Breaking

নগাঁৱত কবি নৱকান্ত বৰুৱাৰ মৃত্যু দিৱসত “দলঙত কবিতা”…

0 20

নগাঁও চহৰস্থিত ৰত্নকান্ত বৰকাকতি দলঙৰ ওপৰত আজি বিয়লি “দলঙত কবিতা” শীৰ্ষক এটি কবিতা পাঠৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । কবি-লেখক নবীন কলিতাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই প্ৰয়াত কবি নৱকান্ত বৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াই কলঙৰ বুকুত পুষ্পাঞ্জলি অৰ্পণ কৰে।

কবি-ভাস্কৰ্যশিল্পী প্ৰয়াত পুলকানন্দ কৌশিকৰ সহধৰ্মিনী বন্দনা গোস্বামীয়ে ইয়াৰ পিছতে স্বামীৰ এটি কবিতা পাঠ কৰি কবিতা পাঠ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত কবি-লেখক ক্ৰমে চন্দ্ৰ শইকীয়া, অনিল শৰ্মা, অঞ্জনা গোস্বামী, কাৰুণ্য ভট্টাচাৰ্য্য, বিচিত্ৰ নাৰায়ণ বৰা, গুণদা গোস্বামী, উজ্জ্বল জ্যোতি দাস, কুমাৰ বিভূতি, দীপিকা বৰা,

কবিতা দাস, জয়ন্তী বৰা, বেলা মোদী, লিলি সন্দিকৈ, বিপুল কুমাৰ মজিন্দাৰ, শেৱালি বৰুৱা প্রমুখ্যে একুৰিৰো অধিক কবিয়ে অনুষ্ঠানটি সজীৱ কৰি তোলে । অনুষ্ঠানটিত প্ৰয়াত কবিগৰাকীলৈ সন্মান জনাই দুটি কবিতা আবৃত্তি কৰে পূৰবী শইকীয়া আৰু নিৰ্মালি বৰাই । গীত পৰিবেশন কৰে ক্ৰমে প্ৰফুল্ল বৰা, কুমকুম বৰুৱা আৰু উজ্জ্বল জ্যোতি দাসে । কবি নৱকান্ত বৰুৱাৰ সাহিত্য কৃতি আৰু কলঙৰ ওপৰত চমু বক্তব্য আগবঢ়াই শিক্ষাবিদ পৱন বৰা আৰু সাহিত্য সংগঠক দুলাল বৰাই । অনুষ্ঠানত কণমানি দস্মিতা বৰাইও কবিতা পাঠ কৰে।

Leave A Reply

Your email address will not be published.