Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেচ ফৰ মাৰ্কচ কেলেংকাৰীক লৈ আৰক্ষী-CIDৰ তদন্ত : ৯ অভিযুক্তক গ্ৰেপ্তাৰ

0 26

গুৱাহাটী,৩০ জুনঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেচ ফৰ মাৰ্কচ কেলেংকাৰীক লৈ এটা অভিযুক্তক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্তটো জাভেদ আখতাৰ বুলি জানিব পৰা যায় । উল্লেখ্য যে ইতিপূৰ্বে ৮ অভিযুক্তক গ্ৰেপ্তাৰৰ পিচত আৰক্ষীয়ে আন এটা অভিযুক্তক দৰং জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে শনিবাৰে গ্ৰেপ্তাৰ কৰা জাভেদ আখতাৰক নিশাই বৰপেটাৰ হাউলী থানাত জেৰা অব্যাহত ৰাখে ।

ইফালে ধনৰ বিনিময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত নম্বৰ আপলোড কৰা কেলেংকাৰীটোৰ সৈতে জড়িত মুলঅভিযুক্তক্ৰমে কলগাছিয়া আমগুৰিৰ আলোমগীৰ খান, কলগাছিয়াৰ মইনুল হক, নগাওঁ জিলাৰ হামেজউদ্দিন, বৰপেটাৰ লাংলা মহাবিদ্যালয়ৰ অমীনুল ইছলাম আৰু লাংলাং গাঁৱৰ আবুল বাচেৰ, ধুবুৰী আইন মহাবিদ্যালয়ৰ শিৱতোস মাহাতো, বিহাৰৰ কৃষ্ণানন কৃষ্ণমূৰ্তি ,বৰপেটাৰ কলগাছিয়াৰ ইছমাইল হুছেইন বুলি সূত্ৰত প্ৰকাশ। আৰক্ষী CID ৰ অভিযানকাৰী দলটোৱে এই পৰ্যন্ত কেলেংকাৰীটোৰ সৈতে জড়িত ৯ অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply