আমেৰিকাত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আজিৰে পৰা আৰম্ভ হ’ব তেওঁৰ কাৰ্যসূচী।(PM Narendra Modi) ব্লেয়াৰ হাউছৰ বাহিৰত প্ৰবাসী ভাৰতীয়ই প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সমবেত হয় আৰু প্ৰচণ্ড ঠাণ্ডাৰ মাজতো “মোডী, মোডী”ৰ ধ্বনি দি ৰাইজে উল্লাস কৰি ভাৰতীয় পতাকা উৰুৱালে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ উষ্ম আদৰণিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। মানুহে ভাৰত আৰু আমেৰিকাৰ পতাকা আৰু ‘আমেৰিকাই নৰেন্দ্ৰ মোডীক আদৰণি জনাইছে’ বুলি লিখা পোষ্টাৰ লৈ প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণক লৈ মোদী, মোদী ধ্বনি দিয়ে।(America)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে (স্থানীয় সময়) ৱাশ্বিংটন ডি চিত উপস্থিত হয় আনুষ্ঠানিক কৰ্ম ভ্ৰমণৰ বাবে যিয়ে ভাৰত আৰু আমেৰিকাৰ মাজত ব্যাপক বিশ্ব কৌশলগত অংশীদাৰিত্বৰ এক নতুন অধ্যায় আৰম্ভ কৰিব। বুধবাৰে পুৱা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘প্ৰচণ্ড শীতত উষ্ম আদৰণি! ঠাণ্ডা বতৰৰ মাজতো ৱাশ্বিংটন ডি চিৰ ভাৰতীয় প্ৰবাসীসকলে মোক অতি বিশেষ আদৰণি জনাইছে। তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিছো। দুদিনীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, আমেৰিকাৰ কেবিনেটৰ সদস্য আৰু উদ্যোগৰ গুৰুত্বপূৰ্ণ নেতাসকলক সাক্ষাৎ কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, ‘ৱাশ্বিংটনৰ ডিচিত আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডক সাক্ষাৎ। ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে, তেওঁ সদায় সমৰ্থক হৈ আহিছে।