Breaking

সুশৃংখলিত সমাজ এখন গঢ়ি তোলাৰ দিশত আৰক্ষীৰ এক গুৰুদায়িত্ব আছেঃ মুখ্যমন্ত্ৰী

12

অসম আৰক্ষীত নতুন নতুন বিষয়া, কনিষ্টবল, জোৱান, নতুন বেটেলিয়ন গঢ়ি তোলাৰ ফলত নতুন তেজেৰে সমাহিত আৰক্ষী বাহিনী এটা জনসাধাৰণে দেখিবলৈ পাইছে। অপৰাধীৰ ক্ষেত্ৰত আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’ব লাগে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।(The police have an important responsibility to build an orderly society)

দিছপুৰ, গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত থানাৰ নাগৰিক সমিতিসমূহৰ সন্মিলনত অংশগ্ৰহণ কৰে৷ সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সামাজিক জীৱন শান্তি আৰু শৃংখলাবদ্ধ কৰি ৰাখিবলৈ আৰক্ষীৰ বিশেষ প্ৰযোজনীয়তা আছে আৰু আৰক্ষীবিহীনভাৱে এখন শৃংখলিত সমাজ কল্পনা কৰিব পৰা নাযায়৷ (The police have an important responsibility to build an orderly society)

তেওঁ লগতে কয় যে বহু সময়ত আৰক্ষীক সমালোচনা কৰা হয় যদিও শান্তি স্থাপনৰ বাবে জনসাধাৰণে প্ৰথমে আৰক্ষীৰ সৈতে যোগাযোগ কৰে৷ সুশৃংখলিত সমাজ এখন গঢ়ি তোলাৰ দিশত আৰক্ষীৰ এক গুৰুদায়িত্ব আছে৷ আৰক্ষী বুলি ক’লে সাধাৰণ মানুহৰ মনলৈ আৰক্ষী থানা আৰু আৰক্ষী চকীৰ চিত্ৰ এখনে ভাঁহি আহে বুলিও মন্তব্য কৰি তেওঁ কয় যে আৰক্ষীৰ চৰিত্ৰ, দায়িত্ব আৰু ভূমিকা ৰাইজে থানাৰ জৰিয়তে চাব বিচাৰে আৰু থানাখনৰ জৰিয়তে আৰক্ষীৰ মানদণ্ড তুলনা কৰিব বিচাৰে৷

মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ তিনিমাহৰ ভিতৰতে তেওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই বৈঠকত আৰক্ষীক কিদৰে আগুৱাই নিয়া হ’ব সেই সন্দৰ্ভত বহু কথা আলোচনা কৰা হৈছিল৷ তেওঁ কয় যে যোৱা তিনিটা বছৰত অসম আৰক্ষীৰ বহু পৰিৱৰ্তন সাধন হ’ল৷ অসম আৰক্ষীত নতুন নতুন বিষয়া, কনিষ্টবল, জোৱান, নতুন বেটেলিয়ন গঢ়ি তোলা হৈছে আৰু নতুন তেজেৰে সমাহিত আৰক্ষী বাহিনী এটা জনসাধাৰণে দেখিবলৈ পাইছে৷ তেওঁ লগতে কয় যে আৰক্ষী অধীক্ষকসকলক বহু ক্ষমতা হস্তান্তৰ কৰা হৈছে৷ যোৱা তিনিটা বছৰত আৰক্ষীয়ে নিজৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰিছে আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণৰ পিছত আজি অসমত অপৰাধৰ সংখ্যাও নিৰন্তৰ কমা বা কমিবলৈ ধৰা দেখিবলৈ পোৱা গৈছে৷ অপৰাধৰ সংখ্যা কমাৰ লগে লগে অভিযোগনামা সময়মতে দিয়াৰ বাবে পদক্ষেপ লোৱাটো সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ফৰেন্সিকৰ ব্যৱস্থা লাহে লাহে শক্তিশালী কৰি তোলা হৈছে৷ ফৰেন্সিক প্ৰমাণৰ ক্ষেত্ৰতো তিনিমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাটো সম্ভৱ হৈ উঠিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আদালতৰ অনুমতি সাপেক্ষে সৰু সৰু গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ পাছত আদালতত অভিযুক্ত কৰাৰ হাৰ বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে ফৌজদাৰী আইন ব্যৱস্থাটো অধিক শক্তিশালী হৈ উঠিছে৷

অহা ছমাহৰ ভিতৰত ফৌজদাৰী আইন ব্যৱস্থা পৰিৱৰ্তন হোৱাৰ পথত আগবাঢ়িছে৷ প্ৰতি ছমাহত অনুষ্ঠিত কৰা আৰক্ষী অধীক্ষক সন্মিলনত বহু বিষয় আলোচনা হোৱাৰ পিছত জনসাধাৰণৰ অভিযোগ দ্ৰুতগতিত হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে৷ ভাৰতীয় ন্যায় সংহিতা অহাৰ পিছত ইয়াৰ বিভিন্ন ধাৰাই আৰক্ষীক দিয়া অধিকাৰ আৰু ন্যায়ালয়ৰ কৰ্তব্য এই দুয়োটাৰ ওপৰতে ব্যাপক পৰিৱৰ্তন হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষী দায়িত্ব হৈছে অপৰাধমূলক ন্যায়ৰ প্ৰশাসন প্ৰদান আৰু আনটো হৈছে ৰাইজৰ সেৱা৷ অসম আৰক্ষীয়ে অপৰাধ অনুসন্ধানৰ বাবে যিমান কাম কৰে তাতকৈ বেছি ৰাইজক সেৱা আগবঢ়ায়৷ সময়মতে থানাত জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শীঘ্ৰে ৰাজ্য চৰকাৰে এক নিৰ্দেশনা প্ৰদান কৰিব৷ যাতে যিকোনো ৰাজপত্ৰিত বিষয়াই ইনকুৱেষ্ট কৰিব পাৰিব৷ ইয়াৰ ফলত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলে অসম অসামৰিক সেৱাৰ বিষয়ালৈ অপেক্ষা কৰিব নালাগে আৰু প্ৰয়োজনীয় প্ৰমাণপত্ৰ প্ৰদান কৰাটো সহজ হৈ পৰিব৷ যি বিষয়সমূহ আদালতৰ মজিয়ালৈ যাব লাগে তেনে ক্ষেত্ৰতহে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰয়োজন৷ বনৰীয়া হাতীয়ে আক্ৰমণ কৰা ঘটনাসমূহৰ ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰতিবেদনৰ প্ৰয়োজনীয়তা নাথাকে৷

মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন উৎসৱ পাৰ্বনৰ বাবে ভিন্ন আপত্তিবিহীন প্ৰমাণপত্ৰৰ প্ৰয়োজন৷ আৰক্ষীয়ে সময়মতে এনে প্ৰমাণপত্ৰ দিলে জনসাধাৰণে সুখী অনুভৱ কৰে বুলিও তেওঁ মন্তব্য কৰে৷ অসম আৰক্ষীৰ সেৱাসেতু প’ৰ্টেল আৰম্ভ হোৱাৰ পিছত আজিৰ দিনলৈকে ৰ লাখ ৯১ হাজাৰ ৪০৮টা সেৱা ৰাইজক দিবলৈ সক্ষম হৈেছ৷ আৰক্ষীয়ে যাতে সময়মতে সেৱা আগবঢ়াব পাৰে তাৰ বাবে নাগৰিক সমিতিসমূহে কাম কৰিব লাগিব৷ অপৰাধ অনুসন্ধান, অভিযোগনামা দাখিল আদি বিষয়সমূহ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ ওপৰত নিৰ্ভৰশীল৷ নাগৰিক সমিতিৰ ইয়াত কোনো দায়িত্ব নাথাকে৷ থানা সমিতিসমূহৰ মুখ্যত দায়িত্ব হ’ল য’ত অপৰাধৰ কথা নাই আৰক্ষীৰ সহযোগত সময়মতে ৰাইজৰ সেৱা আগবঢ়োৱাৰ লগতে নাগৰিক সমিতিসমূহে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু নাগৰিকৰ মাজত, নাগৰিক আৰু থানাৰ মাজত এটা সুন্দৰ সম্পৰ্ক ৰক্ষা কৰিব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ অপৰাধমূলক কাৰ্য যাতে সংঘটিত নহয় তাৰ বাবে জনসচেতনতা সৃষ্টিৰ দায়িত্ব নাগৰিক সমিতিসমূহৰ৷

শিশু সৰৱৰাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰো দায়িত্ব আছে বুলি তেওঁ মন্তব্য কৰে৷ ফৌজাদাৰী গোচৰৰ বাহিৰত বহুখিনি কাম কৰাৰ প্ৰযোজনীয়তাৰ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা তিনিটা দশকজুৰি অসমখনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি থাকিব লগা হৈছে৷ সন্ত্ৰাসবাদী কাৰ্যকলাপ কিছু কমি যোৱাৰ লগে লগে থানাসমূহক নাগৰিকক সেৱা আগবঢ়োৱা কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচৰা হৈছে৷ আৰক্ষী এনে এটা চাকৰি যদি কৰ্তব্য কৰিব লাগে জ্জ্ব ঘণ্টা আচলতে আৰক্ষীসকলে কাম কৰে ২৪ ঘণ্টা৷ ২৪ ঘণ্টা এজন মানুহে যেতিয়া নিৰন্তৰভাৱে কাম কৰাৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি হোৱাটো স্বাভাৱিক৷ থানা সমিতিৰ সভাত যেতিয়া আমি আৰক্ষীসকলৰ লগত অলপ সময়ৰ কাৰণে তেওঁলোকৰ লগত আৰক্ষী, চোৰ-ডকাইতৰ কথা বাদ দি বেলেগ আলোচনা কৰা হয় তেতিয়া আৰক্ষীসকলৰ মাজত মানসিক সন্তুলন অটুট থকাৰ লগতে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ ইয়াৰ উপৰি থানা সমিতিসমূহৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰা থানাসমূহত বৃক্ষ ৰোপণ, স্থানীয় বিধায়ক, সাংসদসকলৰ লগত যোগাযোগ কৰি থানাসমূহৰ সৰু সৰু আন্তঃগাঁথনি উন্নয়নৰ হকে কাম কৰিবলৈও থানা সমিতিসমূহে আগভাগ ল’ব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ থানাসমূহৰ পৰা অৱসৰ লোৱা আৰক্ষীসকলক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি মানুহৰ মাজত মনোবল বৃদ্ধি কৰাৰ লগতে পৰীক্ষাত ভাল ফলাফল দেখুওৱা আৰক্ষীসকলৰ সন্তানসকলক সম্বৰ্ধনা জনাবলৈ থানা সমিতিসমূহক মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়৷ এই সৰু সৰু কামসমূহে আৰক্ষীক সহায় কৰিব আৰু আৰক্ষীজনৰ যেতিয়া মনোবল বাঢ়িব তেতিয়া সেই অঞ্চলত শান্তি শৃংখলা ৰক্ষাৰ বাবে তেওঁ নিজকে আকৌ এবাৰ আত্ম উৎসৰ্গীত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ আভ্যন্তৰত যেতিয়া এটা ইতিবাচক বাতাবৰণৰ সৃষ্টি কৰিব পৰা যায় তেতিয়াহে সমাজত পৰিৱৰ্তন সম্ভৱ বুলি তেওঁ কয় যে পৰিৱৰ্তন লাহে লাহে হয় আৰু সেয়া স্থায়ীৰূপত ৰৈ যায়৷ যোৱা তিনিটা বছৰত ৰাজ্য চৰকাৰে কৰি অহা নিৰন্তৰ প্ৰচেষ্টাত আৰক্ষী বিভাগত বহু সলনি হৈছে৷ সমাজৰ পৰিৱৰ্তন চৰকাৰে অকলে কৰিব নোৱাৰে৷ পৰিৱৰ্তনৰ বাবে ৰাইজৰ সহায় সহযোগিতা নিতান্তই প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে৷ থানা কমিতিৰ সভাপতিসকলক চৰকাৰৰ লগতে অসম আৰক্ষীৰ মানৱীয় দিশতো প্ৰতিম্বিত কৰা আৰু নাগৰিসকলৰ সেৱাসমূহ খৰতকীয়াকৈ দিয়া আৰু অসম আৰক্ষীক সমাজ পৰিৱৰ্তনৰ এক মাধ্যম হিচাপে গঢ়ি তোলাৰ বাবে নাগৰিক সমিতি সভাপতিসকলক নিযুক্তি প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ থানা সমিতিসমূহৰ জৰিয়তে এটা সৰ্বাংগ সুন্দৰ ব্যৱস্থা গঢ়ি তুলিবলৈ থানা সমিতিসমূহৰ সভাপতিসকলক নিযুক্তি দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ পূৰ্ণাংগ থানা সমিতিসমূহ গঠন হোৱাৰ পিছত ২ অক্টোবৰৰ আবেলি থানা সমিতিৰ বৈঠক হ’ব আৰু সেইখন হ’ব উদ্বোধনী সভা৷ সেই দিনটোৰ পৰা সভাপতি আৰু সদস্যসকলে দায়িত্ব গ্ৰহণ কৰিব৷ থানা সমিতিৰ সভাপতিসকলে প্ৰতি মাহতে প্ত হাজাৰ টকাকৈ সন্মান নিধি লাভ কৰিব৷

বেচৰকাৰী সদস্যসকলে সভালৈ অহাৰ বাবে ২৫০ টকাকৈ মাননী লাভ কৰিব৷ এই বৈঠক বছৰত চাৰিখনকৈহে অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ কয়৷ জনসাধাৰণৰ সেৱাৰ লগত সম্পৰ্কিত সকলো বিষয় নাগৰিক সমিতিৰ সভাপতিগৰাকীয়ে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰিব পাৰিব৷ ছমাহে ছমাহে আৰক্ষী অধীক্ষকসকলে থানা সমিতিৰ সভাপতিসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব লাগিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে থানা সমিতিৰ হাতপুথি এখন প্ৰস্তুত কৰিবলৈ অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে আহ৩ান জনায়৷ নাগৰিকসকলৰ অধিকাৰ হিচাপে নাগৰিক সমিতিসমূহ গঠন কৰা হৈছে৷ এই সমিতিসমূহে ৰাইজক প্ৰতিনিধিত্ব কৰিব লাগিব৷ অহা ২ অক্টোবৰৰ পৰা নাগৰিক সমিতিৰ জৰিয়তে আৰক্ষী থানা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে কাম কৰা হ’ব৷ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক নাগৰিক সমিতিৰ সভাপতিক উপযুক্ত সন্মান প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড॰ শৰ্মাই গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসৰ দিনা থানাৰ সন্মুখত উত্তোলন কৰা পতাকাখন নাগৰিক সমিতিৰ সভাপতিয়ে উত্তোলন কৰাৰ ব্যৱস্থা ল’বলৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক তেওঁ আহ৩ান জনায়৷ ড॰ শৰ্মাই কয় যে দক্ষ আৰক্ষী হোৱাৰ বাবে ব্যৱহাৰৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই৷ অপৰাধীৰ ক্ষেত্ৰত আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’ব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ লগতে কয় যে অক্টোবৰৰ মাজভাগত দেৰগাঁওত আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব আৰু এই বৈঠকত নাগৰিক সমিতিৰ কাম-কাজসমূহ সঠিকভাৱে উপস্থাপন কৰিবলৈ কয়৷

নাগৰিক সমিতিসকলৰ কাম-কাজ সূচাৰুৰূপে কৰাৰ বাবে অহা বছৰৰ পৰা পুঁজি যোগান ধৰা হ’ব বুলিও তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত মুখ্য সচিব ড॰ ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় কুমাৰ তিৱাৰী, গৃহ সচিব বিশ্বজিৎ পেগু, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিং, আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত প্ৰমুখ্যে শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে৷

Comments are closed.