প্ৰতাপগঞ্জ উপ-স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা

বহুত দিন ধৰি মেৰামতিৰ অভাৱত ধুবুৰী জিলা গোলোকগঞ্জ খণ্ড স্বস্থ্য বিভাগৰ অন্তৰ্গত প্ৰতাপগঞ্জ উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহটোৰ টিনপাত, দুৱাৰ-খিৰিকী আদি ভাঙি জৰাজীৰ্ণ হৈ পৰিছে।আনকি চিকিৎসক অবিহনে এগৰাকী নাৰ্চে উপ-স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা সেৱা আগবঢ়াই থকা ঘটনাই স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। জানিব পৰা মতে, ১৯৮৩ চনতে স্থাপন কৰা প্ৰতাপগঞ্জ উপ-স্বাস্থ্য কেন্দ্ৰটোত প্ৰথমে এগৰাকী চিকিৎসকক নিযুক্তি দিয়া হৈছিল।পৰবৰ্তী সময়ত উক্ত চিকিৎসক গৰাকী বদলিহৈ যোৱাৰ পিছত উপ-স্বাস্থ্য কেন্দ্ৰটোত আন কোনো চিকিৎসকক নিযুক্তি দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই । ফলত কোনা চিকিৎসক নোহোৱাকৈ এগৰাকী নাৰ্চে অঞ্চলটোৰ ৰাইজক চিকিৎসা প্ৰদান কৰিব লগীয়া হৈছে । আনহাতে বহুত দিন ধৰি মেৰামতি নকৰাত উপ-স্বাস্থ্য কেন্দ্ৰটোৰ দুৱাৰ-খিৰিকী ভাঙি আৰু টিনপাত ফুটাহৈ জৰাজীৰ্ণহৈ পৰিছে । ফলত সামান্য বৰষুণ দিলেই পানীৰে ভৰি পৰে স্বাস্থ্য কেন্দ্ৰটোৰ ভিতৰ ভাগ ।

ইপিনে দুৱাৰ-খিৰিকী নথকাৰ বাবে নাৰ্চ গৰাকীয়ে সদায় ঘৰত লৈ যাব লগা হয় ঔষধ, চিকিৎসা সামগ্ৰী আৰু নথি-পত্ৰ সমুহ । মন কৰিবলগীয়া যে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজে বাৰে বাৰে আবেদন কৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই  এটা নতুন গৃহ নিৰ্মাণ কৰিছে । কিন্তু নিৰ্মান সম্পূৰ্ণ হোৱাৰ প্ৰায় দুবছৰে হল যদিও আজি লৈকে নতুন গৃহটোৰ তলা বন্ধ কৰি ৰাখিছে বিভাগী কৰ্তৃপক্ষই । গতিকে বিভাগীয় কতৃপক্ষই যাতে অনতি পলমে নৱ নিৰ্মিত গৃহটো আনুষ্ঠানিক ভাৱে মুকলি কৰি দি এগৰাকী চিকিৎসক নিযুক্ত কৰি দিয়ে তাৰ বাবে স্থানীয় ৰাইজে অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে । ইয়াৰ উপৰি উপ-স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওফালে পকী দেৱাল নথকাৰ বাবে বিভিন্ন অসমাজিক কাৰ্য্য-কলাপ সংঘটিত হয় উপ-স্বাস্থ্য কেন্দ্ৰটোত । গতিকে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওফালে পকী দেৱাল নিৰ্মাণ কৰাৰো দাবী জনাইছে স্থানীয় ৰাইজে ।

Related Articles