Police Raid in Pub: পাবত চলি আছিল অশ্লীল নৃত্য, এই সময়তে চলিল আৰক্ষীৰ অভিযান; আটক ৪০ যুৱতী সহিতে ১০০ৰো অধিক লোক

হায়দৰাবাদ, ২০ অক্টোবৰ: তেলেংগানাৰ হায়দৰাবাদৰ এটা আভিজাত অঞ্চল বাঞ্জাৰা হিলছৰ এখন পাবত ‘অবৈধ কাৰ্যকলাপ’ত লিপ্ত থকাৰ অভিযোগত ৪০ গৰাকী যুৱতীকে ধৰি ১৪০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Police Raid in Pub) । দেওবাৰে এই তথ্য অৱগত কৰিলে হায়দৰাবাদ আৰক্ষীয়ে ।

হায়দৰাবাদ আৰক্ষীয়ে এক বিবৃতিত উল্লেখ কৰে যে, শুকুৰবাৰে আৰক্ষীৰ এটা দলে বাঞ্জাৰা হিলছত অৱস্থিত টি অ’ এছ পাবত অভিযান চলাই অশ্লীল নৃত্যৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰাৰ অভিযোগত ১৪০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে(Hyderabad pub raid) । ইতিমধ্যে পাবখন ছীল কৰি দিয়াৰ লগতে এই অসামাজিক কাৰ্যৰ লগত জড়িত ২০জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে(Hyderabad police arrests)। উল্লেখ্য যে, ইয়াৰে আধা সংখ্যক মহিলা।

মহানগৰখনৰ এগৰাকী সহকাৰী আৰক্ষী আয়ুক্ত (ACP) ই সংবাদ মাধ্যমক জনোৱা অনুসৰি, শুকুৰবাৰে নিশা বাঞ্জাৰা হিলছৰ ৩ নং পথত অৱস্থিত এখন পাবত অভিযান চলাই পাবখনত অবৈধ কাৰ্যত লিপ্ত হোৱাৰ অপৰাধত ১০০ জন পুৰুষ আৰু ৪০ গৰাকী মহিলাক আৰক্ষীয়ে আটক কৰে(Pub raid in Banjara Hills)। ইতিমধ্যে এই পাবখন ছীল কৰি দিয়া হৈছে ।”

সহকাৰী আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে, “বিভিন্ন ধাৰাত গোচৰ পঞ্জীয়ন কৰাসকলৰ ভিতৰত বাউঞ্চাৰ, ডিজে অপাৰেটৰ আদিৰ লগতে আছে পাবখনৰ মালিক।” জানিব পৰা অনুসৰি, অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা ধাৰাসমূহৰ ভিতৰত আছে ৪২০ (অসৎ উপায়েৰে সামগ্ৰীৰ ডেলিভাৰী), ২৯০ (ৰাজহুৱা উপদ্ৰৱ) আৰু ২৯৪ (অশ্লীল কাৰ্য আৰু সংগীত)।

ইণ্ডিয়া টুডেত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি , পাবখনত অশ্লীল নৃত্য প্ৰদৰ্শনৰ অভিযোগৰ বাবেই আৰক্ষীৰ দ্বাৰা এই অভিযান চলোৱা হৈছিল। পাবখনৰ গৰাকীয়ে পুৰুষ গ্ৰাহকসলক আকৰ্ষণ কৰি অধিক মুনাফা লাভৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা একাংশ মহিলাক আনি অশ্লীল নৃত্য প্ৰদৰ্শনৰ বাবে নিয়োগ কৰিছিল বুলি অভিযোগ উঠিছিল ।

প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে অভিযানৰ পূৰ্বে পাবখনত চলি অহা অবৈধ কাৰ্যকলাপ নিৰিক্ষণৰ বাবে প্ৰথমে চোৰাংচোৱা নিয়োগ কৰা হৈছিল । চোৰাংচোৱাৰ পৰা অবৈধ কাৰ্যকলাপৰ তথ্য নিশ্চিত হোৱাৰ পিছতে আৰক্ষীৰ দ্বাৰা এই অভিযান চলোৱা হৈছিল। উল্লেখ্য যে যোৱাটো মাহতো তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পাঁচখনকৈ প্ৰতিষ্ঠিত পাবত আৰক্ষীৰ দ্বাৰা অভিযান চলোৱা হৈছিল(Illegal activities in Hyderabad pubs)।

লগতে পঢ়ক: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?

Related Articles