Breaking

নৰেন্দ্ৰ মোদীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনালে ৰাষ্ট্ৰপতি মুৰ্মুৱে, আজি শপতগ্ৰহণ…

0 20

বিজেপি নেতৃত্বাধীন নেছনেল ডেম’ক্ৰেটিক এলায়েন্সে (এন ডি এ)-এ নৰেন্দ্ৰ মোদীক সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ পাছত শুকুৰবাৰে নৰেন্দ্ৰ মোদীক কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায় ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতি ভৱনত মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। ইয়াৰ পিছতে নৰেন্দ্ৰ মোদীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনালে ৰাষ্ট্ৰপতি মুৰ্মুৱে। নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৬ বজাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

মোদীয়ে কয় যে ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ পত্ৰ প্ৰদান কৰিছে আৰু শপতগ্ৰহণৰ বাবে উপযুক্ত সময়ৰ সবিশেষ বিচাৰিছে। লগতে শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰীৰ তালিকাও বিচাৰিছে বুলিও মোদীয়ে কয়। মোদীয়ে কয় “আজি এন ডি এৰ বৈঠক অনুষ্ঠিত হয়, য’ত মিত্ৰজোঁটৰ বন্ধুসকলে মোক এই দায়িত্বৰ বাবে বাছনি কৰিছে । এন ডি এৰ সকলো মিত্ৰই এই বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰিছে , আৰু ৰাষ্ট্ৰপতিয়ে মোক ফোন কৰি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দি শপত গ্ৰহণ অনুষ্ঠান আৰু কেবিনেট মন্ত্ৰীৰ তালিকাৰ বিচাৰিছে। মই তেওঁক জনাইছো যে ৯ জুনৰ সন্ধিয়া আমাৰ বাবে শপতগ্ৰহণ কৰাটো সম্ভৱ হ’ব।’

Leave A Reply

Your email address will not be published.