শিৱসাগৰত আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড!আৰক্ষীৰ অভিযানত জব্দ হোৱা লোহা স্বয়ং আৰক্ষী বিষয়াই চোৰাংকৈ বিক্ৰী কৰিলে লোহা বেপাৰীক

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো চৰকাৰী বিভাগত দাদালি ৰাজৰ ওৰ পেলাই এখন সুস্থ আৰু এখন নিকা সমাজ গঢ়াৰ পণ লৈছে ঠিক সেই সময়তে একাংশ চৰকাৰী বিষয়াই নিজৰ মইমতালি অক্ষুন্ন ৰাখিছে । বিহুৰ বতৰতে বিহুৰ খা খৰচ উলিয়াই ৰমৰমীয়া ব্যৱসায়ত জড়িত হৈ পৰিছে এচাম লোক । উল্লেখ যে, আৰক্ষীয়ে কিছুদিন পূৰ্বে এক অভিযান চলাই জব্দ কৰা বৃহৎ পৰিমাণৰ লোহা জয়সাগৰ থানা চৌহদত ৰখা হৈছিল । পিছে চৰাইয়ে কূটা কঢ়িওৱাৰ দৰে অলপ অলপ কৰি জয়সাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোপনে বিক্ৰী কৰি দিয়াক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।শিৱসাগৰ সদৰ থানাৰ আউটস্পত জয়সাগৰ আৰক্ষী চকীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱাই কেইবালক্ষাধীক টকাৰ লোহা গোপনে থানা চৌহদৰ পৰা উলিয়াই নিয়াৰ অভিযোগ উৎথাপন হৈছে । আৰক্ষীৰ দ্বাৰা জব্দকৃত এই বৃহৎ পৰিমাণৰ লোহাখিনি জয়সাগৰৰ শলগুৰিৰ কূখ্যাত লোহা চোৰ তথা ডেম্প ব্যৱসায়ী লুকু দত্তক বিক্ৰি কৰাৰ অভিযোগ ৷ নিশা টাটা মেজিকত তুলি লোহা সমূহ থানাৰ পৰা উলিয়াই নিয়ে চোৰাং ব্যৱসায়ী লুকু দত্তৰ গোদামলৈ ৷ বিগত এটা মাহত কেইবা লক্ষাধীক টকাৰ জব্দকৃৰ্ত লোহা লুকু দত্তক বিক্ৰি কৰিলে ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱাই ৷ গৰু বিহুৰ আগ নিশাও এক গাড়ী লোহা থানা চৌহদৰ পৰা গোপনে উলিয়াই নিছিল মনোৰঞ্জন ৰাজখোৱাই ৷


জয়সাগৰ আৰক্ষী চকীৰ চৌহদত থকা বৃহৎ পৰিমাণৰ জব্দকৃৰ্ত লোহাৰ এডালো নাই থানা চৌহদত ৷বিগত পাঁচটা বছৰত জয়সাগৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা জব্দ কৰিছিল এই লোহা সমূহ ৷লোহা চোৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা লোহাই ভৰি আছিল থানা চৌহদ ৷কিন্তু ,বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱাই লোহা চোৰৰ সৈতে মিলি চোৰাং বজাৰত বিক্ৰি কৰি দিলে থানা চৌহদৰ সমস্ত্ৰ লোহা ৷ লগতে কোৱা বাহুল্য যে , আন এক ভয়ংকৰ অভিযোগ অনুসৰি বিগত সময়ত দুৰ্ঘটনাত পতিত একাংশ ধংস প্ৰাপ্ত দুচকীয়া বাহন ও গোপনে থানা চৌহদৰ পৰা নি ডেম্পত বিক্ৰি কৰাৰ অভিযোগ উৎথাপণ হৈছে ।কিছুদিন পূৰ্বৰ লৈকে জয়সাগৰ আৰক্ষী চকীত দ’ম হৈ থকা বৃহৎ পৰিমাণৰ লোহাৰ এতিয়া অৱশিষ্ট খিনি আছেগৈ থানাৰ চৌহদত ।থানা চৌহদ উদং কৰিলে খুদ ভাৰপ্ৰাপ্ত বিষয়াই ৷ এই সন্দৰ্ভত থানাত গৈ উপস্থিত হোৱা সাংবাদিকৰ এটা দলক বিষয়টোৰ পৰা মুৰপোলোকা দি আতৰিব বিচাৰে আৰক্ষী বিষয়াজনে । লগতে অসমীয়াৰ স্বাভিমান স্বৰূপ গামোচা খন নিজ আসনত মেলি লৈ বহি থকা পত্যক্ষ কৰি সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ’ব লগীয়া হয় আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱা ।

Related Articles