PM Modi Big Warning: ‘ডিজিটেল এৰেষ্ট’ সন্দৰ্ভত সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে, দিলে ইয়াৰ পৰা হাত সৰাৰ উপায়

গুৱাহাটী, ২৭ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ‘মন কি বাত’(Mann Ki Baat) কাৰ্যসূচীত ‘ডিজিটেল এৰেষ্ট’ৰ বিষয়ে আলোচনা কৰি ইয়াক প্ৰৱঞ্চনামূলক কাৰ্যকলাপ বুলি অভিহিত কৰে(Prime Minister Narendra Modi expressed concern over digital arrest fraud)। তেওঁ জনসাধাৰণক সজাগ আৰু সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়(PM Modi Big Warning)। এই অপৰাধৰ লগত জড়িত লোকসকলক সমাজৰ শত্ৰু বুলি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আইনত ‘ডিজিটেল এৰেষ্ট’ৰ দৰে কোনো ব্যৱস্থা নাই। এয়া কেৱল প্ৰৱঞ্চনা, প্ৰতাৰণা, মিছা, অপৰাধীৰ দল। এইবোৰ মানুহ সমাজৰ শত্ৰু।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰযুক্তিগত অপৰাধক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা গোচৰৰ কথা উল্লেখ কৰি উদ্বেগ প্ৰকাশেৰে জনসাধাৰণক সতৰ্ক কৰি দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰোতা ৰাইজৰ আগত কয় যে এই জালিয়াতিৰ মোকাবিলা কৰিবলৈ বিভিন্ন তদন্তকাৰী সংস্থাই ৰাজ্য চৰকাৰসমূহৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে । তেওঁ কয় যে এই সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰ(National Cyber ​​Coordination Centre) স্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে প্ৰচেষ্টা শক্তিশালী কৰা আৰু নাগৰিকক এনে প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰা। ইয়াৰ দ্বাৰা ডিজিটেল ক্ষেত্ৰখনত জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰা হৈছে। ‘ডিজিটেল এৰেষ্ট’ প্ৰৱঞ্চনাৰ পৰা সাৱধান হ’ব। কোনো তদন্তকাৰী সংস্থাই কেতিয়াও আপোনাৰ সৈতে ফোন অথবা ভিডিঅ’ কলৰ জৰিয়তে সোধা-পোছাৰ বাবে যোগাযোগ নকৰে।

‘ডিজিটেল এৰেষ্ট’ কৰা প্ৰৱঞ্চকসকলে কেতিয়াবা আৰক্ষী, কেতিয়াবা চিবিআই, নাৰ্কটিকছ আৰু কেতিয়াবা আৰবিআইৰ দৰে বিভিন্ন লেবেল ব্যৱহাৰেৰে ভুৱা বিষয়া হৈ অতি আত্মবিশ্বাসেৰে কথা পাতে। প্ৰধানমন্ত্ৰী মোদীয়ে এটা অডিঅ’ বজাই জনসাধাৰণক সকীয়াই দিলে যে প্ৰৱঞ্চকৰ গেঙে কেনেদৰে কাম কৰে।

তেওঁ কয় যে এই প্ৰৱঞ্চনা বুজি পোৱাটো অতি প্ৰয়োজনীয়। শ্ৰোতা ৰাইজক প্ৰৱঞ্চকৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰৱঞ্চকৰ প্ৰথম পদক্ষেপ হ’ল আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰা। ইয়াত এনে প্ৰশ্ন সোধা হয় যে যোৱা মাহত আপুনি গোৱালৈ গৈছিল নহয়? তোমাৰ ছোৱালীজনীয়ে দিল্লীত পঢ়ে নহয়? তেওঁলোকে আপোনাৰ বিষয়ে ইমান তথ্য সংগ্ৰহ কৰে যে আপুনি আচৰিত হ’ব।

এনে প্ৰৱঞ্চকৰ দ্বিতীয় পদক্ষেপটো হ’ল, আপোনাৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰা। ইউনিফৰ্ম, চৰকাৰী কাৰ্যালয় ব্যৱস্থা, আইনী বিভাগৰ নাম উল্লেখ কৰি ফোনত ইমানেই ভয় খুৱাব যে আপুনি ভুল কৰি পেলাব। কথাৰ মাজতে আপুনি একো ভাবিব নোৱাৰিব আৰু তাৰ পিছত তেওঁলোকৰ তৃতীয় পদক্ষেপ আৰম্ভ হয়। ইয়াৰ অধীনত তেওঁলোকে আপোনাক সময়ৰ হেঁচাত পেলাব। আপোনাক কোৱা হ’ব যে এতিয়াই সিদ্ধান্ত ল’ব লাগিব নহ’লে গ্ৰেপ্তাৰ হ’ব। এই লোকসকলে ভুক্তভোগীৰ ওপৰত ইমানেই মানসিক চাপ দিয়ে যে, ব্যক্তিজনে ভয় খাই যায়।

প্ৰতিটো শ্ৰেণী আৰু বয়সৰ লোক ডিজিটেল এৰেষ্টৰ বলি হ’বলগাত পৰিছে। ভয়ৰ বাবে মানুহে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে উপাৰ্জন কৰা লাখ লাখ ধন হেৰুৱাইছে। যেতিয়াই আপোনালৈ এনেধৰণৰ ফোন আহিব, তেতিয়া আপুনি আতংকিত নহ’ব। আপুনি জনা উচিত যে কোনো তদন্তকাৰী সংস্থাই কেতিয়াও ফোন কল বা ভিডিঅ’ কলৰ জৰিয়তে এনেধৰণে জেৰা নকৰে।

এই সময়চোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল নিৰাপত্তাৰ বাবে তিনিটা পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে নিৰাপত্তা ব্যৱস্থাৰ প্ৰথম পদক্ষেপ হিচাপে থমকি ৰওক, দ্বিতীয় পদক্ষেপত চিন্তা কৰক আৰু তৃতীয় পদক্ষেপত ব্যৱস্থা গ্ৰহণ কৰক। তেওঁ বুজাই দিলে যে ফোন পোৱাৰ লগে লগে আতংকিত নহ’ব, শান্ত হৈ থাকক, খৰখেদাকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিব, আপোনাৰ ব্যক্তিগত তথ্য কাকো নিদিব। সম্ভৱ হ’লে এটা স্ক্ৰীণশ্বট লওক আৰু ইয়াক ৰেকৰ্ড কৰক।

তেওঁ লগতে ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইন ১৯৩০, বা cybercrime.gov.in, বা পৰিয়াল আৰু আৰক্ষীক অৱগত কৰা আৰু প্ৰমাণ সুৰক্ষিত ৰখাৰ কথাও উল্লেখ কৰে। সংস্থাসমূহে এনে হাজাৰ হাজাৰ ভুৱা ভিডিঅ’ কলিং আইডি ব্লক কৰিছে বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে লাখ লাখ চিম কাৰ্ড, মোবাইল ফোন আৰু বেংক একাউণ্টো ব্লক কৰা হৈছে। তেওঁ কয় যে সংস্থাসমূহে নিজৰ দ্বায়িত্ব পালন কৰি আছে, কিন্তু ডিজিটেল এৰেষ্টৰ নামত প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সকলোৱে সচেতন হোৱাটো যথেষ্ট প্ৰয়োজনীয়।

Related Articles