Breaking

লাকুৱা ঐতিহাসিক আমলখি দেউশালত তৰুণ গগৈ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা

0 107

দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৪নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাৰ ঐতিহাসিক আমলখি দেউশালত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আশু আৰোগ্য কামনা কৰি এক বিশেষ পূজাৰ আয়োজন কৰা হয়। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

লাকুৱাৰ দিচাং নৈৰ কাষত থকা তথা আহোম যুগৰ পৱিত্ৰ উপাসনাস্থলী ঐতিহাসিক আমলখি দেউশালত পুৱা চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, সম্পাদক দাদুল বৰুৱা, তীৰ্থ বৰা, স্বপ্নজিৎ বৰগোঁহাই আদিৰ নেতৃত্বত কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ এই বিশেষ পূজাভাগৰ আয়োজন কৰে।

মলুং নিপেন মহনৰ দ্বাৰা টাই আহোম পৰম্পৰা অনুসৰি আমলখি দেউশালত আয়োজন কৰা বিশেষ পূজাভাগৰ যোগেদি আহোম সকলৰ উপাস্য দেৱতাসকলক আৰাধনা কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। অনুষ্ঠানত যথেষ্ট সংখ্যক কংগ্ৰেছ দলৰ কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.