নাজিৰা ,প্ৰতিবেদক :- শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰৰ প্ৰভাতীপুৰৰ নিবাসী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, শিশু সাহিত্যিক – কবি ফুল চাংমাই গগৈলৈ আগবঢ়োৱা হয় সমাজসেৱিকা কুশলতা শইকীয়া সোঁৱৰণী ২০২১ বৰ্ষৰ “দিখৌ পাৰৰ সাহিত্য বঁটা”। শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত শিমলুগুৰি শাখা সাহিত্য সভাই চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এই বঁটা প্ৰতিবছৰে বৃহত্তৰ শিমলুগুৰি অঞ্চলৰ সমাজ, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা লোকৰ ভিতৰত প্ৰথমবাৰৰ বাবে বঁটা প্ৰাপক ফুল চাংমাই গগৈক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বটা প্ৰদান কৰা হয়৷শিমলুগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত শিমলুগুৰি আছুৰ শ্বহীদ ভৱনত ১৪ নৱেম্বৰত শিশু দিৱস উদযাপনৰ লগতে দিখৌপাৰৰ সাহিত্য বঁটা প্ৰদানৰ লগত সংগতি ৰাখি অনুস্থিত এক অনুষ্ঠানত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি – বিশিষ্ট সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁই,জিলা সাহিত্য সভাৰ উপ সভাপতি ড° প্ৰশান্ত চুতীয়া,সম্পাদক সন্তোষ দত্ত ,শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাৰ লগতে ভালেকেইজন গণ্য মান্য ব্যক্তি,লেখক কবি সাহিত্যিক উপস্থিত থাকে৷ কবি,শিক্ষয়িত্ৰী তথা শিমলুগুৰি শাখা সাহিত্য সভাৰ সভানেত্ৰী কৃষ্ণা শইকীয়া আৰু সংবাদকৰ্মী জয়ন্ত বৰুৱাই আঁত ধৰা অনুষ্ঠানত কেইবাগৰাকী শিল্পী , কবিয়ে গীত পৰিবেশন আৰু কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে৷উল্লেখ্য যে দিখৌপাৰৰ বঁটা লাভ কৰা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ফুল চাংমাইয়ে শিশুসকলৰ উপযোগীকৈ কেইবাখনো শিশু গ্ৰন্থ প্ৰকাশ কৰে। “ইৰাণৰ সাধু শুনো আহা, ইণ্ডোনেছিয়াৰ সাধু, নেপালৰ সাধু, থাইলেণ্ডৰ সাধু, চাওতালীৰ সাধু, ইয়ো এক গল্প (দেশ বিদেশৰ জনশ্ৰুতিমূলক গল্প), শিৱসাগৰ জিলাৰ আহোম যুগৰ স্হাপত্য, অসম ইতিহাসৰ ত্যাগী পুৰুষসকল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহাসিক ৰমণীসকল” আদিকে ধৰি কুৰিখনৰো অধিক শিশু গ্ৰন্থ ৰচনা কৰা ফুল চাংমাই গগৈয়ে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে বৰ্তমানেও ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। ১৪ নৱেম্বৰৰ শিশু দিৱসৰ দিনাই শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় ‘শ্বহীদ ভৱন’ ত আয়োজিত এক অনুষ্ঠানত এখন প্ৰশষ্টি প্ৰত্ৰ, এটা স্মাৰক, চেলেং চাদৰ, গামোছা আৰু গ্ৰন্থৰ টোপোলাৰে এই বঁটা প্ৰদান কৰা হয়।৷