খাদ্য আৰু জীৱন শৈলীৰে হৃদৰোগ প্ৰতিৰোধ কৰক…

খাদ্য আৰু জীৱন শৈলীৰে হৃদৰোগ প্ৰতিৰোধ-

সম্প্রতি আমাৰ সমাজত দেখা দিয়া বিভিন্ন ৰোগসমূহৰ ভিতৰত মধুমেহ, হৃদৰোগ আদিয়ে মূল ৰোগৰূপে দেখা দিছে। তদুপৰি, হাই কলেষ্ট’ৰেল, উচ্চ ৰক্তচাপ আদি ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ জীৱন শৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱর্তনৰে কৰিব পৰা যায়।

এতিয়া আহিছো হৃদৰোগ হোৱাৰ মূল কাৰণসমূহনো কি জানিবলৈ—

(ক) খাদ্যাভ্যাস

(খ) জীৱন শৈলী

(গ) নিয়ন্ত্রণহীন কাৰক।

(ঘ) বংশগত

(ঙ) মেদবহুলতা

(চ) মধুমেহ

(ছ) ধূমপান

(জ) কলেষ্ট’ৰেল

(ঝ) পৰিশ্রম বিমুখিতা আৰু মানসিক উদ্বেগ ইত্যাদি।

গতিকে এনে কাৰকসমূহৰ বাবে হৃদৰোগ দ্ৰুত হাৰত বঢ়া বুলি স্বাস্থ্য বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। সেয়েহে আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ দ্বাৰা এই ৰোগটো প্ৰতিৰোধ কৰাৰ বাবে চেষ্টা কৰি এটা সুস্থ জীৱনৰ বাবে সাধনা কৰো আহক।

জীৱনশৈলী পৰিৱৰ্তনৰ লগে লগে আমাৰ খাদ্যাভ্যাস আদিতো গুৰুত্ব আৰোপ কৰিব লাগিব। আমাৰ দৈনন্দিন খাদ্য তালিকাত যথেষ্ট আঁহযুক্ত পুষ্টিগুণসম্পন্ন আহাৰ থাকিব লাগিব। এটা সুস্থ-সৱল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব।

খাদ্যাভ্যাস

খাদ্যই আমাৰ জীৱনীশক্তি বৃদ্ধি কৰে। সেয়েহে খাদ্য সদায় পুষ্টিগুণসম্পন্ন আৰু সুষম হোৱা উচিত। সেউজীয়া শাক-পাচলি আৰু সতেজ ফল-মূল খাব লাগে। বিশেষকৈ পালেং শাক, মৰিচা শাক, মূলাজাতীয় শাক আদি খাব পাৰিলে ভাল। তেল, চর্বিজাতীয় খাদ্য আৰু নিমখ কম পৰিমাণে খাব লাগে। সতেজ শাক-পাচলি আৰু বতৰৰ ফল-মূল খোৱা উচিত। ভাতৰ লগত মাহ, শাক-পাচলি আদিৰ উপৰি তিল আদি খালে উপকাৰ পোৱা যায় বুলি কোৱা হয়। ই দেহৰ কলেষ্ট’ৰেলৰ পৰিমাণ কমায়। যৱধানৰ বস্তু খোৱা ভাল। ইয়াত ভিটামিন, আঁহ আৰু খনিজ দ্রব্য অধিক থাকে বুলি কোৱা হয়।

ধূমপান বর্জন কৰক

ধঁপাতজাতীয় দ্রব্যৰ ব্যৱহাৰ হৈছে হৃদৰোগৰ মুখ্য কাৰণ। ধঁপাতত থকা নানা বিষাক্ত ৰাসায়নিক দ্রব্যই হৃদপিণ্ডৰ যথেষ্ট ক্ষতিসাধন কৰে বুলি কোৱা হয়। ধপাত সেৱনৰ ফলত ৰক্তবাহী নলীবোৰ সৰু হৈ যায় আৰু ধূমপায়ী লোক হৃদৰোগত আক্ৰান্ত হয়। হৃদৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হ’ল ধূমপান সম্পূর্ণ বর্জন কৰা।

ব্যায়াম

নিয়মিত ব্যায়াম হৈছে, হৃদৰোগৰ পৰা বাচি থকাৰ উত্তম উপায়। শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰৰ মেদবহুলতা হ্রাস পায়, শৰীৰৰ ওজন কমে, উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ হোৱাত বাধা দিয়ে বুলি কোৱা হয়। প্রতিদিনে ২০-৩০ মিনিট সময় ব্যায়াম কৰা উচিত। খোজ কঢ়া, শাকনি বা ফুলনিত কাম কৰা, পানী দিয়া আদি কাম কৰিব লাগে। যদি অট্টালিকাত উঠিব লগা হয়, লিফটত নগৈ খট্‌খটী বগাই অহা-যোৱা কৰা ভাল।

জীৱনশৈলী

পুৱা ৫ বজাতে টোপনিৰ পৰা উঠি মুকলি ঠাইত খোজ কাঢ়ক। তাৰ পাছত আহি দুগিলাছমান পানী খাওক। পানীত নেমুৰ ৰস চেপি লৈ খালে খাওক।

শৌচ-প্ৰস্ৰাৱ কৰি ভালদৰে মুখ-হাত ধুই পাৰিলে ‘ভ্ৰাস্ত্ৰিকা” কৰিলে উপকাৰ পাব। শ্বাস-প্রশ্বাস সঠিকভাৱে ৰাখিবলৈ চেষ্টা কৰা উচিত।

কুহুমীয়া গৰম পানীত নেমু ৰস আৰ-দুচামুচমান মৌ মিহলাই খালে ভাল ফল পোৱা যাব।

আহাৰ সদায় সময় মতে খাব পাৰিলে স্বাস্থ্যৰ বাবে ভাল।

পুৱা জলপানৰ লগত ৰুটী সতেজ পাচলিৰ তৰকাৰি আৰু ফল-মূলৰ ভিতৰত আপেল বা মধুৰিআম থাকিলে ভাল। তৰকাৰি পটল, গাজৰ আদিৰে তৈয়াৰ কৰিব পাৰিলে ভাল হয়।

দুপৰীয়া আহাৰৰ লগত ভাত, সিদ্ধ পাচলি এবাতি, তিয়হ, বিলাহী, গাজৰৰ চালাড, দৈ আদি খালে উপকাৰ পোৱা যায়।

দুপৰীয়া আধা ঘণ্টা খাই উঠি জিৰণি লোৱা উচিত।

আবেলি ৰঙা চাহত আদা-জালুক, ইলাচি দিয়া একাপ চাহ আৰু দুখন বিস্কুট খোৱা ভাল। নিশাৰ আহাৰ পাতলীয়া হ’লে ভাল হয়।

গতিকে খাদ্যাভ্যাস আৰ জীৱনশৈলীৰে আমি আমাৰ বহুতো ৰোগৰ পৰা হাত সাৰি থাকি এটা সুন্দৰ স্বাস্থ্যৱান দেহৰ গৰাকী হৈ সুস্থ জীৱন যাপন কৰিবলৈ সংকল্প ল’ব নোৱাৰোনে ?

লিখক: ধনেশ্বৰ হুজুৰী, 

Related Articles