Breaking

৯ জুনত ছিকিমৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব প্ৰেম সিং তামাঙে…

0 22

দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাবে শপত ল’ব ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ নেতা প্ৰেম সিং তামাঙে। ৯ জুনত তেওঁ দ্বিতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব৷ জানিব পৰা মতে ছিকিমৰ ৰাজধানী গেংটকৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান। ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও দুয়োটা সমষ্টিতে তেওঁ পৰাজিত হয়। তামাঙে নিৰ্বাচনত জয়ী হৈ দলীয় কৰ্মী-সমৰ্থকসকলক সম্বোধন কৰি তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৩২ খন আসনৰ বাবেও বিধানসভা নিৰ্বাচন হয়৷ বিধানসভাৰ ৩২ খন আসনৰ ভিতৰত ৩১ খন আসনত এছ কে এম জয়ী হয়। তামাঙে এছ কে এমৰ নেতা আৰু কৰ্মীসকলক তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেও প্ৰশংসা কৰে৷ উল্লেখ্য যে, ৫৬ বছৰীয়া তামাং এগৰাকী দক্ষ নেতা । তামাঙে ২০১৯ চনৰ পৰা ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক আৰু এজন দক্ষ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯৪ চনৰ পৰা ২০০৯ চনলৈকে চাকুং জিলাত তেওঁ শিক্ষকতা কৰিছিল। ছিকিম ক্ৰান্তিকাৰি মৰ্চা দল গঠন কৰাৰ পূৰ্বে তেওঁ ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ) পাৰ্টী এজন গুৰুত্বপূৰ্ণ সদস্য আছিল। তেওঁ ৰাজ্য খনৰ এগৰাকী অতি জনপ্ৰিয় নেতা হিচাবে পৰিগণিত হৈছে।

Leave A Reply

Your email address will not be published.