Breaking

ডালিমৰ আছে বহু ঔষধী গুণ

0 1,598

প্ৰতিদিনে খাদ্য তালিকাত ডালিম অন্তৰ্ভুক্ত কৰিলে কম ঘনত্বৰ লিপ’প্ৰ’টিনৰ মাত্ৰা হ্ৰাস পায়। কিয়নো এই ফল প্ৰতিজাৰকেৰে সু-সমৃদ্ধ। লিপিড আৰু প্ৰ’টিনৰ মিলনেই লিপ’প্ৰটিন, যাৰ মাত্ৰা বাঢ়ি গ’লে শৰীৰত বিৰূপ প্ৰভাৱ পৰে।

নিয়মিতভাৱে ডালিম খোৱা অভ্যাস কৰিলে উচ্চ ৰক্তচাপ, অক্সাইড সম্পৰ্কীয় চাপ, বিষ-বেদনা আদি প্ৰতিৰোধ হয়। খৃষ্টানসকলৰ ধৰ্মপুথি বাইবেলত দহটা ফলৰ উল্লেখ আছে যাৰ ভিতৰত ডালিমো অন্যতম। সন্ধিবাতৰ বিষ উপশম হোৱাত সহায় কৰে, যিহেতু এই ফলত প্ৰচুৰ পৰিমাণে থকা ফ্লেভনল নামৰ পদাৰ্থই প্ৰতিজাৰকৰ ভূমিকা পালন কৰে।

বাইবেলৰ মতে, ডালিমে মানুহৰ শৰীৰ তথা মনৰ বিকাৰ নিৰাময় কৰিব পাৰে। প্ৰাণী দেহৰ ওপৰত চলোৱা গৱেষনাই জান দিয়া মতে সন্ধিবাত তথা গাঁঠিৰ বিসৰ সত্তম শতাংশ পৰ্যন্ত ডালিম নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে তাৎপৰ্যপূৰ্ণভাৱে হ্ৰাস পায়। পোষক দ্ৰব্যৰপৰা আহৰণ কৰা শক্তিৰ ভঁৰাল হিচাপে পৰিগণিত হোৱা ডালিমৰ যিকোনো ধৰণৰ কৰ্কট ৰোগৰ বিপক্ষে যুঁজ দিয়াৰ সামৰ্থ্য আছে। এই ফলে বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ কোষসমূহত টেমুনাবিৰোধী পদাৰ্থ প্ৰয়োগ কৰে।

বহুতো গৱেষণাৰ ফল অনুসৰি জনামতে, ডালিমৰ আৰক ভক্ষণ কৰিলে স্তন কৰ্কটৰ কোষবোৰৰ দ্ৰুততাৰে সংখ্যা বৃদ্ধিত বাধা পৰে, যাৰ মূলতে ডালিমৰ বীজৰ তেলৰ সক্ৰিয়তা। এই ফলৰ বীজত তেলত পিউনিকিক অম্ল থাকে, যি পদাৰ্থ বহুযোজী অসম্পৃক্ত স্নেহ অম্ল। স্তন কৰ্কট ৰোগৰ কোষবোৰৰ দ্ৰুতভাৱে সংখ্যা বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে।

ডালিমৰ ৰসে কলিজা সুৰক্ষা প্ৰদানৰ পৰিপূৰক হিচাপে কাম কৰাৰ পৰিণতিত উচ্চ ৰক্তচাপত ভোগা লোকসকলে এই ফলৰ গুটি খাদ্য হিচাপে গ্ৰহণ কৰি কলিজা সুৰক্ষিত কৰিব পাৰে। সদায় নিয়মিতভাৱে ডালিমৰ বীজ অথবা ৰস খাদ্য হিচাপে গ্ৰহণ কৰিলে বেমাৰৰ সংক্ৰমণ হ্ৰাস পায়, পেটচলা, ঘা তথা শ্বাসজনিত জটিলতাই গা কৰি উঠাত বাধা প্ৰদান কৰে।

কলিজাৰ বিকাৰত ভোগা ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া কেতবোৰ লক্ষণ ডালিমৰ ৰসে হ্ৰাস কৰে বুলি গৱেষণাৰ জৰিয়তে প্ৰমাণ পোৱা গৈছে। ডালিম ভক্ষণ কৰা লোকৰ স্মৰণ শক্তি হ্ৰাস নাপায় হেতুকে উন্মাদ ৰোগত ভোগা বেমাৰীৰ বাবে সঘনে ডালিম খোৱাটো উপকাৰী বুলি প্ৰমাণিত হৈছে।

ডালিমত থকা শক্তিৰ পৰিমান অতিশয় সামান্য, সেইবাবে যিবোৰ মানুহে দেহৰ ওজন কমাবলৈ হাবিয়াস কৰে তেওঁলোকে ডালিম খাদ্য হিচাপে গ্ৰহণ কৰি লাভৱান হ’ব পাৰে। ডালিমত থকা প্ৰতিজাৰকবোৰ, যেনে- পলিফেনল, ফ্লেভ’নইড, এন্থচায়ানিন আদিয়ে শৰীৰক মুক্তমূলক তথা বিষ-বেদনাৰ হানিৰপৰা সুৰক্ষিত কৰে।

দৈনিক খাদ্য তালিকাত ডালিম অন্তৰ্ভুক্ত হ’লে মানুহ বৃদ্ধাৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়া লেহেম কৰি ছাল শোটোৰা-শোটোৰ হোৱাত বাধা দি মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে। প্ৰতিদিনে একোটাকৈ ডালিম খোৱাৰ অভ্যাস কৰিলে শৰীৰত আঁহৰ পৰিমাণ বাঢ়ে, যাৰ ফলত শৌচ খোলোচা হৈ কোষ্ঠকাঠিন্য দূৰ কৰে।

এই ফল ‘গ’ খাদ্যপ্ৰাণত চহকী হোৱা বাবে ইয়াক নিয়মীয়াকৈ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে বাবে বেমাৰৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে। গৱেষকসকলে জানিব পৰা মতে, ডালিম নিয়মীয়াকৈ ভক্ষণ কৰা লোকে আলঝেইমাৰ বা স্মৃতি বিভ্ৰম ৰোগৰ চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিয়নো এই ফলে এনে বিকাৰ প্ৰতিৰোধ কৰে। আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ থকা মতে, ডালিমৰ ৰস নিয়মিতভাৱে খালে মানুহৰ জীৱন কাল বৃদ্ধি পোৱাত সহায় হয়।

Leave A Reply

Your email address will not be published.