Breaking

কবি পাপু বৰা কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ উন্মোচন ।

0 901

উজনি-মাজুলীঃ মাজুলীৰ যুৱ কবি-সাংবাদিক, সাহিত্য-সংগঠক পাপু বৰাৰ নৱতম কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ আজি গড়মূৰ প্ৰেছ ক্লাবত আনুস্থানিকভাৱে উন্মোচন কৰে জেষ্ঠ  সাংবাদিক তথা গড়মূৰ প্ৰেছ ক্লাবৰ সভাপতি অৰুণ বৰাই | আজি দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত সভাখন উদ্বোধন কৰে গড়মূৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন দত্তই | ৰঙাচাহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্য সংগঠক ৰামসাগৰ নাথে সভাপতিত্ব কৰা সভাখন আঁতধৰি উদ্দেশ্য ব্যাখ্যা কৰে মাজুলীৰ অন্যতম কলা-সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীৰ সহকাৰী সম্পাদক তথা সাহিত্য সংগঠক শংকুসিদ্ধ নাথে | উদ্দেশ্য ব্যাখ্যা প্ৰসংগত নাথে কয় পলস আৰু ত্রিহৃদয় গোষ্ঠীৰ উদ্যোগত মাজুলীৰ জনপ্ৰিয় কবি পাপু বৰাৰ নৱতম কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ উন্মোচনৰে কাব্যজগতক চহকী কৰাই এই সভাৰ লক্ষ্য | অনুষ্ঠানৰ লগত সংগতি ৰাখি মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগনক ত্রিহৃদয় আৰু পলসৰ তৰফৰ পৰা এখনি চেলেং, ফুলাম গামোচা আৰু জাপিৰে বিপুল সম্বৰ্ধনা জনোৱাৰ পিছতে মুখ্য অতিথিৰ বক্তব্য প্ৰদান কৰে মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা পৰিৱেশবিদ ড০ ৰাজেন বৰাই | ভাষণ প্ৰসংগত তেওঁ কয় কাব্যজগতখনত অবিৰতভাৱে সেৱা আগবঢ়াই থকা পাপু বৰা কেৱল এক প্ৰতিভা নহয়, তেওঁ যুৱপ্ৰজন্মৰ প্ৰেৰণা আৰু বৰ্ণিল প্ৰতিশ্ৰুতি | পকাজৰা গাঁও পঞ্চায়তৰ সভাপতি অনন্ত নাটেই বিশিষ্ট অতিথি হিচাপে বক্তব্য প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত মাজুলীৰ প্ৰথমটো পৰম সুহৃদ হিতৈষী পৰিয়ালৰ সদস্যা তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনুপ্ৰভা দেৱী, মাজুলী জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক মহিম চন্দ্ৰ নাথ, কবি পাপু বৰাৰ পিতৃ ডিম্ব বৰা, ভোলাৰাম বৰদলৈ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দিগন্ত শইকীয়া, কবি লক্ষীপ্ৰসাদ ৰেগন, যতীন মুদৈ, সীমান্ত বৰা, শ্যামন্ত পায়েং, নিৰু বৰা, মাধৱ বৰা, ভৱানী শইকীয়া নাথ প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি উপস্থিত থাকি সাৰুৱা মন্তব্যৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে | বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ শশীকান্ত শইকীয়াই শুভেচ্ছামূলক ভ্ৰাম্যভাষিক বক্তব্য আগবঢ়োৱা অনুস্থানটিত কণমাণি শিল্পী বৃষ্টি বৰা, সুস্মিতা বৰা আৰু ৰৃষিতা গোস্বামীৰ গীত পৰিৱেশনে অনুস্থানটিক এক অনন্য মাদকতা প্ৰদান কৰে |

Leave A Reply

Your email address will not be published.