Breaking

ছেপ্টেম্বৰত আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, প্ৰবাসী ভাৰতীয়ৰ সন্মিলনত ভাষণ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে…

0 14

৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে মোদীৰ আমেৰিকাৰ ভ্ৰমণ, য’ত ট্ৰাম্প আৰু ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছৰ মাজত শীৰ্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে। কমলা হেৰিছ হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু এটা ডাঙৰ ৰাজনৈতিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱা কৃষ্ণাংগ আৰু ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা। অহা মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চ পৰ্যায়ৰ অধিৱেশনৰ বাবে আমেৰিকা ভ্ৰমণ কৰিব মোদীয়ে। ইয়াত প্ৰবাসী ভাৰতীয়ৰ এক কাৰ্যসূচী সম্বোধন কৰিব। ২২ ছেপ্টেম্বৰত লং আইলেণ্ডৰ নাছাউ কলিজিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।


অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে নিজৰ প্ৰতিবেদন দাখিল কৰিব, তাৰ পিছত সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনৰ সভাপতিয়ে ভাষণ দিব। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰীমোদীয়ে শেষবাৰৰ বাবে ইউএনজিএৰ বাৰ্ষিক উচ্চ পৰ্যায়ৰ অধিৱেশনত ভাষণ দিছিল। যোৱা বছৰৰ ২১ জুনত তেওঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিছিল। ৰাষ্ট্ৰপতি বাইডেনৰ আয়োজনত ৰাজ্যিক ভ্ৰমণৰ বাবে ৱাশ্বিংটন ডি চিলৈ যোৱাৰ পূৰ্বে তেওঁ বিশ্ব সংস্থাটোৰ মুখ্য কাৰ্যালয়ৰ নৰ্থ লনত অনুষ্ঠিত ঐতিহাসিক যোগ দিৱস অনুষ্ঠানৰ নেতৃত্ব দিয়ে। আনহাতে ২০১৯ চনত টেক্সাছৰ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত ‘হাউডি মোডী’ অনুষ্ঠানত মোদীয়ে ভাষণ দিছিল, য’ত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও অংশগ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.