Poisonous Food And Cancer: বজাৰৰ বিষাক্ত খাদ্যই বৃদ্ধি কৰিছে কেন্সাৰ ৰোগীৰ সংখ্যা

শাৰীৰিক স্বাস্থ্য সন্তুলিত কৰি ৰাখিবলৈ চিকিৎসক আৰু স্বাস্থ্য বিজ্ঞানীসকলে ৰেডিমেড, জাংক ফুড, সংসাধিত, গুৰুপাকী খাদ্যৰ পৰিৱৰ্তে ঘৰুৱাভাৱে তৈয়াৰী আহাৰৰ লগতে শাক-পাচলি আৰু ফলমূল বেছিকৈ খাবলৈ পৰামৰ্শ দিয়ে(Poisonous Food And Cancer)।আজিকালি স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে বাবেই অধিক চৰ্বি আৰু কেলৰিযুক্ত খাদ্য বহু লোকে এৰাই চলিবলৈ লৈছে আৰু তাৰ পৰিৱৰ্তে বেছিকৈ খাবলৈ লৈছে শাক-পাচলি আৰু ফলমূল। অৱশ্যে এই শাক-পাচলি আৰু ফলমূলৰ বাবে সমাজৰ নব্বৈ শতাংশৰো অধিক লোকেই নিৰ্ভৰ কৰিব লগা হয় বজাৰৰ ওপৰত(Rapid Alert System)।

শাক-পাচলিৰ উৎপাদনৰ ক্ষেত্ৰখন সামগ্ৰিকভাৱে অশিক্ষিত, অৰ্ধশিক্ষিত আৰু অপ্ৰশিক্ষিত কৃষকসকলৰ হাততেই আছে যিসকলে উৎপাদনৰ বাবে নীতি-নিৰ্দেশনা নমনাকৈ প্ৰচুৰ পৰিমাণে প্ৰয়োগ কৰে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য। সৰহভাগ সাধাৰণ আৰু মধ্যবিত্তৰ বাবে এই ৰসায়ন যুক্ত শাক-পাচলিয়েই এতিয়া নিয়মীয়া খাদ্য। আনহাতে, কল, আপেল, কমলা, আম, অমিতা, মাটি কঠাল আদি ফলমূলৰ বাবেও মূলতঃ নিৰ্ভৰ কৰিব লগা হয় বজাৰৰ ওপৰত।

বজাৰৰ পৰা ৰঙচুৱা, হালধীয়া, চিকচিকীয়া ফলমূল আমি কিনি আনো যদিও সেই ফলমূল কিমান নিৰাপদ ভাবি চাবলগীয়া। সাধাৰণতে ফলবিলাক পকে পূৰঠ অৱস্থাত ফলৰ ভিতৰত উৎপত্তি হোৱা ইথিলিন নামৰ জৈৱ ৰাসায়নিক হৰমনৰ প্ৰভাৱত(Food Safety)। প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা ইথিলিন প্ৰাকৃতিক হৰমন হোৱাৰ ফলত এনে ফলৰ দ্বাৰা ভোক্তাসকলৰ কোনো স্বাস্থ্যৰ বিপদ নহয়। কিন্তু, আজিকালি বজাৰত উপলব্ধ সৰহভাগ ফলমূলেই মূলতঃ পকোৱা হয় কৃত্ৰিমভাৱে ইথিলিন প্ৰয়োগ কৰি।

ইয়াৰ বাবে ফল-মূলৰ ব্যৱসায়ীসকলে সাধাৰণতে ব্যৱহাৰ কৰে কেলচিয়াম কাৰ্বাইড। কেলচিয়াম কাৰ্বাইড হৈছে এবিধ সাধাৰণভাৱে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য যি ফলৰ ৰং তাৎক্ষণিকভাৱে ৰঙীণ কৰি তোলে। পানীৰ সৈতে মিহলি হ’লে কেলচিয়াম কাৰ্বাইডে এচিটাইলিন নামৰ ইথিলিনৰ সমধৰ্মী গেছ মুকলি কৰে যি ফলৰ দ্বাৰা উৎপন্ন হোৱা প্ৰাকৃতিক হৰমন ইথিলিনৰ সৈতে একে ধৰণৰ প্ৰভাৱ পেলায় আৰু ফলবোৰ দেখাত প্ৰকাৰ দৰে হৈ পৰে।

কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে বিপজ্জনক। ইয়াৰ ফলত মূৰৰ বিষ, মূৰ ঘূৰোৱা, স্মৃতিশক্তি হ্ৰাস আৰু ছিজাৰৰ দৰে স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। গৰ্ভৱতী মহিলাসকল এইক্ষেত্ৰত বিশেষভাৱে সাৱধান হোৱা উচিত। কেলচিয়াম কাৰ্বাইড ক্ষাৰীয় উপাদান আৰু পাকস্থলীৰ বেৰৰ শ্লেষ্মা কলাত ই জ্বলা-পোৰা কৰিব পাৰে, শ্লেষ্মা কোষকলা ক্ষতিগ্ৰস্ত কৰে আৰু অন্ত্ৰৰ নিয়মীয়া কাৰ্যত ব্যাঘাত জন্মায়।

কেলচিয়াম কাৰ্বাইডযুক্ত ফলত আৰ্চেনিক আৰু ফছফৰাছৰ অৱশিষ্ট থাকিব পাৰে যাৰ ফলত গুৰুতৰ স্বাস্থ্য সমস্যা হ’ব পাৰে। ইয়াৰ ভিতৰত আছে মূৰ ঘূৰোৱা, সঘনাই পিয়াহ লগা, জ্বলা-পোৰা, দুৰ্বলতা, গিলিবলৈ অসুবিধা, বমি আৰু ছালৰ আলচাৰ। অধ্যয়ন অনুসৰি, কেলচিয়াম কাৰ্বাইডে দীঘলীয়া হাইপোক্সিয়া (অক্সিজেনৰ মাত্ৰা কম হোৱা অৱস্থা) সৃষ্টি কৰি স্নায়ৱিক প্ৰণালীকো প্ৰভাৱিত কৰিব পাৰে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) কৃত্ৰিমভাৱে ফল পকাবলৈ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ নিষিদ্ধ কৰিছে।


এতিয়া স্বাভাৱিকতে প্ৰশ্ন হ’ব যে বজাৰৰ পৰা কিনি অনা ফল-মূলৰ পৰা কেলচিয়াম কাৰ্বাইড সৃষ্ট বিষাক্ত দ্ৰব্য দূৰ কৰাৰ বাবে কিবা উপায় আছে নেকি? দূৰ্ভাগ্যজনকভাৱে তেনেকুৱা কোনো চমু আৰু সহজ উপায় নাই। ২ শতাংশ ছডিয়াম কাৰ্বনেট দ্ৰৱণত ১২ ঘণ্টাৰ বাবে ফলসমূহ ডুবাই ৰাখিলে কেলচিয়াম কাৰ্বাইডৰ দ্বাৰা পকোৱা ফলৰ পৰা আৰ্চেনিক আদি অৱশিষ্ট আঁতৰ কৰিব পাৰি, কিন্তু ঘৰুৱা জীৱনত ব্যৱহাৰিকভাৱে এনে কৰাটো সম্ভৱ নহয়।


আমি বজাৰৰ পৰা কিনি অনা ফলমূল, বিলাহী, অমিতা আদি স্বাভাৱিকভাৱে পকানে অথবা কোনো ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পকোৱা হৈছে তাক জানিবৰ বাবে কিবা উপায় আছেনে- এইটোও এটা বহুতৰে প্ৰশ্ন। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ খাদ্য বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মুৰব্বীৰ নেতৃত্বত গৱেষকৰ এটা দলে কৈছিল যে তেওঁলোকে কৃত্ৰিমভাৱে পকোৱা ফল চিনাক্ত কৰিবলৈ এটা সৰল, দ্ৰুত আৰু ব্যয়সাধ্য পদ্ধতি বিকশিত কৰিছে। তেওঁলোকে গৱেষণাৰ দ্বাৰা প্ৰস্তুত কৰিছে এটা বিশেষ ধৰণৰ দ্ৰৱ।

ইয়াক কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি ফলবোৰ পকোৱা হৈছিল নে নাই প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। প্ৰথমতে এই দ্ৰৱটোৰে সন্দেহযুক্ত ফলমূলৰ এটা বা একাধিক ফল ধুব লাগে আৰু ধোৱা দ্ৰৱটোৰ এক অংশ সমপৰিমাণৰ পানীৰ সৈতে মিহলি কৰিব লাগে। যদি ফলবোৰ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা হৈছিল, তেতিয়া ফল ধোৱা দ্ৰৱটো পানীৰ সৈতে মিহলি কৰিলে দ্ৰৱটোৰ ৰং সলনি হৈ পৰে। ইউৰোপীয়ান ইউনিয়নে ১৯৯১ চনৰ পৰাই খাদ্য বা ফল-মূলত ফুমিগেণ্ট বা গেছীয় দ্ৰাৱক হিচাপে ইথিলিনৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।


কেৱল ফলমূলতে নহয়, আমাৰ দেশত অন্যান্য খাদ্য সামগ্ৰীতো স্বাস্থ্য বিৰোধী, আনকি কেন্সাৰ কাৰক দ্ৰব্য সংৰক্ষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়। ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৫২৭ বিধ ভাৰতীয় খাদ্য সামগ্ৰীত কৰ্কটৰ বাহকৰ উপস্থিতি ধৰা পৰিছে। ইউৰোপীয় সংঘই প্ৰকাশ কৰা মতে, ভাৰতীয় মূলৰ ৫২৭ বিধ খাদ্য সামগ্ৰীৰ ভিতৰত অতি জনপ্ৰিয় স্পাইচ ব্ৰেণ্ড এম ডি এইচ আৰু এভাৰেষ্ট মচলাও আছে।

ভাৰতীয় খাদ্য সামগ্ৰীত ইথিলিন অক্সাইড নামৰ ৰাসায়নিক পদাৰ্থ আছে যাৰ পৰিমাণ অনুমতিপ্ৰাপ্ত পৰ্যায়তকৈ অধিক। হংকং আৰু ছিংগাপুৰত ভাৰতীয় খাদ্যকেইবিধ নিষিদ্ধ কৰাৰ পাছত ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই ভাৰতীয় খাদ্য সামগ্ৰী সন্দৰ্ভত সূক্ষ্ম নিৰীক্ষণ আৰু পৰ্যবেক্ষণ চলায়। এই নিৰীক্ষণতে খাদ্য সামগ্ৰীত কৰ্কটৰ কাৰক ৰাসায়নিকৰ উপস্থিতি ধৰা পৰে। উল্লেখ্য, ২০২৪ৰ ৫ এপ্ৰিলত চেণ্টাৰ ফৰ ফুড ছেফ্‌টী অৱ দ্য গভৰ্ণমেণ্ট অৱ হংকং স্পেচিয়েল এডমিনিষ্ট্ৰেটিভ ৰিজনে ভাৰতীয় খাদ্য সামগ্ৰী এম ডি এইচ গ্ৰুপৰ তিনিটা মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি ধৰা পেলায়। এমডিএইচ গ্ৰুপৰ এই তিনিটা খাদ্য সামগ্ৰী হৈছে মাদ্ৰাজ কাৰী পাউডাৰ, চম্ভাৰ মচলা পাউডাৰ আৰু কাৰী পাউডাৰ।

ভাৰতীয় খাদ্যত হানিকাৰক ৰাসায়নিক পদাৰ্থ লাভ কৰাৰ পিছতে ইউৰোপীয় সংঘই ভাৰতৰ পৰা আমদানিকৃত খাদ্য-সামগ্ৰীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। মন কৰিবলগীয়া যে ইউৰোপীয় সংঘত খাদ্যত ইথিলিন অক্সাইড ব্যৱহাৰ কৰাত অনুমতি নাই। এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় খাদ্যত ইথিলিন অক্সাইডৰ ব্যৱহাৰ তেওঁলোকৰ বাবে বিপজ্জনক হৈ পৰিছে। ইউৰোপীয় সংঘই ধৰা পেলোৱা ৫২৭বিধ ভাৰতীয় খাদ্য-সামগ্ৰীৰ ভিতৰত ৩৩২বিধ প্ৰত্যক্ষভাৱে ভাৰতৰ পৰা আমদানি কৰা হয়।

বাকীখিনি বেলেগ দেশৰ পৰা আমদানি হৈ আছে। ইউৰোপীয় সংঘৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই বিভিন্ন খাদ্য সামগ্ৰীৰ পৰীক্ষণ ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈ কৰিছে। এই সময়ছোৱাত ইউৰোপীয় সংঘই ৩১৩বিধ বাদামজাতীয় আৰু তিলজাতীয়, ৬০বিধ ঔষধি আৰু মচলাযুক্ত, ৪৮বিধ ডায়েবেটিছ ৰোগীৰ খাদ্য আৰু ৩৪বিধ অন্যান্য ধৰণৰ খাদ্যৰ পৰীক্ষণ কৰে। এই পৰীক্ষণৰ সময়ত অধিকাংশ খাদ্য সামগ্ৰীতে ইথিলিন অক্সাইড ধৰা পৰে। ইথিলিন অক্সাইডক গ্ৰুপ ‘এ’ কাৰ্চিনোজেন বা কেন্সাৰ কাৰকৰ শাৰীত অন্তৰ্ভুক্ত কৰিছে ইণ্টাৰনেচনেল এজেঞ্চী ফৰ ৰিছাৰ্ছ অন কেন্সাৰে।

এই কাৰ্চিনোজেন মানৱ শৰীৰত প্ৰৱেশ কৰিলে কৰ্কটৰ কাৰক হৈ পৰে। ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই ভাৰতীয় খাদ্য সামগ্ৰীত কৰ্কটৰ কাৰক ৰাসায়নিক ধৰা পেলোৱাৰ পিছত এই উদ্বিগ্নতাৰ বিষয়টোক লৈ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ ল’ব ফুড ছেফ্‌টি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটী অৱ ইণ্ডিয়া, চমুকৈ ‘এফ এছ এছ এ আই’য়ে। ইউৰোপীয় সংঘৰ তথ্যৰ আধাৰত এফ এছ এছ এ আয়ে ভাৰতীয় ৰপ্তানিকৃত উল্লিখিত খাদ্য সামগ্ৰীসমূহৰ পৰীক্ষণ চলাব।


লিম্ফ’মা (লসিকা গ্ৰন্থিৰ কেন্সাৰ) আৰু লিউকেমিয়া (ব্লাড কেন্সাৰ)জাতীয় কৰ্কট ৰোগ সাধাৰণতে ইথিলিন অক্সাইডৰ দীঘলীয়া সময়ৰ ব্যৱহাৰৰ বাবে হ’ব পাৰে। পাকস্থলী আৰু মহিলা বা পুৰুষৰ স্তনৰ কৰ্কট ৰোগো ইথিলিন অক্সাইডৰ দীঘলীয়া বিষক্ৰিয়াৰ বাবে হোৱাৰ আশংকা থাকে বুলি ৰাষ্ট্ৰীয় কেন্সাৰ প্ৰতিষ্ঠানে প্ৰতিবেদন দিছে। বৃত্তিগত সুৰক্ষা আৰু স্বাস্থ্যৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (National Institute for Occupational Safety and Health- NISOH) প্ৰতিবেদন অনুসৰি ০.১ পি পি এম মাত্ৰাৰ ইথিলিন অক্সাইডৰ পৰিৱেশত দৈনিক ৮ ঘণ্টা অথবা ৫.০ পি পি এম মাত্ৰাৰ পৰিৱেশত দৈনিক ১০ মিনিট সময় থাকিলেই ইথিলিন অক্সাইডৰ বিষক্ৰিয়াত যিকোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে। NISOHয়েও ইথিলিন অক্সাইডক শক্তিশালী কেন্সাৰ কাৰক হিচাপে সাব্যস্ত কৰিছে।

এক প্ৰতিবেদন মতে ইথিলিন অক্সাইডে ১৩ বিধ বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ শৰীৰত কোষৰ উৎপৰিৱৰ্তন আৰু ক্ৰম’জমৰ ধ্বংস ক্ৰিয়া সাধন কৰিব পাৰে। কোষৰ ডি এন এৰ পৰিৱৰ্তনতো ইথিলিন অক্সাইডৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। জনন আৰু প্ৰজনন জাতীয় বিষক্ৰিয়া ঘটোৱাৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা চিহ্নিত হৈছে।

পুৰুষ-মহিলা উভয়ৰ ক্ষেত্ৰতে ইথিলিন অক্সাইডে অনুৰ্বৰতা আৰু সন্তানহীনতাৰ অৱস্থা সৃষ্টি কৰিব পাৰে। গেছ হিচাপে বিদ্যমান ইথিলিন অক্সাইডে ভেঁকুৰ, ইষ্ট, বেক্টেৰিয়া আদিবোৰ বিনাশ কৰি খাদ্য বীজাণুমুক্ত কৰে যাৰ ফলত খাদ্যৰ জীৱন কাল বৃদ্ধি হয়। এইবিধ দ্ৰব্যই এলকেলাইন এজেণ্ট হিচাপে কাম কৰে আৰু খাদ্যৰ গুদামত ইয়াক ফুমিগেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। শুকান ফল, কণী, শুকান ইষ্ট, খাদ্যশস্য, মচলা আদিতো ইয়াৰ প্ৰয়োগ হয়।

সম্ভৱতঃ এই দ্ৰব্যই পতংগনাশক হিচাপেও কাম কৰে। পতংগনাশক আৰু খাদ্য-সামগ্ৰীৰ সংৰক্ষণৰ বাবে ৪০ বছৰৰো অধিক কাল ধৰি ইথিলিন অক্সাইড ভাৰতত ব্যৱহাৰ কৰা হৈছে। ছেপ্টেম্বৰ ২০২০ত প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা আমদানি কৰা তিলৰ নমুনাত ইথিলিন অক্সাইডৰ অগ্ৰহণযোগ্য স্তৰ ইউৰোপীয়ান ইউনিয়নে ধৰা পেলাইছিল।

২০২০ চনৰ শেষলৈ তিলৰ লগতে অন্যান্য খাদ্যৰ পৰাও ইথিলিন অক্সাইড থকা সামগ্ৰী সম্পৰ্কিত ৩০০ৰো অধিক সতৰ্কবাণী ইউৰোপীয়ান ইউনিয়নৰ Rapid Alert System for Food and Feedৰ প্ৰতিবেদনত দাখিল কৰা হৈছিল।

লেখক: ডাঃ প্ৰবীণ কুমাৰ নেওগ (Dr. Praveen Kumar Neog)

Related Articles