Breaking

Pressure Cooker Food : প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী নে উপকাৰী…

29

আজিৰ ব্যস্ততা ভৰা জীৱনত প্ৰেছাৰ কুকাৰ অবিহনে পাকঘৰৰ কাম নচলে। সময় ৰাহি, গেছ ৰাহি, কষ্ট কমি যোৱা সকলো হৈ যায় প্ৰেছাৰ কুকাৰত ৰান্ধিলে। কিন্তু কিছুমান খাদ্য কুকাৰত ৰান্ধিলে সোৱাদ নষ্ট হোৱাৰ উপৰি নাথাকে পুষ্টিগুণ। বহু খাদ্য প্ৰেছাৰ কুকাৰত ৰান্ধিব নালাগে ।

প্ৰথমতে জানি লোৱা ভাল হ’ব প্ৰেছাৰ কুকাৰেনো কেনেকৈ কাম কৰে। পানী সাধাৰণ অৱস্থাত ১০০ ডিগ্ৰী ছেলছিয়াচত উতলে, সেয়া পানীৰ উতলাংক।কিন্তু কম চাপত পানীৰ উতলাংক কমে, কাৰণ পানীৰ অনুবোৰ সহজে পৃষ্ঠৰ পৰা ওলাই যাব পাৰে। সেইবাবে পাহাৰীয়া ওখ ঠাইত খাদ্য সিজিবলৈ বেছি সময় লয়। কাৰণ তাত বায়ুৰ চাপ কম, গতিকে পানী ১০০ ডিগ্ৰীতকৈ কমতে উতলে, কিন্তু তাপ কম হোৱা বাবে খাদ্য সিজাত সময় লাগে। পানী উতলাংকৰ ওপৰত গৰম কৰিব বিচাৰিলেও নোৱাৰি, তাৰ পিছত ই ভাপ হে হয়। তাৰ বিপৰীতে চাপ বাঢ়িলে পানীৰ উতলাংকও বাঢ়ে। প্ৰেছাৰ কুকাৰত পানীৰ ভাপ ধৰি ৰাখি চাপ বৃদ্ধি কৰা হয়। ইয়াৰ ফলত ঠাইখনৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰেছাৰ কুকাৰৰ ভিতৰত পানীৰ উতলাংক ১২১ ডিগ্ৰীলৈকে বাঢ়িব পাৰে। গতিকে অধিক তাপত খাদ্য কম সময়ত সিজে। ১২০ ডিগ্ৰী উষ্ণতাত সিজোৱা খাদ্য সাধাৰণভাৱে সিজোৱা খাদ্যতকৈ চাৰিভাগৰ এভাগলৈ কম সময়ত সিজে।

প্ৰেছাৰ কুকাৰত সিজাবলৈ পানী কম লাগে। লগতে অতি কম পৰিমাণৰ ৰসহে ভাপ হৈ ওলাই যায়। বেছিভাগ প্ৰেছাৰ কুকাৰটোৰ ভিতৰতে থাকে। ইয়াৰ ফলত ভিটামিন বা মিনাৰেল আদি বেছিকৈ leach বা দ্ৰৱীভূত হৈ নাযায়। সিজোৱা পানীখিনি পেলাই নিদিয়াটোৱেই ভাল। প্ৰেছাৰ কুকাৰত সিজাবলৈ সময় কম লাগে বাবে খাদ্যৰ পুষ্টি কম হানি হয়। বেছি সময় ৰান্ধি থাকিলে বেছি পুষ্টি হানি হয়। ( loss of nutrients )

প্ৰেছাৰ কুকাৰত খাদ্য পানীৰ সাধাৰণ উতলাংকতকৈ বেছি উষ্ণতাত সিজে বাবে বেছিভাগ অনুজীৱ ধ্বংস হয়। সেইবাবে ইয়াক শিশুৰ গাখীৰখোৱা বটল আদিৰ বীজাণুমুক্তকৰণৰ বাবেও ব্যৱহাৰ কৰা হয়।


বেছি শৰ্কৰা থকা খাদ্য যেনে আলু আদি ১২০ ডিগ্ৰী বা বেছি উষ্ণতাত সিজালে কিছুমান অপকাৰী যৌগৰ সৃষ্টি হয় (Acrylamide, heterocyclic amines, Lectins and Phytic Acid আদি)। ইয়াৰ কিছুমান কেন্সাৰৰ কাৰক হ’ব পাৰে, যেনে Acrylamide আৰু heterocyclic amines। আন বেছি উষ্ণতাৰ ৰন্ধন পদ্ধতি যেনে বেকিং, ভজা বা পোৰা আদিত সেয়া হয় যদিও প্ৰেছাৰ কুকাৰৰ ক্ষেত্ৰত সেয়া হোৱা দেখা নাযায়।কাৰণ হ’ল প্ৰেছাৰ কুকাৰৰ ভিতৰৰ জীপাল পৰিৱেশ।

লগতে পঢ়ক : Raymond Lifestyle Listing: শ্বেয়াৰ বজাৰত মুকলি হ’ল ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক

Published by: Jebin Sultana

Comments are closed.