Breaking

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰিলে মোদীয়ে

0 2,103

আজি শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্ৱোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰি মোদীয়ে অসমবাসীৰ মৰম আৰু আতিথ্যক প্ৰশংসা কৰে।

অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক ভোগালী বিহুৰ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনায়। সভাৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে সতী জয়মতীৰ ত্যাগকো।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, যোৱা কিছু বছৰত মই অসমৰ বিভিন্ন ঠাইলৈ গৈছো। উন্নয়নমূলক কামৰ লগতে তেওঁলোকৰ সমস্যাৰ সন্দৰ্ভত বহুলোকৰ সৈতে আলোচনা কৰিছো। যোৱা বছৰ ঐতিহাসিক বড়ো চুক্তি সম্পন্ন হোৱাৰ পিছত কোকৰাঝাৰলৈ গৈছিলো। অসমলৈ আহিলেই মই মনত এক অনন্য শান্তি লাভ কৰো।’

দেশ উন্নয়নৰ বাবে অসমৰ উন্নয়ন হোৱাতো অতি গুৰুত্বপূৰণ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে। অসমৰ শেহতীয়া উন্নয়নৰ লগতে অসমীয়া কলা-সংস্কৃতি তথা ভাষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যকালত অসমৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰো এক আভাস দাঙি ধৰে ।

Leave A Reply

Your email address will not be published.