Breaking

মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দুচকীয়া বাহন চালনাৰ প্ৰশিক্ষাৰ্থীৰ মাজত উপস্থিত জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া…

0 21

জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সময়ত দুচকীয়া বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণত ব্যস্ত এজাক কোমল বয়সৰ অনুসন্ধিৎসু শিক্ষাৰ্থীৰ মাজত শুকুৰবাৰে হঠাতে উপস্থিত হয় অসমৰ খ্যাতিমান অভিনেতা প্ৰাঞ্জল শইকীয়া। উল্লেখ্য যে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আচনিত স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে সঠিক আৰু সুৰক্ষিতভাবে দুচকীয়া বাহন চালনাত নিজকে উপযুক্তকৈ গঢ় দিব পাৰে সেই উদ্দেশ্যে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে যোৱা পহিলা জুলাইৰ পৰা বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰে৷ মহানগৰ জিলাখনৰ পৰা স্কুটী লাভকৰা ২,৯০৭গৰাকী শিক্ষাৰ্থীৰ কোনোৱে যাতে বাদ নপৰে তাৰ বাবে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে কাৰ্যালয় বন্ধ থকা দিনতো বাহন চালনাৰ প্ৰশিক্ষণ অব্যাহত ৰাখি অভিভাৱক সকলৰ লগতো কাৰ্যালয়ৰ পৰা যোগাযোগ অব্যাহত ৰখা হৈছে।

এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে মহানগৰ জিলাখনৰ চাৰিওদিশে এক যোগাত্মক বাৰ্তা বহন কৰাৰ সময়তে নতুন প্ৰজন্মৰ প্ৰতি সদায় আকৰ্ষিত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনতা গৰাকী প্ৰশিক্ষাৰ্থীসকলৰ মাজত উপস্থিত হোৱাত স্বাভাৱিকতেই এক উৎসাহজনক পৰিৱেশ বিৰাজ কৰে। ইয়াৰ লগে লগে অভিনেতা গৰাকীক পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ যানবাহন পৰিদৰ্শক দেৱাংশু দত্ত, জ্যেষ্ঠ আৰু নিম্নবৰ্গ সহায়ক জোনালী পাটোৱাৰী, জ্যোতিষ কৈৱৰ্ত্ত, মীৰা পাটোৱাৰী দাস, চন্দ্ৰীকা টেৰণ, সিদ্ধেশ্বৰ ৰংহাং আৰু অমৃতা গগৈয়ে ফুলাম গামোছাৰে আদৰণি জনায়।পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসক ছাত্ৰ-ছাত্ৰীৰ বাহন চালনাৰ ব্যতিক্ৰম প্ৰশিক্ষণ কাৰ্যসূচীৰ সুপৰিকল্পনা আৰু নেতৃত্ব লোৱা বাবে অভিনেতা গৰাকীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷

বাহন চালনাৰ এই প্ৰশিক্ষণে অনাগত দিনত অসমৰ নতুন প্ৰজন্মক ধৈৰ্য, একাগ্ৰতা আৰু নৈতিক দায়িত্ববোধ সহকাৰে বাহন চলাবলৈ অনুপ্ৰাণিত কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷ হোণ্ডা ছেফটি ড্ৰাইভিং ট্ৰেইনিং এডুকেছন চেন্টাৰৰ সহযোগত অনুষ্ঠিত প্ৰশিক্ষণত অংশগ্ৰহণ কৰি অভিনেতা গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে। শিক্ষা বিভাগৰ পৰা স্কুটী লাভ কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলক কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্যসূচী সমগ্ৰ অসমলৈ সম্প্ৰসাৰণ কৰি অনাগত দিনত এক সুপৰিকল্পিত পদ্ধতিৰে পথ সুৰক্ষা সজাগতা গঢ়ি তুলিবলৈ বিশিষ্ট অভিনতা গৰাকীয়ে ৰাজ্যৰ মাননীয় পৰিবহণ মন্ত্ৰীকে ধৰি অনান্য উচ্চপদস্থ বিষয়াসকলৰ প্ৰতি সবিনয়ে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.