গুৱাহাটী, ১৩ ডিচেম্বৰঃ অসমৰ সাহিত্য জগতৰ বাবে এক দুখৰ খবৰ৷ ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি মীৰা ঠাকুৰ(Poet Mira Thakur) আৰু নাই৷
বৃহস্পতিবাৰৰ নিশা প্ৰায় ১০-৩০ বজাত মহানগৰীৰ নেম কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কবি ঠাকুৰে৷(Assam) অসমৰ সকলো আগশাৰীৰ কাকত-আলোচনীত অনন্য শৈলীৰ কবিতাৰে পাঠকৰ হিয়া জুৰ পেলোৱা মীৰা ঠাকুৰ কিছুদিন ধৰি অসুস্থ হৈ আছিল৷(Dainandin Barta)
কবিতাৰ জডড়িয়তে অসমীয়া কাব্য-সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই গৈছে মীৰা ঠাকুৰে৷ মীৰা ঠাকুৰ লেখিকা সংস্থাকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।
মীৰা ঠাকুৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোক স্তব্ধ হৈ পৰে ৰাজ্যৰ সাহিত্যানুৰাগীসকল৷ গুণমুগ্ধৰ উপস্থিতিত শুকুৰবাৰে নৱগ্ৰহ শ্মশানত বিশিষ্ট কবিগৰাকীৰ নশ্বৰ দেহৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷