Breaking

অসম গ্ৰন্থমেলাত কবি, সাংবাদিক কমল কুমাৰৰ কাব্যগ্ৰন্থ ‘আই লাভ ইউ’ৰ শুভ উন্মোচন ! ১১ গৰাকী সাহিত্যিকলৈ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান…

0 55

অসম গ্ৰন্থমেলাত কবি, সাংবাদিক কমল কুমাৰৰ কাব্যগ্ৰন্থ ‘আই লাভ ইউ’ৰ শুভ উন্মোচন

মামণি ৰয়ছম গোস্বামীৰ নামত চৰকাৰে বঁটা প্ৰদান কৰক

১১ জন সাহিত্যিকলৈ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান

মামণি ৰয়ছম গোস্বামীৰ নামত চৰকাৰে এটা বঁটা প্ৰদান কৰা উচিত। এই বঁটাই বহু নৱপ্ৰজন্মক লেখা মেলা কৰিবলৈ প্ৰেৰণা দিব।’ – এই ভাষ্য বিশিষ্ট কবি, উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যৰ। ‘প্ৰথম খবৰ’ৰ উদ্যোগত আজি গুৱাহাটী চানমাৰিৰ অসম গ্ৰন্থমেলাৰ বাকৰিৰ নীলমণি ফুকন সোঁৱৰণী সভাগৃহত হোৱা সাহিত্যৰ বৰ্ণিল মধুময় অনুষ্ঠানত কবি, সাংবাদিক কমল কুমাৰৰ তৃতীয়খন কাব্যগ্ৰন্থ ‘আই লাভ ইউ’ৰ উন্মোচন কৰি তেওঁ এইদৰে কয়। গ্ৰন্থখন উন্মোচন কৰি ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই ভাষণ প্ৰসংগত লগতে কয়, কবি কমল কুমাৰে “আই লাভ ইউ” কাব্যগ্ৰন্থখনৰ প্ৰতিটো কবিতাৰ শব্দ বিন্যাস, সৃজনীশীলতা, ভাৱাদৰ্শ আৰু প্ৰকাশভংগীৰ অন্য ৰূপ দিছে। এই কাব্যগ্ৰন্থখন নৱপ্ৰজন্মৰ মাজত বহুলভাৱে চৰ্চিত হ’ব বুলি মন্তব্য কৰে।

এই অনুষ্ঠানত বৰষা কাশ্যপৰ কাব্যগ্ৰন্থ ‘বৰষাৰ নিনাদ’ আৰু চুমী ৰহমানৰ ‘স্বপ্নাৱেশ’ (দ্বিতীয় সংস্কৰণ) গ্ৰন্থখন দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকা, সাহিত্য অকাদেমি যুৱ বঁটা প্ৰাপক জিন্তু গীতাৰ্থ, ‘জোনাক’ আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, অসমীয়া প্ৰতিদিন কাকতৰ মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক গণেশ দত্ত, লেখক, শিক্ষক চন্দ্ৰপ্ৰসাদ শইকীয়া, অৱসৰী কৃতী শিক্ষয়িত্ৰী নিৰদা দেৱী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উমি ডেকা বৰুৱা, বিতুপন দাসৰ সহযোগত উন্মোচন কৰে কবি, উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই। শিল্পী প্ৰিয়ংকা মেধিয়ে গীত পৰিৱেশন কৰা এই অনুষ্ঠানত সাহিত্যিক ক্ৰমে- বাক্সা জিলাৰ লেখক, শিক্ষক মাণিক চন্দ্ৰ দাস, কামৰূপ জিলাৰ লেখক, শিক্ষক উজ্জ্বল ডেকা, দৰং জিলাৰ লেখক গোবিন্দ হাজৰিকা, শিৱসাগৰ জিলাৰ লেখিকা, শিক্ষয়িত্ৰী নম্ৰতা দেৱী, তিনিচুকীয়া জিলাৰ লেখক শুক্লেশ্বৰ নাথ, বাক্সা জিলাৰ গৌতম ৰাভা, কামৰূপ মহানগৰৰ লেখিকা স্বপ্না দাস, চুমী ৰহমান, ড° ৰ’জলিনা কলিতা, চুলতানা নাজিয়া ৰহমান, নিৰজ বাছফৰলৈ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান কৰা হয়।

আনহাতে সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষভাৱে বৰঙণি আগবঢ়াই অহা বৰপেটা জিলাৰ সাংস্কৃতিক কৰ্মী তথা বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদলৈ প্ৰদান কৰা হয় বিশেষ সাংস্কৃতিক বঁটা। বন্তি প্ৰজ্বলনেনে অনুষ্ঠানৰ শুভাৰম্ভ কৰে শ্ৰীশ্ৰী কুমাৰপাৰা ৰাজহুৱা নামঘৰৰ মুখ্য সেৱক সনাতন দাস বাপে সাংবাদিক ডিম্পী ভৰালীয়ে আঁত ধৰা এই সভাত ডাঃ সৌৰভ বৰুৱা,সাংবাদিক দৰ্শনা বৰুৱা, নিৰঞ্জন শইকীয়া, জিতুমণি দাস, গগণাষ্টম, প্ৰিয়ম্বকা বৰা, প্ৰীতি দাস গুপ্তা, ৰাজীৱ শৰ্মা, জেবিন চুলতানা, হৰেকৃষ্ণ হালৈ,

দ্বীজেন দাস, পল্লৱ মহন্ত, জুনমণি, চয়নিকা দত্ত, ৰুবুল দাস, পাহি কাশ্যপ, দ্বীপজ্যোতি ডেকা, ত্ৰিদীপ ডেকা, সুমন বৰদলৈ, দীপাংকৰ বৰুৱা, স্বৰ্গজ্যোতি চেতিয়া, আহমেদ আলী, ড৹ প্ৰদীপ ডেকা, দ্বীজেন দাস আদিক সম্বৰ্ধনা জনায়। প্ৰায় দুই শতাধিক কাব্যানুৰাগী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত কবি কমল কুমাৰে ‘আই লাভ গ্ৰন্থ’খন সমূহ ৰুচিবান পাঠকে নিসন্দেহে আদৰি ল’ব পাৰিব বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.