দমদমা-বৰম্বৈ-ডিমু গড়কাপ্তানি পথৰ দুৰৱস্থা। দুৰ্বিষহ যাতায়াত সৰ্বসাধাৰণ ৰাইজৰ। পথৰ দুৰৱস্থাৰ বাবে নিতৌ সংঘটিত দুৰ্ঘটনা…

হাজো দমদমা-বৰম্বৈ-ডিমু গড়কাপ্তানি পথটি গুৱাহাটী আৰু হাজো সংযোগী এটি অতি গুৰুত্বপূৰ্ণ পথ। এই পথটিৰে হাজো, কমলপুৰ, ৰঙিয়া বিধান সভা সমষ্টিয়েই নহয় নলবাৰী জিলাৰ অধিকাংশ ৰাইজৰো হাজো আৰু গুৱাহাটী সংযোগী অতি কম সময় আৰু কম খৰছত যাতায়ত কৰাৰ একমাত্ৰ পথ। পথটি সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰিছে।মেৰামতি অথবা পুনৰ নিৰ্মাণৰ অভাৱত বৰ্তমান পথটি সম্পূৰ্ণ জৰাজীৰ্ণ হৈ পৰিছে। পথটিৰ অধিক সংখ্যক স্থানতে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যাতায়ত অব্যাহত ৰখাটো অতি বিপদজনক হৈ পৰিছে। ডিমুৰ পৰা দমদমালৈ মটৰ চাইকেলেৰে মাত্ৰ পোন্ধৰ মিনিটৰ পথত এতিয়া এঘন্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হৈ পৰিছে যদিও সেয়া এতিয়া অতি বিপদ সংকুল।

পথটিৰে টেম্প’ অথবা সৰু বাহনেৰে যাতায়ত কৰাটো অতি ভয়াবহ হৈ পৰিছে। যাৰ ফলশ্ৰুতিত নিতৌ সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটোকৈ পথ দূৰ্ঘটনা। স্থানীয় ৰাইজে বাৰিষাৰ পূৰ্বে পথটি পুনৰ নিৰ্মাণ হোৱাৰ আশা কৰিছিল যদিও বিভাগীয়ভাৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। এতিয়া বাৰিষা আগমনৰ লগে লগে বাৰিষাৰ সময়ছোৱাত পথটিৰে যাতায়ত কেনেকৈ অব্যাহত ৰাখিব, সেয়া সৰ্বসাধাৰণ ৰাইজৰ চিন্তাৰ বিষয় হৈ পৰিছে।ইফালে যোৱাটো বৰ্ষত পুঠিমাৰী নদীৰ বাঢ়নি পানীয়ে বৰম্বৈ পাহাৰৰ সমীপত প্ৰায় আধা কিলোমিটাৰ পথৰ ওপৰৰে পানী বাগৰি ঠায়ে ঠায়ে পথটি খহাই পেলোৱাৰ পিছত বিভাগীয়ভাৱে কোনো মেৰামতিৰ ব্যৱস্থা নকৰাত, সম্প্ৰতি বিপদ সংকুলভাৱে ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়াত পৰিছে।

উল্লেখ্য যে, আজিৰ পৰা প্ৰায় পাচ-ছয় বছৰ পূৰ্বে পুনৰ নিৰ্মাণ কৰা এই পথটি বিগত সময়ছোৱাত তিনিটাবাৰকৈ পুঠিমাৰী নদীৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰিছিল। পথটিৰ কেইবা ঠাইত বানপানীৰ কোবাল সোতে প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি কৰিছিল। কিন্তু বান পাছত বিভাগীয়ভাৱে পথটিৰ জৰাজীৰ্ণ অংশবোৰ মেৰামতি কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ ফলশ্ৰুতিত এতিয়া পথটিৰ জৰাজীৰ্ণতা ক্ৰমশঃ বৃদ্ধি হৈ একেবাৰে শোচনীয় হৈ পৰিছে। যাতায়তৰ ক্ষেত্ৰত দুৰ্বীসহ জীৱন কটোৱা স্থানীয় ৰাইজে এই গুৰুত্বপূৰ্ণ পথটি অতিশীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছে।

দিপাংকৰ মজুমদাৰ প্ৰতিবেদন

Related Articles