Breaking

ৰঙিয়াৰ অন্যতম ড্ৰাগছ সৰবৰাহকাৰী ৰাজা, গাগাৰ ঘৰত আৰক্ষীৰ অভিযান।উদ্ধাৰ ড্ৰাগছ সহ ব্ৰাউন চুগাৰ

0 558

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত প্ৰতিদিনেই আটক কৰিবলৈ সক্ষম হৈছে শতাধিক ড্ৰাগছ সৰবৰাহকাৰী। ইয়াৰ মাজতেই ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰা অন্যতম ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আৰু গাগাক বিছাৰি শনিবাৰে নিশা অভিযান চলাই অপৰাধী দুজনৰ ঘৰৰ পৰা ৫.৪० গ্ৰাম ব্ৰাউন চুগাৰ,১৩.००গ্ৰাম সন্দেহজনক মৰফিন( ড্ৰাগছ) ড্ৰাগছৰ কন্টেইনাৰ, চিৰিঞ্জ ইত্যাদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা নিচাজাতীয় সামগ্ৰীসমূহৰ বজাৰ মূল্য প্ৰায় ৫० হাজাৰ টকা হʼব বুলি জনাই ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে।  নিশা আৰক্ষী অহাৰ উমান পাই এই অপৰাধী দুজন পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে জাহনাৰা বেগম আৰু ভাতৃ মিন্টু আলীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই ৰাজা আৰু গাগা দুই ভাতৃ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে প্ৰতিজন ধৃত ড্ৰাগছ আসক্তই ৰাজা আৰু গাগাৰ পৰা এই মাৰাত্মক ড্ৰাগছ ক্ৰয় কৰা বুলি আৰক্ষী তথা ৰাইজৰ আগত স্বীকাৰ কৰি আহিছে। আনহাতে শনিবাৰে দিনৰ ভাগতো ৰঙিয়াৰ নিকটৱৰ্তী তুলসীবাৰীৰ বিশ্বজিৎ দে আৰু আঙ্কুশ দাস নামৰ দুজন  অতি কম বয়সীয়া ড্ৰাগছ আসক্ত যুৱকক চিৰিঞ্জ আৰু কন্টেইনাৰ সহ আটক কৰি আৰক্ষীক চমজাই দিছিল ইয়াৰ পিছতেই অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছিল। ৰাইজে আৰক্ষী আৰু একাংশ ফাৰ্মাচীৰ বিৰুদ্ধেও সৰৱ হৈ পৰা দেখা গৈছিল। অভিযোগ উত্থাপন হৈছিল যে এই ফাৰ্মাচী সমূহে অবৈধভাৱে চিৰিঞ্জ আৰু কন্টেইনাৰ সমূহ বিক্ৰী কৰি আহিছে, যাৰ ফলত বহু কমবয়সীয়া লʼৰা-ছোৱালীয়ে সহজতে এই মাৰাত্মক ড্ৰাগছৰ কবলত পৰি নিজৰ জীৱন ধ্বংস কৰিছে।

Leave A Reply

Your email address will not be published.