Breaking

Online trading : অনলাইন ট্ৰেডিঙৰ লুণ্ঠনকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ! আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক স্বপ্ননীল দাস…

310

Online trading গুৱাহাটীত ট্ৰেডিং প্ৰৱঞ্চকক আটক প্ৰসংগ । অভিযুক্ত স্বপ্ননীল দাসৰ নামত আছিল ‘ব্লেকষ্টোন’ নামৰ এটা চেয়াৰ বিনিয়োগ প্ৰতিষ্ঠান । দিছপুৰৰ চুপাৰ মাৰ্কেটত অৱস্থিত ‘ব্লেকষ্টোন’ নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো ২০১৬ বৰ্ষতে RBI, SEBI অনুমোদন অবিহনেই স্বপ্ননীলে স্থাপন কৰিছিল ‘ব্লেকষ্টোন’। general fraudster Swapnanil Das in the police net

২০২৩ বৰ্ষলৈ সম্পূৰ্ণ সক্ৰিয় হৈ আছিল স্বপ্ননীলৰ ভুৱা ষ্ট’ক মাৰ্কেটৰ প্ৰতিষ্ঠান ‘ব্লেকষ্টোন’। বিগত এবছৰে কোটি টকা চেয়াৰ মাৰ্কেটত হঠাৎ অন্তৰ্ধান হৈ পৰিছিল স্বপ্ননীলৰ ‘ব্লেকষ্টোন’। দিছপুৰ থানাত স্বপ্ননীলৰ বিৰুদ্ধে এগৰাকী বিনিয়োগকাৰীয়ে ৰুজু কৰিছিল গোচৰ । An investor filed a case against Swapnil at Dispur police station

১৭ লাখ টকাৰ প্ৰৱঞ্চনাৰ গোচৰটোত দিছপুৰ আৰক্ষীয়ে ৱাইল্ডৰ পৰা পুৱতি নিশা আটক কৰিছিল স্বপ্ননীলক । ‘ব্লেকষ্টোন’ত গুৱাহাটীৰ একাংশ ব্যৱসায়ী, ঠিকাদাৰে লৈছিল চেয়াৰ । এই লোকসকলে সেই চেয়াৰৰ অংশত বিনিয়োগ কৰিছিল ক’লা ধন । কেইবাগৰাকীও প্ৰভাৱশালী ব্যৱসায়ী তথা ৰাজনৈতিক নেতাও জড়িত থকাৰ সন্দেহ আৰক্ষীৰ । Police crackdown against looters of online trading

একে সময়তে মহানগৰ আৰক্ষীৰ নিশা দ্বিতীয়টো অভিযান । ভুৱা বিত্তীয় লেনদেনৰ অভিযোগত অভিযুক্ত প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ গুৱাহাটীস্থিত ফ্লেটতো অভিযান । ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযান চলিছিল কৰিঅ’গ্ৰাফাৰ চুমিৰ ফ্লেটত ।

অভিযানৰ উমান পাই মোবাইল ফোন অ’ফ কৰি হঠাৎ অন্তৰ্ধান চুমি বৰা । ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হোৱা মূল মহা প্ৰৱঞ্চক বিশাল ফুকনৰ ঘনিষ্ঠ আছিল চুমি বৰা । দিছপুৰ আৰক্ষীয়ে শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা বিত্তীয় প্ৰৱঞ্চক স্বপ্ননীল আৰু চুমিক । মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত চলি আছে সমগ্ৰ অভিযান।

লগতে পঢ়ক : অসমৰ প্ৰথম গৰাকী মহিলা চেইলৰ নিশামণিক জন্মভূমি সৰুপথাৰত উষ্ম আদৰণি…

Comments are closed.