প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…

কয়াকুছিৰ কবি-বন্ধু শ্বৰীফুল ইছলামৰ সৈতে কবিতা বিষয়ক এক আড্ডাত তেখেতে খ্যাতিমান কবি নীলিম কুমাৰৰ প্ৰসংগ টানি আনে। কয়াকুছি গ্ৰন্থ মেলাত কবিজনাই এবাৰ পদদূলি দিছিল। সেই সময়ত এক সুন্দৰ ঘটনা ঘটে। এগৰাকী শিক্ষকে হেনো নীলিম কুমাৰক কৈছিলঃ আগতে আমি স্কুলত থাকোঁতে কবিতা পঢ়িছিলোঁ। তেতিয়াৰ কবিতা বুজি পাইছিলোঁ। সহজ-সৰল আছিল। এতিয়া বুজি নাপাওঁ। পঢ়াও নহয়। নীলিম কুমাৰেও ইয়াৰ সুন্দৰ উত্তৰ দিছিল। তেখেতৰ উত্তৰৰ সাৰাংশ হ’ব এনেধৰণৰঃ আমি বিদ্যালয়-মহাবিদ্যালয়ত পঢ়োঁতে পাঠ্যবোৰ প্ৰথমৰ পৰা উচ্চ শ্ৰেণীলৈ ক্ৰমে টান হৈ গৈ থাকে। স্নাতকোত্তৰ শ্ৰেণীত সন্নিবিষ্ট কবিতা কিছুমানৰ লগত প্ৰাথমিক বা মজলীয়া বিদ্যালয়ৰ পাঠ বা কবিতা একে নহয়। গতিকে কোনো ব্যক্তিয়ে কবিতা বুজি নোপোৱাৰ অৰ্থ এইটোৱে যে তেখেতে এতিয়ালৈ প্ৰাথমিক বা হাই স্কুলতে সীমাবদ্ধ হৈ আছে। মূল কথালৈ যোৱাৰ আগমুহূৰ্তত এটা ঘটনাৰ কথা মনত পৰিছে। বহু বছৰ আগতে বৰপেটাৰ আগমন্দিয়া অঞ্চলত বেচৰকাৰী বিদ্যালয়ত শিক্ষকতাৰ কাম কৰিছিলোঁ। পাঠদান চলি থাকোঁতে কথা প্ৰসংগত সূৰ্য ঘূৰে বুলি কওঁ। কথাটো ছাত্ৰ-ছাত্ৰীয়ে মানি ল’বলৈ টান পালে। তেওঁলোকে সূৰ্য অস্থিৰ বুলি পঢ়ি আহিছে। অলপ খোকোজা লাগিবই পাৰে। তেওঁলোকৰ কোনোবা এজনে গৈ অধ্যক্ষক লগালে। ছাৰে এই সাধাৰণ কথা এটাও নাজানে। সূৰ্য কেনেকৈ ঘূৰিব ? সূৰ্য অস্থিৰ। অধ্যক্ষগৰাকীয়ে মোক মাতি নি ক’লে আপুনি ছাত্ৰ-ছাত্ৰীক ভুল শিকায় কিয় ? মই তেখেতক জনালোঁ যে বিশ্ব-ব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰ যিয়েই হওক স্থিৰ থাকিব নোৱাৰে; অস্থিৰহে।

বেচৰকাৰী বিদ্যালয়খনৰ বাকী শিক্ষক-শিক্ষয়িত্ৰীসকলেও মোৰ কথা মানি নললে। মই কিবাকিবি প্ৰমাণ দিলোঁ। কাম নহ’ল। এদিন অধ্যক্ষগৰাকীয়ে বাহিৰা মানুহ এজনৰ সমুখত পঞ্চম-ষষ্ঠমানৰ কিতাপ পঢ়িব ক’লে। কিয়নো এই শ্ৰেণীসমূহত আছে সূৰ্য অস্থিৰ, নুঘূৰে কথাষাৰ। অথচ আমি জানো, সূৰ্যই নিজ কক্ষপথত হাতিপটী তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা ২৪ হাজাৰৰ পৰা ২৬ হাজাৰ আলোকবৰ্ষ দূৰত্বত থাকি কেন্দ্ৰক পৰিক্ৰম কৰি থাকে। সূৰ্যক এবাৰ পৰিক্ৰম কৰোঁতে প্ৰায় ২২৫ৰ পৰা ২৫০ মিলিয়ন বছৰ লাগে (এক গেলেটিক বা তাৰকাৰাজ্যিক বৰ্ষ)। সূৰ্যৰ কক্ষীয় গতিবেগ হ’ল ২২০ূয-২০ কিমিযছে, কিন্তু শেহতীয়া গণনা মতে ই ২৫২ কিমিযছে। ই প্ৰায় ১১৯০ বছৰত ১ আলোকবৰ্ষ বা ৭ বছৰত এক সৌৰবৰ্ষৰ সমকক্ষ। যিহেতু cosmic background radiation (CMB) আপেক্ষিকভাৱে আমাৰ তাৰকাৰাজ্যখন হাইড্ৰা (hydra)ৰ দিশত ৫৫০ কিমিযছে গতি কৰি আছে। গতিকে সূৰ্যৰ CMBৰ আপেক্ষিকভাৱে সামগ্ৰিক বেগ crater বা leoৰ দিশত ৩৭০ কিমিযছে হ’ব। মোৰ কবি বন্ধু শ্বৰীফুলৰ কথা মনত পৰি কি ভাবিছে, বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে পঞ্চম-ষষ্ঠমানতে সীমাবদ্ধ হৈ আছে ? আমি কেতিয়াবা কিবা পঢ়িলে লেখাটো কোনটো বয়সৰ উপযোগীকৈ লিখা সেই সেইটোও ভবা উচিত। এতিয়া আমাৰ মূল আলোচনালৈ যোৱা যাওক। প্ৰশংসাৰ এক অদ্ভুত শক্তি আছে। এই কথা স্বীকাৰ নকৰি নোৱাৰি। প্ৰশংসাৰ নেতিবাচক দিশ এই লেখাত আলোচনা কৰা হ’ব। সম্প্ৰতি আধুনিকতাৰ ঢৌত মানুহে দিনটো ইণ্টাৰনেটৰ জগতত থাকি ভাল পায় অথবা সামাজিক পৰিৱেশৰ পৰা আঁতৰি আহি আছে। এগৰাকী ব্যক্তিয়ে কৰিবলৈ লোৱা কামৰ খুঁত উলিওৱা অথবা কামটোৰ ফলাফল শূন্য বা বেয়া হ’ব পাৰে বুলিয়েই নিৰাশ হ’বনে ? কোনোবাই কামটো অশুদ্ধ বুলি ক’লেই অশুদ্ধ হৈ যাবনে ? অথবা কোনোৱে ভুল ধৰি নিদিলে (ইতিবাচক) ভুল-শুদ্ধ বুজি পোৱাত বহু সময়ত অসুবিধা হয়। হাই স্কুলত থাকোঁতে মোৰ বন্ধু হানিফে প্ৰায়ে কৈছিলঃ “যেতিয়ালৈ মানুহে বেয়া ক’ব, তেতিয়ালৈ ভাবিব লাগিব আমি ঠিক পথতেই আছোঁ।” মানুহে এতিয়াও আনৰ ভাল দেখিব নোৱাৰে। বিশেষকৈ গাঁৱলীয়া পৰিৱেশত আজিও এইটো পৰম্পৰা প্ৰচলিত। গাঁৱৰ ইঘৰে-সিঘৰে কি কৰিলে, কিহেৰে ভাত খালে, কি মাছ আনিলে, কোন দিনা কি ৰুব সকলো কথা সকলোৱে জানে। যাৰ বাবে গাঁৱত শত্ৰুতাও বেছি আছে। মোৰ কথা চহকী স্বভাৱটোৰ বাবেই বেছি বেছি কথা কৈ দিওঁ। হয়তো কাৰোবাৰ আমনিও লাগে। যি কি নহওক, মূল কথালৈ আহোঁ।

এবাৰ কিশোৰ ছোৱালী এজনীক লগ পাওঁ। তাইৰ মাজত সৃষ্টিশীল গুণটো চকুত পৰে। বক্তৃতা, আবৃত্তিৰ অনুশীলন কৰে। ভাল বক্তাও হ’ব পাৰিব বুলি মোৰ বিশ্বাসো হয়। তাই অলপ-চলপ সাহিত্য চৰ্চা কৰে বুলিও জানোঁ। এদিন প্ৰসংগক্ৰমে তাইলৈ হীৰেন ভট্টাচাৰ্যৰ ‘প্ৰতীক্ষা’ কবিতাটি পঠিয়ালোঁ। মোক আচৰিত কৰি দি পিছদিনা ৰাতিপুৱা কবিতাটি আবৃত্তি কৰি পঠিয়াই দিলে। কৰ্ম ব্যস্ততাত আবেলিমানতেহে শুনিলোঁ। ইয়াৰ পাছতে ‘ইউটিউব’ৰ পৰা একেটা কবিতাৰ আবৃত্তিৰ দুটামান লিংক পঠিয়াই দিওঁ আৰু তলত লিখিলোঁ ‘স্পষ্ট উচ্চাৰণ’। আকৌ কামত ব্যস্ত হৈ পৰোঁ। কিছুসময় পাছত চাওঁ তাইৰ কেইবাটাও মেছেজ। দুটামান মেছেজৰ সংশোধনী ৰূপ উল্লেখ কৰি আপোনালোককো ইয়াৰ সোৱাদ দিওঁঞ্জ “……. মোৰ উচ্চাৰণত ভুল নেকি ? সকলো সময়তে সঠিক উচ্চাৰণ কৰাৰ প্ৰয়াস কৰোঁ। প্ৰতিযোগিতা থাকিলে আবৃত্তি কৰি পুৰস্কাৰ পোৱাৰ লগতে বহু উচ্চ পৰ্যায়ৰ মানুহৰ পৰা মই উচ্চাৰণৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছোঁ। কিবা এটা আশা-অনুপ্ৰেৰণা দিব পাৰিলেহেঁতেন।” আৰু এষাৰ কথা কোৱাৰ প্ৰয়োজনবোধ কৰিছোঁ যে তাই জুনিয়ৰ কলেজ এখনৰ অধ্যক্ষ এগৰাকীৰ কথা উল্লেখ কৰি কৈছে যে ভাষণৰ ৰজাই তেখেতক প্ৰশংসা কৰিছে। ইয়াৰ লগতে প্ৰশংসাৰ যাদুকৰী শক্তিৰ কথা আমেৰিকান লেখক ডেল কাৰ্ণেগীৰ কিতাপত পঢ়াৰ কথাও কয়। তাই আৰু বহুত কিবাকিবি কৈছিল। বিষয়টো তাইক বুজাবলৈ এটা বাস্তৱ গল্প কৈছিলোঁ। গল্পটো আপোনালোকলৈও আগবঢ়ালোঁঞ্জ তেতিয়া বৰপেটাৰ এম চি কলেজত উচ্চতৰ মাধ্যমিকত পঢ়ি আছোঁ। এগৰাকী কবিৰ লগত মোৰ প্ৰায়ে লগ হয়। আমাৰ মাজত কবিতা-সাহিত্য, কিতাপৰ বিষয়ে বিবিধ আলোচনা হয়। এদিনাখন দাদাই (কবি গৰাকী) ক’লে— তোৰ কবিতাখিনি লৈ আহিবি, পঢ়ি চাম, কিনো লিখিছা ? মই বহুত আনন্দিত হৈছিলোঁ। প্ৰায় এশ কবিতা পিছদিনাই পঢ়িব দিলোঁ। মোক ক’লে, পঢ়োঁতে সময় লাগিব। কেইদিনমান পাছত আহিবি। এদিন গ’লোঁ। দাদাই আচৰিত কৰি দি ক’লে— “এটা লেখাও কবিতা হোৱা নাই।” এটি লেখা বোলে কবিতা হৈ আছে। সেইদিনাও মই নিৰাশ হোৱা নাছিলোঁ। সেইদিনা যদি দাদাই ক’লেহেঁতেনঞ্জ সুন্দৰ। লিখি থাকা। বহুত ভাল হৈছে। তেতিয়া হ’লে মোৰ বাবে বিৰাট ক্ষতি হ’লহেঁতেন। সিদিনাই বুজিছিলোঁ কোনো মানুহকে প্ৰাপ্যতকৈ বেছি প্ৰশংসা কৰা অনুচিত। অন্যথায়, কবিতা বুজি নোপোৱা শিক্ষকগৰাকী আৰু মই শিক্ষকতা কৰা উল্লেখিত বিদ্যালয়খনৰ অধ্যক্ষৰ দৰে হাইস্কুলতে সীমাবদ্ধ হৈ থকাৰ সম্ভাৱনাই অধিক।

Related Articles