Breaking

অযোধ্যাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অযোধ্যা ধাম জংচনৰ পৰা ৬খন বন্দে ভাৰত আৰু ২খন অমৃত ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব…

0 29

আজি অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে অযোধ্যাত উৎকৃষ্ট প্ৰস্তুতি চলোৱা হৈছে। আজি তেওঁ অযোধ্যাত ১৫,৭০০ কোটি টকাৰ ৪৬ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। অযোধ্যা ধাম জংচনৰ পৰা ৬খন বন্দে ভাৰত আৰু ২খন অমৃত ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোও উদ্বোধন কৰাৰ লগতে ৰাজহুৱা সভাতো ভাষণ দিব। আজি অযোধ্যাত প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব’ও অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা ৰাম মন্দিৰৰ অভিষেকৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ শুনিবলৈ ৰাজহুৱা সভাস্থলীত হাজাৰ হাজাৰ লোক সমবেত হৈছে।

Leave A Reply

Your email address will not be published.