PM Modi to Visit Russia: ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্ৰণত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে, ব্ৰিকছ সন্মিলনত কৰিব অংশগ্ৰহণ

নতুন দিল্লী, ১৮ অক্টোবৰ: অহা ২২-২৩ অক্টোবৰত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi to Visit Russia)। লগতে ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ১৬ সংখ্যক ব্ৰিকছ সন্মিলন(16th BRICS Summit)ত মোডীয়ে অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে সন্মিলনৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতাৰ লগতে অন্যান্য আমন্ত্ৰিতসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব। উল্লেখ্য যে এইবছৰত প্ৰধানমন্ত্ৰী মোডীৰ এইটো হৈছে দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ।

এই সন্মিলনৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৯ লৈ সম্প্ৰসাৰণ হোৱাৰ পিছত এইখন হৈছে ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন শীৰ্ষ সন্মিলন। ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ সময়ত ইজিপ্ত, ইথিঅ’পিয়া, ইৰাণ আৰু ইউ এ ইয়ে এই গোটত যোগদান কৰাৰ বিপৰীতে চৌদি আৰব আৰু আৰ্জেণ্টিনাকো আমন্ত্ৰণ জনোৱা হৈছিল। যদিও চৰকাৰ সলনি হোৱাৰ পিছত আৰ্জেণ্টিনাই সন্মিলনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে, ইফালে ছৌদি আৰবে এই ক্ষেত্ৰত বৰ্তমানেও কোনো সঁহাৰি দিয়া নাই।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণত ২২-২৩ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ ৰাছিয়াৰ অধ্যক্ষতাত কাজানত আয়োজিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘ন্যায়সংগত বিশ্ব উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা’। এই অনুষ্ঠানে নেতাসকলৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব( Global development)।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ব্ৰিকছৰ সদস্য দেশৰ সমকক্ষ আৰু কাজানলৈ আমন্ত্ৰিত নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠক আৰু আলোচনাত মিলিত হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সহকাৰী ইউৰি উছাকোভৰ মতে, কাজানত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত ২৪খন দেশৰ নেতা আৰু মুঠ ৩২খন দেশৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবেই এই সন্মিলন ৰাছিয়াৰ ইতিহাসত এতিয়ালৈকে অনুষ্ঠিত হোৱা বৈদেশিক নীতিৰ এক সৰ্ববৃহৎ অনুষ্ঠান হিচাপে পৰিণত হ’ব(Russia foreign policy)।

Related Articles