দলগাঁৱৰ দুলিয়াপাৰাত মধ্যাহ্ন ভোজনৰ চাউল জব্দ আৰক্ষীৰ

পৰিচালনা সমিতিৰ সভানেত্ৰী-প্ৰধান শিক্ষকৰ বিৰূদ্ধে এজাহাৰ 

দৰঙৰ দলগাওঁ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ  শিক্ষানুষ্ঠানত  চলিছে কেৱল দুৰ্নীতি আৰু কেলেংকাৰী । এনে দুৰ্নীতি কেলেংকাৰীৰ  অভিযোগ উত্থাপিত হৈছে দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ বিৰুদ্ধে ।  অভিযোগ অনুসৰি , দৰঙৰ দলগাওঁ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৭৮৮ নং দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে  । অসম চৰকাৰৰ শিক্ষা বিভাগে কণ কণ শিক্ষাৰ্থীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল  বিদ্যালয় গৃহৰ  পৰিবৰ্তে   সভানেত্ৰীৰ ঘৰত উদ্বাৰ হোৱাক লৈ  মঙ্গলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয় প্ৰাঙণত । উক্ত চাউল ক’লা বজাৰত বিক্ৰীৰ  বাবে প্ৰধান শিক্ষক গৰাকীয়ে সভানেত্ৰীৰ ঘৰত ৰাখি বিক্ৰীৰ বাবে  যো জা চলোৱাৰ সময়তে পোহৰলৈ আহে  দুৰ্নীতি – কেলেংকাৰীৰ তথ্য । যাক লৈ ক্ষুব্ধ হৈ পৰে ৰাইজ । ঘটনা সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ ক্ষুব্ধ  অভিভাৱকে দৈপাম আৰক্ষী চকীত বিদ্যালয় খনৰ প্ৰধান শিক্ষক আমবৰ আলী , পৰিচালনা সমিতিৰ সভানেত্ৰী ছুফিয়া খাতুন আৰু সদস্য আবু শামাৰ বিৰুদ্ধে দাখিল কৰে এজেহাৰ । উক্ত এজাহাৰৰ ভিত্তিত  দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অকণ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দল সভানেত্ৰী ছুফিয়া খাতুনৰ ঘৰত উপস্থিত হৈ ৬ বস্তা চাউল জব্দ কৰে । স্মৰ্তব্য যে প্ৰধান শিক্ষক আমবৰ আলী আৰু সভানেত্ৰীৰ স্বামী সুৰুজ আলীয়ে বিদ্যালয় খনত এটাৰ পিছত আন  এটা  কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলিছে ছাত্ৰ – ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা সকলে । উল্লেখ্যযোগ্য যে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা বিভাগে যোগান ধৰা ইউনিফৰ্মৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে প্ৰধান শিক্ষক আমবৰ আলীয়ে । দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আন আন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে স্কুলাৰ শ্বিপৰ ধন লাভ কৰিছে যদিও ৭৮৮ নং দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে ছাত্ৰ ছাত্ৰী সকলে সেই ধনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । আনকি স্কুলাৰ শ্বিপৰ ব্যৱস্থা কৰি দিয়াৰ নামত ছাত্ৰ ছাত্ৰী সকলৰ পৰা ১০০/১৫০ টকাকৈ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ প্ৰধান শিক্ষক আমবৰ আলীৰ বিৰুদ্ধে । বিদ্যালয় উন্নয়নৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে যোগান ধৰা আন্ত গাঁথনিৰ ধনেৰে কেই খন মান দৰ্জা খিৰিকীৰ ৰিপিয়াৰিঙৰ কাম কৰি সিংহভাগ ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে । জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে পৰিচালনা সমিতিৰ সদস্য সকলে ।  প্ৰশ্ন হয় , কাৰ আশীৰ্বাদত প্ৰধান শিক্ষক গৰাকীয়ে এটাৰ পিছত এটাকৈ দুৰ্নীতি কেলেংকাৰী সংঘটিত কৰি আহিছে ? দুৰ্নীতিগ্ৰস্থ প্ৰধান শিক্ষক আমবৰ আলীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্রীয়ে কিবা ব্যৱস্থা গ্ৰহণ  কৰিব নে ? সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব ।

Related Articles