জনবিস্ফোৰণ আৰু ভয়াবহ জনসংখ্যাৰ গাঁঠনিত অসন্তুলন:
গভীৰ সংকটত খিলঞ্জীয়া
সম্প্ৰতি ৰাষ্ট্ৰ সংঘৰ জনসংখ্যা নিধিয়ে (United Nations Population Fund- UNPF) বিশ্বৰ বিভিন্ন দেশৰ জনসংখ্যা তথ্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰ সংঘৰ সংস্থাটোৱে প্ৰকাশ কৰা বিশ্বৰ প্ৰথম ১০ খন জনবহুল দেশৰ জনসংখ্যালৈ মন কৰক:
১। ভাৰত: ১৪৪.২ কোটি, ২। চীন: ১৪২.৫ কোটি, ৩। আমেৰিকা যুক্তৰাষ্ট্ৰ: ৩৪.২ কোটি, ৪। ইন্দোনেছিয়া: ২৭.৯৭ কোটি, ৫। পাকিস্তান: ২৪.৫২ কোটি, ৬। নাইজেৰিয়া: ২২.৯১ কোটি, ৭। ব্ৰাজিল: ২১.৭৬ কোটি, ৮। বাংলাদেশ: ১৭.৪৭ কোটি, ৯। ৰাছিয়া: ১৪.৪০, আৰু ১০। ইথিওপিয়া: ১২.৯৭ কোটি।
( উৎস: UNPF, 2024, Figures rounded). মাটিকালিৰ হিচাপত ৰাছিয়া ভাৰততকৈ ৫ গুণতকৈও অধিক ডাঙৰ। চীন দেশৰ মাটিকালি ভাৰততকৈ ৩ গুণৰ অধিক। আকাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ প্ৰায় ৩ গুণ ডাঙৰ। ব্ৰাজিলৰ মাটিকালি ভাৰতৰ দুগুণ। তত্ৰাচ ভাৰতহে পৃথিৱীৰ ভিতৰত সবাতোকৈ জনবহুল দেশৰ শংকাজনক সন্মানৰ অধিকাৰী হৈ পৰিছে। বিশ্বৰ মাত্ৰ ২.৪℅ ভূ-ভাগৰ ভাৰতত পৃথিৱীৰ ৮০০ কোটি জনসংখ্যাৰ ১৪৪.২ কোটিয়ে (১৮%) বাস কৰিছে। বৰ্তমানৰ মেচিন আৰু কাৰিকৰী কৌশলৰ যুগত বহনক্ষম নোহোৱা বৃহৎ কলেবৰৰ জনসংখ্যাক সম্পদ হিচাপে গণ্য কৰাতো মুঠেই যুক্তিপুৰ্ণ নহয়। এয়া সত্য যে স্বাধীনতাৰ যোৱা ৭৭ টা বছৰত আমাৰ দেশে প্ৰায়বোৰ খণ্ডতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। খাদ্য শস্যৰ পৰনিৰ্ভৰশীল অৱস্থাৰ পৰা আত্মনিৰ্ভৰশীলতা লাভ, বৃহৎ বান্ধ নিৰ্মাণৰ পৰা চন্দ্ৰ পৃষ্ঠত কোমল অৱতৰণলৈকে দেশে সকলো প্ৰকাৰৰ উৎসাহজনক প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু যি খন দেশে বিশ্বৰ ভিতৰতে সৰ্বপ্ৰথমে ১৯৫২ চনত পৰিয়াল পৰিকল্পনা নীতি প্ৰৱৰ্তন কৰাৰ খ্যাতি লাভ কৰিছিল, আজি সেই খন দেশেই অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিৰ ফলত জনবিস্ফোৰণৰ কবলত পৰিব লগীয়া হৈছে। ৰাক্ষসী সুৰষাৰ দ্ৰুত গতিত বাঢ়ি অহা মুখ খনৰ দৰে দেশৰ জনসংখ্যাৰ কলেবৰো দ্ৰুত গতিত বৃদ্ধি পাইছে- যাৰ ফলত অত বছৰে লাভ কৰা দেশৰ প্ৰগতিৰ সুবিধা সমূহ এটা ডাঙৰ খালি বাল্টিত মাত্ৰ এটোপাল পানীৰ দৰে হৈ পৰিছে। দেশত জনবিস্ফোৰণ আৰু বৰ্গীয় অসন্তুলনতাৰ তলৰ তালিকা খনলৈ মন কৰক: হিন্দু মুছলিমৰ বৃদ্ধি হাৰ, ২০০১-২০১১ (%): ৰাজ্য হিন্দু মুছলিম ৰাজ্য হিন্দু মুছলিম অসম ১০.৯ ২৯.৬ অৰুনাচল ৫.৮ ৩০.৮ ছিক্কিম ৭.০ ২৮.৩ নগালেণ্ড ১৩ ৩৯.৯ মেঘালয় ১১.১ ৩১.৫ ত্ৰিপুৰা ১১.৮ ২৪.২ মিজোৰাম -৪.৫ ৪৬.৯ মণিপুৰ ১৮.৬ ২৫.৬ কেৰেলা ২.২ ১২.৫ গোৱা ৮.৭ ৩১.৮ হাৰিয়ানা ১৮.৮ ৪৫.৭ উত্তৰাখণ্ড ১৬.০ ৩৯.০ দমন ডিউ ৫৫.১ ৫৭.০ পাঞ্জাৱ ১৮.৭ ৪০.২ হিমাচল ১২.৬ ২৫.৪ প:বংগ ১০.৮ ২১.৮ দিল্লী ২০.৭ ৩৩ মহাৰাষ্ট্ৰ ১৫.২ ২৬.৩ গুজৰাট ১৮.৬ ২৭.৩ ৰাজস্থান ২০.৯ ২৯.৮ জে কে ১৮.৭ ২৬.১ ঝাৰখণ্ড ২১.১ ২৮.৫ কৰ্ণাটক ১৫.৮ ২২.১ উত্তৰ প্ৰদেশ ১৮.৯ ২৫.২ তামিলনাডু ১৪.৮ ২১.৯ উৰিষ্যা ১৩.২ ১৯.৬ অন্ধ্ৰ ১০.৩ ১৫.৭ চত্তিছগড় ২০.৭ ২৫.৭ বিহাৰ ২৪.৬ ২৮ মধ্য প্ৰদেশ ২০.০ ২৪.৩ চণ্ডিগড় ২০.৪ ৪৪.৭ আন্দমান ৭.২ ১০.৮ লাক্ষাদ্বীপ -১৯.৫ ৭.৫ দাদ্ৰা হাভেলী ৫৬.৮ ৯৮.১ ভাৰত ১৬.৮ ২৪.৬ (উৎস: ভাৰতৰ লোকপিয়ল, ২০১১)
উক্ত তালিকা খনে বহু কেইটা ভয়াবহ দিশ নিৰ্দেশ কৰিছে। (১) দেশৰ প্ৰতি খন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হিন্দুতকৈ অধিক বেছি হৈছে। (২) বৰ্তমান পৰিস্থিতিৰ আধাৰত ৱৰ্লড পপুলেচন ৰিচাৰ্ছ (WPR) আৰু মেক্ৰট্ৰেণ্ডৰ (Macrotrends) পুৰ্বানুমান অনুসৰি ভাৰতত হিন্দু আৰু মুছলিম জনসংখ্যা বৃদ্ধি হাৰৰ এই পাৰ্থক্য (gap) ক্ৰমে বৃদ্ধি পাই থাকিব। (৩) দাদ্ৰা নগৰ হাভেলীত উক্ত দশকত মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ প্ৰায় এশ শতাংশ। (৪) দেশৰ উত্তৰ পুৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ গড় পৰিসংখ্যালৈ লক্ষ্য কৰিলে ২০০১-২০১১ চনৰ দশকটোত হিন্দু জনসংখ্যা বৃদ্ধি হাৰ ৯.২১% ৰ বিপৰীতে মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ভয়াবহ ভাবে ৩২.৯% হৈছে। (৫) অসমতো উক্ত দশকটোত মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ হিন্দুত কৈ প্ৰায় তিনি গুণ অধিক। (৬) কাষৰীয়া ৰাজ্য পশ্চিম বংগত মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হিন্দুত কৈ দুগুণৰ অধিক। (৭) “সাধাৰণ মুছলিমৰ মাজত সাক্ষৰতাৰ হাৰ কম” হোৱাৰ বাবে মুছলিম জনসংখ্যাৰ মাজত জন্ম হাৰ উচ্চ হোৱা বুলি সততে আগবঢ়োৱা যুক্তি মুঠেই গ্ৰহণযোগ্য নহয়। ২০০১-২০১১ দশকটোত কেৰেলাৰ জনসংখ্যাত বৰ্গীয় বৃদ্ধি হাৰলৈ লক্ষ্য কৰিলে উক্ত যুক্তি নিৰাধাৰ প্ৰতিপন্ন হব। কেৰেলাত সাক্ষৰতাৰ হাৰ প্ৰায় ৯৯%।তথাপি ৰাজ্য খনত হিন্দু জনসংখ্যাৰ বৃদ্ধি হাৰ ২.২% ৰ বিপৰীতে মুছলিম জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১২.৫% হৈছে। অৰ্থাৎ মুছলিম জনসংখ্যা বৃদ্ধি হাৰ প্ৰায় ৬ গুণ হৈছে। (৮) উক্ত তালিকা খনে এইটো সুস্পষ্ট কৰে যে হিন্দু, জৈন, বৌদ্ধ আৰু শিখ সকলে (অৰ্থাৎ সনাতনী সকলে) পৰিয়াল পৰিকল্পনা নীতি আদৰেৰে গ্ৰহণ কৰি পৰিয়াল সৰু কৰিছে; বিপৰীতে মুছলমান জনসাধাৰনে পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ নকৰি দেশত তেওঁলোকৰ জনসংখ্যা তীব্ৰ গতিত বঢ়াই আছে। (৯) দেশত মুছলিম জনসংখ্যা বৃদ্ধিৰ আৰত নিশ্চিত ভাবে এক নিৰ্দষ্ট অভিপ্ৰায়পুৰ্ণ আচঁনিয়ে কাম কৰি আছে। (১০) যদি চৰকাৰ আৰু দল সংগঠন সমূহ নিৰৱ হৈ হাত সাবতি বহি থাকে, নিশ্চিত ভাবে অদুৰ ভৱিষ্যতে ধৰ্মৰ ভিত্তিত ভাৰত আকৌ এবাৰ বিভাজিত হব। ৱৰ্লড পপুলেচন ৰিভিউ আৰু মেক্ৰট্ৰেণ্ডচেৰ মতে ভাৰতত মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হিন্দুতকৈ অধিক হৈ গৈ থাকিব।
জনবিস্ফোৰণ আৰু ধাৰাষাৰে বৃদ্ধি পোৱা বৰ্গীয় অসন্তুলনতাই অসমৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। জনসংখ্যাত হৈ থকা গতিবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পুৰ্বানুমান কৰা হৈছে যে ২০২১ চনত অসমৰ মুঠ জনসংখ্যাৰ ৪০.০৩℅ মুছলিম ধৰ্মাৱলম্বী হব। ২০০১ চনত এই সংখ্যা আছিল ৩৩℅। দশকটোত মুছলিম জনসংখ্যা ৭℅ বৃদ্ধি পোৱাটো ৰাজ্য খনৰ বাবে মুঠেই শুভলক্ষণ নহয়। ২০০১-২০১১ দশকটোত ০-৬ বছৰৰ গ্ৰুপত হিন্দু লৰা ছোৱালীৰ শতকৰা বৃদ্ধি ঋণাত্মক (-৫.৮২) হোৱাৰ বিপৰীতে একে বয়স গ্ৰুপৰ মুছলিম লৰা-ছোৱালী ১৫.২৯℅ হাৰত বৃদ্ধি পাইছে। মুছলিম জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিৰ আন কাৰক থকাৰ উপৰি গুৰিতে থকা ই এটি প্ৰধান কাৰণ। জনবিস্ফোৰণৰ কবলত পৰি থৰ-কাচুটি হেৰোৱা দেশ খনত অধিকৰ পৰা অধিক সন্তানোৎপত্তি কৰিবলৈ জনোৱা আহবান সমাজ বিৰোধীয়েই নহয়, ৰাষ্ট্ৰ বিৰোধীও। তলৰ তালিকা খনলৈ মন কৰক:
অসমৰ জনসংখ্যাত ০-৬ বছৰ গোটত বৃদ্ধি:
বৰ্ষ হিন্দু মুছলমান
২০০১ ২৫.৮ লাখ ১৭.৯৮ লাখ
২০১১ ২৩.৬২ লাখ ২০.৭৩ লাখ
হ্ৰাস / বৃদ্ধি -৫.৮২% +১৫.২৯%
(উৎস: ভাৰতৰ লোকপিয়ল, ২০১১)
জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ আজিকোপতি দেশত এখন আইনৰ প্ৰণয়ন আৰু ৰূপায়ণ নোহোৱাটো দেশৰ বাবে দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে। ১৯৫১ চনৰ পৰা চলি থকা পৰিয়াল পৰিকল্পনা আঁচনি খন কোনো আইনৰ ওপৰত প্ৰতিস্থিত নহয়। গতিকে এনে এখন আঁচনিৰ সুবিধা গ্ৰহণ কৰাটো আইনৰ দৃষ্টিত বাধ্যতামূলক নহয়। পৰিয়াল পৰিকল্পনা আঁচনি খনে দেশত বৰ্গীয় অসন্তুলনতাহে ধাৰাষাৰে বৃদ্ধি কৰি আহিছে। এখন জনসংখ্যা নিয়ন্ত্রণ আইনৰ জৰিয়তেহে দেশৰ জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি নিয়ন্ত্রণ (stabilisation) কৰিবলৈ চৰকাৰৰ হাতত এটি বিধিগত চাবিকাঠি থাকে। কিন্তু দুৰ্ভাগ্যজনক ভাবে, দেশৰ স্বাৰ্থৰ প্ৰতি পিঠি দি কেবল ৰাজনৈতিক মুনাফাৰ বাবেই ৰাষ্ট্ৰহিতৰ বাবে সৰ্বোপৰি এনে এখন আইনৰ প্ৰতি চৰকাৰ আৰু দল সংগঠন সমূহ উদাসীন হৈ থকাতো দেশৰ বাবে দুৰ্ভাগ্যজনক হৈছে। দেশৰ ৰাষ্ট্ৰধৰ্মী জনতাই কেন্দ্রৰ বিজেপি চৰকাৰ খনৰ পৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ ওপৰত সম ভাবে বলবৎ হব পৰাকৈ দুটি সন্তান নীতিৰ আধাৰত অনতিপলমে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণ দাবী কৰিছে।
নিশ্চিত ভাবে ২০৪০-২০৫০ চনলৈ অসম এখন মুছলিম বহুল ৰাজ্য হৈ পৰিব। সম্প্ৰতি বিষয়টোৰ প্ৰতি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ গভীৰ উদ্দেগ প্ৰকাশ যুক্তিসংগত। আসন্ন আৰ্থ সামাজিক ৰাজনৈতিক পাৰিপাৰ্শ্বিক সমস্যাৰ অবনতি আৰু সম্ভাব্য গৃহযুদ্ধ সদৃশ পৰিৱেশৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় আছে- দুটা সন্তান নীতিৰ আধাৰত জাতি ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ ওপৰত সমভাবে বলবৎ হোৱাকৈ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণ কৰা। ইয়াৰ বাবে প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকল দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বাস্তৱিক অৰ্থতে সচেষ্ট হৈ মানননীয় প্ৰধানমন্ত্ৰীক হেচা প্ৰয়োগ কৰিব লাগিব। মাননীয় জনপ্ৰতিনিধি সকলে বিধান সভা আৰু সংসদত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ দাবী তুলিব বা তেনে দাবীক সমৰ্থন জনোৱা উচিত হব। ইলেকট্রনিক আৰু ছপা সংবাদ মাধ্যম, লগতে ৰাজহুৱা আৰু দলীয় সমাবেশ সমূহত এখন কঠোৰ জনসংখ্যা আইনৰ সপক্ষে মত ৰাখি জনপ্ৰতিনিধি সকলে ৰাষ্ট্ৰহিতৰ স্বাৰ্থত সেৱা আগবঢ়াই দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণৰ বাবে যোগাত্মক পৰিৱেশ গঢ়ি তোলাব পাৰে। চৰকাৰ আৰু জনপ্ৰতিনিধি সকলে বৌদ্ধ ভিক্ষু নিগ্ৰোধে সম্ৰাট অশোকক উদ্দেশ্যি দিয়া অৰ্থপূৰ্ণ বাণী শাৰী হৃদয়ংগম কৰে যেন: “Earnestness is the way to immortality, indifference is the way to death”।