Pragya Sadhak Sanman: বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক ‘প্ৰজ্ঞা সাধক-২০২৪’ সন্মান প্ৰদান

গুৱাহাটী, ৬ অক্টোবৰঃ অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক, গৱেষক, অধ্যাপক, সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাক জীৱনযোৰা সাধনাৰ বাবে ‘প্ৰজ্ঞা সাধক সন্মান– ২০২৪’ বঁটাৰে সন্মানিত কৰা হয়৷ অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী প্ৰজ্ঞা মিডিয়াহাইপৰ সহযোগত প্ৰজ্ঞা সাহিত্য মঞ্চই আগবঢ়োৱা এই সন্মান শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্‌নাই ভৱনত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়৷ (Pragya Sadhak Sanman-2024)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ক্ৰমে ড॰ প্ৰদীপ্ত বৰগোহাঞি আৰু ড॰ বিভাস চৌধুৰীয়ে আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰি ড॰ শৰ্মাৰ জীৱন আৰু কৃতিৰ ওপৰত আলোকপাত কৰে৷ বঁটা প্ৰদান অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গৌতম শৰ্মাই তেওঁৰ শিক্ষাগুৰু ড॰ শৰ্মাক অভিনন্দন জনাই কয় যে অসমীয়া সাহিত্যলৈ ড॰ শৰ্মাই যি অনবদ্য অৱদান আগবঢ়াইছে সেয়া সাহিত্যানুৰাগী সকলৰ মাজত চিৰদিন জনপ্ৰিয় হৈ ৰ’ব৷(pragya sadhak sanman to dr govind prasad sharma)

ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাৰ ৮৭তম জন্মদিনৰ লগত সংগতি ৰাখি এক অন্তৰংগ আলাপ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়৷ লেখক-সমালোচক জ্যোতি খাটনিয়াৰে আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানত অসমৰ বহুকেইগৰাকী জেষ্ঠ সাহিত্যিকৰ লগতে নৱীন লেখক-লেখিকা আৰু সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত প্ৰজ্ঞা মিডিয়াহাইপে প্ৰকাশ কৰা “ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাৰ স্বনিৰ্বাচিত গল্প” আৰু ড॰ শৰ্মাৰ সহধৰ্মিনী ড॰ অঞ্জলি শৰ্মাৰ “জ্ঞানৰ সুবাস বিচাৰি” শীৰ্ষক গ্ৰন্থ দুখনো উন্মোচন কৰা হয়৷ অনুষ্ঠানটো পৰিচালনা কৰে লেখিকা দিতিমণি গগৈয়ে।(Dr. Govind Prasad Sharma’s 87th birthday)

Related Articles