Breaking

মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ উদ্যোগত পুৰোহিত কৰ্মশালা…

0 21

কামৰূপ জিলাৰ অন্তৰ্গত বামুন্দী ধৰ্মেশ্বৰী চতুস্পাঠী সংস্কৃত টোলত মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ উদ্যোগত, কামৰূপ ব্ৰাহ্মণ যুৱ সমাজ আৰু পুৰোহিত কৰ্মশালা মঞ্চৰ সহযোগত পুৰোহিত কৰ্মশালা খনি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’য়।উক্ত কাৰ্যসূচীত ব্ৰাহ্মন সমাজৰ বৈদিক ৰীতি নীতিৰ জ্ঞানৰ ওপৰত নৱপ্ৰজন্মক সম্যক জ্ঞান দিয়াৰ লক্ষ্যৰে সাৱলীলভাৱে আলোচনা কৰা হ’য়।

উক্ত কাৰ্যসূচীত মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি মৃণাল কুমাৰ শৰ্মা, সম্পাদক ধীৰেণ চন্দ্ৰ শৰ্মা, সহঃ সম্পাদক অনিমেশ শৰ্মা, হিমাংশু কৌশিক, উপদেষ্টা শিৱ প্ৰসাদ শৰ্মা, সুৰেশ ভট্ট, নাৰায়ন চন্দ্ৰ শৰ্মা, কামৰূপ ব্ৰাহ্মণ সমাজৰ সভাপতি ড° নীতিশ চন্দ্ৰ শৰ্মা, অৱসৰী অধ্যাপক অজিত শৰ্মাকে প্ৰমুখ্যে শতাধিক ব্ৰাহ্মন সমাজৰ লোক উপস্থিত থাকে।

Leave A Reply