বিগত সময়চোৱাত বাক্সা জিলাৰ বিভিন্ন ঠাইত আৰক্ষীৰ অভিযানত জব্দ কৰা ড্ৰাগছ, গাঞ্জাকে আদি কৰি প্ৰায় ৩২ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিক ভাৱে দাহ কৰা হয়। এই উপলক্ষে আজি জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ সমীপৰ দিৰিং নৈৰ দাঁতিত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণই, আৰক্ষী অধীক্ষক ৰাজেন সিং, সদৰ মহকুমাধিপতি গীতাশ্ৰী লাচিত, উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা উপস্থিত থাকে ৷ পিছত জিলা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অচ্যুতানন্দ শইকীয়াৰ উপস্থিতিত বাক্সা জিলা আৰক্ষীয়ে জব্দ কৰা নিচা জাতীয় সামগ্ৰী সমূহ দাহ কৰি ধ্বংস কৰি দিয়া হয়। জিলাখনৰ গোৰেশ্বৰ আৰক্ষী থানাৰ ২ টা, তামুলপুৰ আৰক্ষী থানাৰ ৮ টা, বৰমা আৰক্ষী থানাৰ ২ টা, মুছলপুৰ আৰক্ষী থানাৰ ১ টা, শালবাৰী আৰক্ষী থানাৰ ১ টা, শিমলা আৰক্ষী থানাৰ ৩ টা আৰু গোৱৰ্ধনা আৰক্ষী থানাৰ ৪ টা তথা সৰ্বমুঠ ২১ পঞ্জীয়ণভূক্ত গোচৰৰ ভিত্তিত জব্দ হোৱা নিচাজাতীয় সামগ্ৰীসমূহ দাহ কৰা হয় ৷ আজিৰ এই দাহন কাৰ্যসূচীত প্ৰায় ৩৪ কিলোগ্ৰাম গাঞ্জা, ৬ গ্ৰাম ব্ৰাউন চুগাৰ, ১০ গ্ৰাম হেৰ’ইন, ৩৫৩ গ্ৰাম অ’পিয়াম আৰু ১৯৬৮ টা নিচাজাতীয় টেবলেট দাহ কৰে ৷ দাহন কৰা সামগ্ৰী খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩২ হাজাৰ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷