Breaking

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ ৰাষ্ট্ৰপতিৰ : নাম উল্লেখ নকৰাকৈ চীনৰ ‘সম্প্ৰসাৰণ নীতি’ক কঠোৰ ভাষাৰে সমালোচনা

0 1,344

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ ৭৪ তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে ৰাষ্ট্ৰৰ উদ্দেশ্যি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ভাষণ আগবঢ়ায়৷ ভাষণৰ আৰম্ভণিতে বিদেশী শক্তিৰ সৈতে যুদ্ধ কৰি স্বাধীনতা কাঢ়ি অনা সংগ্ৰামীসকলৰ প্ৰতি তেওঁ শ্ৰদ্ধা জনায়৷ আনহাতে নাম উল্লেখ নকৰি চীনৰ ‘সম্প্ৰসাৰণ নীতি’ক লৈ কঠোৰ ভাষাৰে ৰাষ্ট্ৰপতিয়ে সমালোচনা কৰে৷ লগতে গালৱানৰ শ্বহীদ ভাৰতীয় সৈনিকসকলৰ প্ৰতি সন্মান জনায়৷ ক’ৰোনা মহামাৰীৰ প্ৰসংগত উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়, এইবাৰ স্বাধীনতা দিৱস উদযাপনত কোনো জাকজমকতা হোৱা নাই৷ এই মহামাৰীৰ লগত মোকাবিলাত কেন্দ্ৰই সঠিক দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰ আৰু জনসাধাৰণৰ সহযোগিতাত পৰিস্থিতি মোকাবিলা কৰা হৈছে৷ এই মহামাৰীৰ সময়ত আমাৰ দৰিদ্ৰসকলৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰি বহু পদক্ষেপ লৈছে৷ বিনামূল্যে প্ৰতি মাহে ৮০ কোটি মানুহক ৰেচন দিছে৷ ইয়াৰ বাবে এক দেশ এক ৰেচন কাৰ্ড প্ৰকল্প আৰম্ভ কৰা হৈছে৷ আনহাতে ৰাষ্ট্ৰপতিয়ে ক’ৰোনা যোদ্ধাসকলক ধন্যবাদ জনায়৷ ৰাষ্ট্ৰপতিয়ে কয়, চিকিৎসক, নাৰ্চ তথা আন স্বাস্থ্য কৰ্মীয়ে নিজক সীমা পাৰ কৰি সেৱা কৰিছে৷ দুৰ্ভাগ্যৰ বিষয়, তেওঁলোকৰ বহুকেইজন এই ৰোগত পৰি মৃত্যু হৈছে৷ ইয়াৰ লগতে ঘূৰ্ণিবতাহ আমফানক লৈ ৰাষ্ট্ৰপতিয়ে কয়, পশ্চিম বংগ আৰু ওড়িশ্যাত আমফামে বিস্তৰ ক্ষতি কৰিলে৷ উত্তৰ-পূব ভাৰতত বান পৰিস্থিতি ভয়াৱহ৷ এনে সংকট কালত আমি সকলো একেলগ হৈ কাম কৰিব লাগিব৷ মহামাৰীৰ সময়ত ভাৰতে বিশ্বৰ আন প্ৰভাৱিত দেশবোৰৰ সৈতে আছে আৰু এই কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়, ক’ৰোনা মোকাবিলাত আমি বহু দেশৰ কাষত থিয় হৈছো৷ আন্তৰ্জাতিক মঞ্চত ভাৰত থাকিব আৰু নিজৰ পৰিচয় বৰ্তাই ৰাখিব৷ আমি কেৱল নিজৰ কথা ভবা নাই৷ আমি সকলোৰে কাষত থিয় হৈ আছো৷

Leave A Reply

Your email address will not be published.