Breaking

পকচ’ আদালতৰ ঐতিহাসিক ৰায়ধৰ্ষণকাৰীক ২০ বছৰ কাৰাদণ্ডৰ লগতে বিশ হাজাৰ টকা জৰিমনা

0 13


গোৱালপাৰা জিলা সত্র ন্যায়াধীশ জিতু বৰ্মনৰ আদালত তথা বিশেষ পকচ’ আদালতে
আজি গোৱালপাৰা আদালতৰ বিশেষ পকচো আদালতে এক ঐতিহাসিক ৰায়যোগে ময়নাল হক নামৰ এজন নাবালিকা ধৰ্ষণকাৰীক বিশ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে বিশ হাজাৰ টকাৰ জৰিমনা বিহে।


ধৰ্ষণকাৰী ময়নাল হকৰ চুবুৰীয়াৰ ৮ বছৰীয়া নাবালিকা এগৰাকী যেতিয়া তেওঁৰ ঘৰত খেলিবলৈ আহিছিল তেতিয়া মানৱ ৰূপী দানৱ তথা নৰপিশাছ ময়নাল হকে নাবালিকা গৰাকীৰ গুপ্তাংগত আঙুলি শুমোৱাই দিয়াৰ দৰে বৰ্বৰ কাণ্ড সংঘটিত কৰে।

পৰৱৰ্তী সময়ত নাবালীকা গৰাকীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত ২০২১ চনৰ ২ আগষ্ট তাৰিখে ধূপধাৰা থানাত এক গোচৰ ৰুজু কৰে।


এই সন্দৰ্ভত ধূপধাৰা থানাই ৫৮/২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে।
আৰক্ষীয়ে তদন্ত কৰি ২০২১ চনতেই চার্জশ্বীট দাখিল কৰে। ইপিনে,গোচৰটো সন্দৰ্ভত প্রয়োজনীয় সাক্ষ্য গ্রহণৰ পিছত আজি জিলা সত্র ন্যায়াধীশ তথা বিশেষ পকচ’ আদালতৰ ন্যায়াধীশ জিতুমণি বর্মনে ময়নাল হকক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ


পকচ’ আইনৰ আৰ-ডব্লিউ ৬নং ধাৰাত দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে বিশ হাজাৰ টকা জৰিমনা বিহে আৰু জৰিমনা আদায় নিদিলে অতিৰিক্তভাৱে ৪ মাহৰ বাবে কাৰাবাসৰ নিৰ্দেশ দিয়ে বুলি চৰকাৰী পক্ষৰ অধিবক্তা সঞ্জয় শর্মাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.