Breaking

দিছপুৰ প্ৰেছ ক্লাৱত প্ৰীতিৰেখা দত্তক ‘কৃষ্টি সাধনা বঁটা’ প্ৰদান

0 43

অসমৰ আগশাৰী তথা জনপ্ৰিয় সাহিত্য-সাংস্কৃতিক-সামাজিক বেচৰকাৰী অনুষ্ঠান ‘কৃষ্টিপথাৰ’ৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো গান্ধী জয়ন্তীৰ লগত সঙ্গতি ৰাখি বাৰ্ষিক কবি সন্মিলন আৰু বঁটা প্ৰদান অনুষ্ঠান ২ অক্টোবৰত দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়৷

উক্ত অনুষ্ঠানতে, শংকৰদেৱ গৱেষণা আৰু অধ্যয়নৰ লগতে বৰগীতৰ ক্ষেত্ৰখনত বিভিন্ন সম্পৰীক্ষা আৰু সাধনাৰ জৰিয়তে বৰগীতক বিশ্বজনীন কৰাৰ হকে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই থকাৰ স্বীকৃতি স্বৰূপে বি এইচ বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক প্ৰীতিৰেখা দত্তক ২০২৩-২৪ বৰ্ষৰ ‘কৃষ্টি সাধনা বঁটা’ প্ৰদান কৰা হয়৷

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থকি ৰাজ্যিক কৃতি শিক্ষক বঁটাপ্ৰাপক পৱন কলিতা, মণিপুৰ চৰকাৰৰ উচ্চপদস্থ বিষয়া তথা সাংস্কৃতিক কৰ্মী বীৰুমণি সিঙে প্ৰীতিৰেখা দত্তক এই বঁটা প্ৰদান কৰে৷

অনুষ্ঠানত উপস্থিত থাকি কবি অজিৎ কুমাৰ দত্ত আৰু পশ্চিমবংগৰ প্ৰখ্যাত বাংলা সাহিত্যিক সুনীল চক্ৰৱৰ্তীয়ে প্ৰীতিৰেখাক অধিক দায়বদ্ধতাৰে গুৰুদুজনাৰ এই অমৰ সৃষ্টিক বিশ্বমুখী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।উল্লেখ্য যে, সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ ৰাৱণাপাৰত জন্ম গ্ৰহণ কৰা প্ৰীতিৰেখা দত্তই ইতিমধ্যেই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা বৰগীতত জলপানি লাভ কৰিছিল।

ইতিমধ্যে প্ৰীতিৰেখাই “Sankaradeva – As a Pioneer of Social Engineering” শীৰ্ষক এখন গৱেষণামূলক গ্ৰন্থও প্ৰকাশ কৰিছে৷

Leave A Reply

Your email address will not be published.