Breaking

পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী

0 2,171

পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ ৭ ফেব্রুৱাৰীত অসম ভ্রমণ কৰিব লগা প্রধানমন্ত্রী মোদীয়ে যোৰহাট-মাজুলীৰ মাজত প্রস্তাৱিত দলঙৰ ভূমিপূজন কার্যসূচীত অংশ লোৱাৰ লগতে বিশ্বনাথত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব ৷ মাজুলীক সংযোগ কৰি যোৰহাটৰ পৰা ব্রহ্মপুত্রৰ ওপৰত এখন দলং নির্মাণৰ কথা ২০১৬ চনত ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল ৷ ৬৮৭.৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা দলংখনৰ নিৰ্মানৰ প্রক্রিয়া বিগত বর্ষৰ নৱেম্বৰত সম্পূর্ণ কৰা হৈছে ৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত অতি কম সময়ৰ ভিতৰতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিতীয়টো অসম ভ্রমণে ৰাজনৈতিক প্রেক্ষাপটত বিশেষ তাৎপর্য বহন কৰিব আৰু চৰকাৰখনৰ লগতে দলৰ বাবেও যথেষ্ট ইতিবাচক বুলি পৰিগণিত হ’ব ৷ অৱশ্যে এতিয়াও প্রধানমন্ত্রী কার্যসূচী সন্দর্ভত দল অথবা চৰকাৰে আনুষ্ঠানিকভাৱে কোনো তথ্য প্রকাশ কৰা নাই ৷

Leave A Reply

Your email address will not be published.