Breaking

কেৰালাত গৰ্ভৱতী বন্য হাতী হত্যা কাহিনী…..

0 74

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

‘পশু নিৰ্যাতন’ শব্দটোৰ লগত মানুহ অপৰিচিত নহয়৷ কিন্তু গৰ্ভৱতী হাতীক অমানুষিকভাৱে নিধন কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনা সংঘটিত হৈছে কেৰালাত৷ আনহাতে ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উত্তৰ কেৰালাৰ মালাপ্পুৰম জিলাৰ এখন গাঁৱত এই গৰ্ভৱতী হাতীজনী ঘুৰি ফুৰে৷ হাতীজনীয়ে খাবলৈ নাই হাবিত সামগ্ৰী৷ অৰণ্যৰ পৰা জনবহুল ঠাইলৈ খাদ্যৰ সন্ধানত আহিছিল৷ ‘সভ্য সমাজ’ পায়ে কাল হ’ল হাতীজনীৰ৷  মন কৰিব লগা যে হাবিৰ পৰা অহাৰ পাছত হাতীজনীয়ে কোনো লোকক আক্ৰমণ কৰা নাছিল৷ আনকি কোনো লোকক বিপদৰ মুখলৈ ঠেলি দিয়া নাছিল৷ কিন্তু গাঁওবাসীৰ ভয়, যদি৷হাতীজনীয়ে ক্ষতি কৰে৷ অত্যাচাৰৰ হাত আগবাঢ়ি যায়৷ আতছবাজী আৰু বন্দুকৰ গুলীত থকা পাউদাৰ মাটিকঠালৰ ভিতৰত সোমোৱাই হাতীজনীক খাবলৈ দিয়ে৷ ফলত গৰ্ভস্থ সন্তানসহ হাতীজনীৰ মৃত্যু হয়৷ এইদৰে গাঁৱৰ কেইজনমান বাসিন্দাই অভিযোগ কৰে৷ কিভাৱে এই হাতীজনীক মাৰি পেলোৱা হৈছিল সেই বিষয়ে ছ’চিয়েল মিডিয়াত ঘটনাৰ বিবৰণ দিছে কেৰালাৰ বন বিভাগৰ এজন বিষয়া মোহন কৃষ্ণণে৷ তেওঁ জনাই যে হাতীজনীৰ মুখৰ ভিতৰত বাৰুদ ভৰাই মাটিকঠাল বিস্ফোৰণ হোৱাৰ পৰা বুজিব পাৰি যে হাতীজনীৰ কি অৱস্থা হৈছিল৷ তীব্ৰ যন্ত্ৰণাত পৰি গাঁওখন ঘুৰি ফুৰে৷ কোনো লোকক আক্ৰমণ কৰা নাছিল৷ এই অবলা প্ৰাণীটোৱে সকলোকে বিশ্বাস কৰিছিল৷ হাতীজনীয়ে বুজি পাইছিল যে অন্তিম সময় আহিছে৷ তেতিয়া চাগে হাতীজনীৰ গৰ্ভত থকা সন্তানৰ কথাই মনলৈ আহি আছিল৷ যন্ত্রনালৈয়ে স্থানীয় এখন নদীত শুঁৰ আৰু মুখ ডবুৱাই দিছিল হাতীজনীয়ে৷ ভাবিছিল পানীৰ ঠাণ্ডাই হয়তো ভিতৰৰ জ্বলা কমাব৷ এনেদৰে কেইটামান ঘণ্টা পানীত থাকিয়ে হাতীজনীৰ মৃত্যু হয়৷ এই মর্মান্তিক খবৰটো পাই উদ্ধাৰকাৰী দল লৈ বিষয়াজন তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়৷ কিন্তু চাৰি ঘণ্টা ধৰি বহু চেষ্টা কৰি পানীৰ পৰা হাতীজনী তুলি আনিব নোৱাৰিলে৷ বিষয়া মোহন কৃষ্ণণৰ প’ষ্টত হাতীজনীৰ মৃত্যুৰ বৰ্ণনা শুনি শিহৰিত হৈ পৰে বিভিন্নজন৷ ঘটনাটোক তীব্ৰ নিন্দা কৰিছে বিভিন্নজনে৷

Leave A Reply

Your email address will not be published.