Breaking

আজি ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা সম্বোধন

0 2,060

আজি ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশাল জনসভা সম্বোধন কৰে। অনুষ্ঠানৰ মাজতে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আধাৰশিলা স্থাপন কৰে বিশ্বনাথ চাৰিয়ালি আৰু চৰাইদেউত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ।সভাত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, অসমত মাতৃভাষাতে আৰম্ভ হ’ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান।

প্ৰধানমন্ত্ৰীৰ মতে, ‘স্থাপন হ’বলগীয়া এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অসমীয়া ভাষাতে হওক।’ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক নিৰ্বাচনৰ পিছত যেতিয়া ৰাজ্যত নতুন চৰকাৰ প্ৰতিষ্ঠা হ’ব, তাৰ পিছতে ৰাজ্য়ৰ এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক কলেজৰ পাঠদান অসমীয়াতে কৰোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

লগতে ইয়াৰ সংখ্যা পৰৱৰ্তী সময়ত বঢ়োৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে, ‘স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কিয় মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাযায়?  অসমীয়াতে অধ্যয়ন কৰিলে এজন ছাত্ৰ ভাল চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰিব নেকি?   দেশ প্ৰতিখন ৰাজ্যৰ এখনকৈ মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত মাতৃভাষাত শিক্ষাদান প্ৰধানমন্ত্ৰীৰ সপোন বুলিও সদৰিকৰে।সভাত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, অসমত মাতৃভাষাতে আৰম্ভ হ’ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান। প্ৰধানমন্ত্ৰীৰ মতে, ‘স্থাপন হ’বলগীয়া এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অসমীয়া ভাষাতে হওক।’

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক নিৰ্বাচনৰ পিছত যেতিয়া ৰাজ্যত নতুন চৰকাৰ প্ৰতিষ্ঠা হ’ব, তাৰ পিছতে ৰাজ্য়ৰ এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক কলেজৰ পাঠদান অসমীয়াতে কৰোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

লগতে ইয়াৰ সংখ্যা পৰৱৰ্তী সময়ত বঢ়োৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে, ‘স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কিয় মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাযায়?  অসমীয়াতে অধ্যয়ন কৰিলে এজন ছাত্ৰ ভাল চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰিব নেকি? 

দেশ প্ৰতিখন ৰাজ্যৰ এখনকৈ মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত মাতৃভাষাত শিক্ষাদান প্ৰধানমন্ত্ৰীৰ সপোন বুলিও সদৰি কৰে।

Leave A Reply

Your email address will not be published.