দেশৰ প্ৰধান মন্ত্ৰী ২৮ এপ্ৰিলত এলানি চৰকাৰী ভ্ৰমণ সুচী লৈ ডিব্ৰুগড়ত পদাৰ্পণ কৰিব । প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণক লৈ ব্যাপক প্ৰস্ততি ডিব্ৰুগড়ত ।
কৰোণাত সৰ্বস্বান্ত হৈ পৰা ৰাজ্যখনৰ ব্যৱসায়ীমহল আৰু সাধাৰণ শ্ৰমজীৱি ৰাইজে আজিও ককাল পুনাব পৰা নাই । অত্যাৱশ্যকীয় সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ দ্ৰুতগামী মূল্যবৃদ্ধি । পেট্ৰলজাত সামগ্ৰীৰ অভূতপূৰ্ব মুল্যবৃদ্ধি । ৰাইজৰ ওপৰত ইটোৰ পাচত সিটো কৰৰ বোজা । ৰাজ্যৰ জনসাধাৰণে জীয়াতু ভুগি থকাৰ মুহুত্বতে তাৰ বিপৰীতে এনে স্থিতিৰ মাজতে চৰকাৰৰ ব্যয় বহুল ৰাজকীয় বিলাসিতাই চকু কপালত তুলিছে ৰাইজৰ ।
এতিয়া ডিব্ৰুগড় মিনি দিল্লীলৈ পৰিণত । ।সঘণাই বাজিছে মন্ত্ৰী আমোলাৰ গাড়ীৰ কণভয়ৰ চাইৰেণ । কি ৰেল পথ কি পদ পথ বাঁহৰ বেৰিকেটৰ নিৰাপত্তাৰ বেষ্টনি । প্ৰধান মন্ত্ৰীৰ আগমনক লৈ ডিব্ৰুগড়ত দুটাকৈ বিলাসী ব্যয়বহুল হেলিপেডৰ নিৰ্মাণ । ১৫০ বিঘা ভুমি সামৰি হেলিপেড নিৰ্মাণ হৈ উঠিছে । বাৰিষাৰ বানত ককবকাই থকা ডিব্ৰুগড় চহৰখনৰ বুকুত যেন ভৌগলিক সমস্যাই তেনে ৰূপ পাই উঠিছে । শেলুৱৈ লাগি থকা চহৰখনৰ আৱৰ্তভৱনেও তেল পানী ঘঁহি ললে প্ৰধাণ মন্ত্ৰীৰ আগমনৰ সুযোগতে ।
কৰ্কট ৰোগৰ চিকিৎসালয় চৰকাৰে লোৱা নিৰ্মাণৰ পদক্ষেপ সঁচাকৈ আদৰণীয় গঠণমুলক । উপকৃত হব ইয়াৰ দ্ধাৰা দেশৰ জনসাধাৰণ । সেই বুলি প্ৰধান মন্ত্ৰীৰ আগমনক লৈ ইমান ব্যয় বহুল আয়োজন কিয় ? দৰাচলতে এই বিলাসী ব্যয়বহুল আয়োজনে কাৰ উপকাৰ সাধিব।