তীৰ্থনগৰী হাজোৰ গায়নটোলাস্থিত প্ৰজাপিতা ব্ৰক্ষাকুমাৰী ঈশ্বৰীয়া বিশ্ববিদ্যালয় হাজো শাখাত শিৱৰাত্ৰি উপলক্ষে স্নেহমিলন উৎসৱ পালন ।
তীৰ্থনগৰী হাজোৰ গায়নটোলাস্থিত প্ৰজাপিতা ব্ৰক্ষাকুমাৰী ঈশ্বৰীয়া বিশ্ববিদ্যালয় হাজো শাখাত আজি শিৱৰাত্ৰী উপলক্ষে স্নেহমিলন উৎসৱ উদযাপন কৰা হ’য় । সেই অনুসৰি পুৱা শান্তি শোভাযাত্ৰা সমদল,পতাকা উত্তোলন সম্পণ্ণ হ’য় । ইয়াৰ পিছতে এখনি সভা অনুষ্ঠিত হ’য় । সভাৰ সভাপতিত্ব কৰে বিশ্বজিৎ বিশ্বাসীয়ে ।
সভাত আধ্যাত্মিকতা তথা চিন্তামুক্ত জীৱন, উপভোগৰ কলা, জীৱনত সুখানুভূতি প্রাপ্ত কৰাৰ কৌশল, মনোবল বিকাশ আদি সাম্প্রতিক সময়ত কিদৰে লাভ কৰিব পাৰি, তাৰ ওপৰত সুন্দৰভাৱে বক্তৃতা আগবঢ়োৱা হ’য়।সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে আই.পি.এছ. বিষয়া সুশান্ত সিং ,ড° ৰুমি কলিতা,সমাজকৰ্মী ভৱেন দাস,ব্ৰক্ষ্মাকুমাৰী সীমা তালুকদাৰকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক লোক।
অৱশ্যে আজি শিৱৰাত্ৰীৰ দিনটোত ঈশ্বৰীয় বিশ্ববিদ্যালয়ত শিৱ জয়ন্তী হিচাপে পালন কৰা হ’য় বুলি জনায় উদ্যোক্তা কমিটিয়ে।তদুপৰি সভাত ১৯৩৭ চনতেই এগৰাকী ব্যক্তি দাদা লেখাজ’ৰ শৰীৰত পৰমাত্মা অৱতাৰিত হৈ পিছত তেওঁৰ নাম ৰখা হ’য় প্ৰজাপিতা বক্ষ্মা, আৰু বক্ষ্মাৰ দুৱাৰা স্বয়ং শিৱ নিৰকাৰ পৰমাত্মাই প্ৰজাপিতা বক্ষ্মাকুমাৰীৰ শৰীৰত প্ৰৱেশ কৰি ঈশ্বৰীয় বিশবিদ্যালয় স্থাপন কৰে বুলি উল্লেখ কৰে বক্ষ্মাকুমাৰী সীমা তালুকদাৰে ।