Breaking

প্ৰদেশ কংগ্ৰেছ বিজেপিৰ এজেন্টঃ সাংসদ বদৰুদ্দিন আজমল

0 75

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ ক্ষুদ্ধ হৈ পৰিছে সাংসদ বদৰুদ্দিন আজমল। সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে কৰিব লাগিছিল যদিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলকো সমালোচনাৰ লক্ষ্য কৰি লয়।

আজমলে বিৰোধী দল সমূহৰ ঐক্যমঞ্চ “ইণ্ডিয়াক” দিল্লীত সমৰ্থন দিয়া বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছক বিজেপিৰ এজেন্ট আখ্যা দিয়ে।

এআইইউডিএফ দলে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ মানি নলয় বুলি স্পষ্ট কৰি দি আজমলে মুছলমান সকলৰ ১০-১১ টা সমষ্টি হ্ৰাস কৰা বুলিও মন্তব্য কৰে।

সাংসদ গৰাকীয়ে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু অজিত ভূঞাই মৌন হৈ থকা কাৰ্যকো সমালোচনা কৰি এইসকলে খিলঞ্জীয়াক লোকচান কৰা বুলিও মন্তব্য কৰে।

তেওঁ আগন্তুক লোকসভাত তিনিখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰি তিনিওখন আসনত বিপুল ভোটত জয়ীশহব বুলিও দৃঢ় মত পোষন কৰে।

উল্লেখ্য যে বৰপেটা ধুবুৰীৰ লোকসভা নিৰ্বাচন সম্পৰ্কীয় এক বৈঠকত অংশগ্ৰহণ কৰি কয়াকুছিত এই মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে।

Leave A Reply

Your email address will not be published.