Breaking

ওৰাঙত বাইক চুৰি

0 2,052

ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ধনশ্ৰীঘাটত  ৮ নবেম্বৰৰ  বিয়লি ৫ মান বজাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী এজনৰ বাইক এখন চুৰি হৈছে ।জানিব পৰা মতে মাজবাট গ্ৰাম্য বৈদ্যুতিক উপসংমন্ডলৰ কৰ্মচাৰী দৈমাগুৰী গাওঁৰ ৰখেশ্বৰ দৈমাৰীৰ AS -12 L -5052 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল পথৰ দাঁতিত ৰখাই থোৱা অবস্তাতে চোৰে লৈ যায় । উল্লেখ যে বিদ্যুত কৰ্মচাৰী জনে মটৰ চাইকেল খন ৰখাই  বিদ্যুতৰ খুটা এটাত উঠি কাম কৰি আছিল ।তেনে সময়তে মটৰ চাইকেল খন চোৰে লৈ যায় ।এই সংক্ৰান্তত কৰ্মচাৰী জনে আজি ৯নবেম্বৰত ওৰাং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

Leave A Reply

Your email address will not be published.