কাৰ্যসূচীত ।এইবাৰৰ ব্ৰিকছ সন্মিলন ২০২৪ৰ কাৰ্যসূচীতসন্নিবিষ্ট বিষয়সমূহৰ ভিতৰত আছে অৰ্থনৈতিক সহযোগিতাৰ অধিক সম্প্ৰসাৰণ, ৰাষ্ট্ৰীয় মুদ্ৰাত বাণিজ্যিক নিষ্পত্তি, বহনক্ষম উন্নয়ন আদি(BRICS Summit agenda 2024) ।

দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ যাত্ৰা কৰাৰ পূৰ্বে প্ৰকাশ কৰা এক বিবৃটিযোগে উল্লেখ কৰিছিল যে ২০২৪ চনৰ জুলাই মাহত মস্কোত অনুষ্ঠিত হোৱা বাৰ্ষিক শীৰ্ষ সন্মিলনৰ ওপৰত নিৰ্ভৰ কৰি মোৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব। তাৰোপৰি ব্ৰিকছৰ আন নেতাসকলকো লগ পাবলৈ আগ্ৰহী বুলিও তেওঁ কয়।

লগতে পঢ়ক: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

Related Articles