বন্ধু! তাকো দুখীয়াৰ বন্ধু! দুখীয়া মানুহৰ বন্ধু খুউব কম থাকে বুলি কয়। বিপদে আপদে সহায় কৰা মানুহৰ সংখ্যা অতি কম। দুখীয়া নিচলাবোৰৰ বিপদ অহা মানে তেনে পৰিয়ালৰ মানুহে দিনতে তৰা দেখে। কি কৰিব কি নকৰিব? কেনেকৈ বিপদৰ পৰা উদ্ধাৰ পাব ইত্যাদিবোৰৰ কথা চিন্তা কৰি পাৰাপাৰ নাপায়। এনেবোৰ কথাৰ উৰ পেলাই ২০০৮ চনৰ পৰা ৰাইজৰ মাজত দুখীয়াৰ বন্ধু হিচাপে দেখা দি আহিছে ১০৮-এ। বেমাৰ আজাৰ, কিবা দূৰ্ঘটনাত পতিত হোৱাৰ লগে লগে হাতত টকা পইচা থাকক বা নাথকক কোনোবা এজনৰ হাতত থকা ফোনটোৰে ১০৮ ডায়েল কৰাৰ কিছু সময়ৰ পিছতে বিপদত সহায় কৰিবৰ বাবে ১০৮ উপস্থিত হৈহি। একো নহ’লেও জৰুৰীকালীন সেৱাখিনি চৰকাৰী চিকিৎসালয়ত কৰাই দিয়ে। যদি এই ১০৮ সেৱা উপলব্ধ নাথাকিলহেঁতেন টকা-পইচা ধাৰলৈ বিচাৰি গাড়ী ঠিক কৰোঁ মানে ৰুগীৰ জীৱন বিপদত পৰাৰ সম্ভাবনা আৰু বেছি থাকে। এই বিনামূলীয়া চৰকাৰী সেৱাই সঁচাকৈয়ে সকলো ধনী-দুখীয়া সকলো শ্ৰেণীৰ মানুহকে সহায় কৰি আহিছে। বিশেষকৈ হাতত টকা পইচা নথকা মানুহখিনিৰ সন্মুখত ১০৮এ বিপদৰ ব বন্ধু, প্ৰকৃত বন্ধুৰ ৰূপত দেখা দি আহিছে। গতিকে এনে বিপদৰ বন্ধুক আমিও সহায় কৰিব লাগে। এই বন্ধু যেতিয়া ৰাস্তাৰে গৈ থাকে তাক আমি যাবলৈ সদায় ৰাস্তা এৰি দিব লাগে যাতে কোনোবা বিপদত পৰা মানুহক সোনকালে সহায় কৰিব পাৰে।
ক’ৰোণা মহামাৰীৰ সময়ত কম মানুহক ১০৮এ সহায় কৰা নাইনে? ১০৮ সেৱাত থকা পাইলটজন আৰু EMTজন সঁচাই সলাগৰ পাত্ৰ। নিজৰ জীৱনৰ কথা নাভাবি কেৱল নিজৰ কৰ্তব্যৰ জৰিয়তে মানৱসেৱা কৰি আছে।ক’ৰোণাৰ সময়ত কৰা কৰ্তব্যৰ বাবে প্ৰতি গৰাকী ডাক্টৰ, নাৰ্চৰ পৰা আৰম্ভ কৰি চিকিৎসাসেৱাৰ লগত জড়িত সকলোকে আন্তৰিকভাৱে কৃতজ্ঞতা জনোৱাটো আমাৰ কৰ্তব্য।
চফিখুৰ ৰহমান