Breaking

প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাতত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি অলিম্পিকলৈ নানা কথা…

0 13

প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাতত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি অলিম্পিকলৈ নানা কথা…

দীৰ্ঘদিনৰ বিৰতিত আজিৰে পৰা পুনৰ আৰম্ভ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত। দেওবাৰে মোদীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো মন কি বাত ৰেডিঅ’ যোগে সম্প্ৰচাৰ কৰে।১১১ সংখ্যক মন কি বাতত মোদীয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰখনক পুনৰ নিৰ্বাচিত কৰাৰ বাবে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু জনতাৰ সংবিধানৰ প্ৰতি থকা “অটল বিশ্বাস”ৰ শলাগ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনৰ জৰিয়তে সংবিধান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণে দেখুওৱা “আস্থা”ৰ বিষয়ে আলোকপাত কৰি কয় “আমাৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি থকা জনতাৰ অদম্য বিশ্বাসৰ বাবে আজি মই দেশবাসীক ধন্যবাদ জনাইছো । ২০২৪ চনৰ লোকসভা নিৰ্বাচন আছিল বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন। ৬৫ কোটি লোকে ভোটদান কৰা ইমান বৃহৎ নিৰ্বাচন পূৰ্বে কোনো দেশেই দেখা নাই।’

মৗোদীয়ে তেওঁৰ ভাষণত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে স্থগিত ৰখা ২৫ ফেব্ৰুৱাৰীৰ শেষৰ খণ্ডটোৰ পৰাই জনতাৰে এনেদৰে যোগাযোগ নোহোৱাৰ কথা উল্লেখ কৰে। মোদীয়ে কয় ‘অৱশেষত সেই দিনটো আহিল, যাৰ বাবে আমি সকলোৱে ফেব্ৰুৱাৰী মাহৰ পৰা অপেক্ষা কৰি আছিলো।

মন কি বাত হয়তো স্থগিত আছিল, কিন্তু ইয়াৰ সাৰমৰ্ম- দেশ, সমাজৰ বাবে কৰা কাম আৰু নিঃস্বাৰ্থ মনোভাৱেৰে সম্পন্ন কৰা ভাল কাম-অব্যাহত আছিল।’ মোদীয়ে তেওঁৰ ভাষণত অলিম্পিকলৈ নিৰ্বাচিত হোৱা ভাৰতীয় খেলুৱৈসকলক সমৰ্থন জনাবলৈ ‘cheer4Bharat’ হেচটেগ ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়। মোদীয়ে কয় “শীঘ্ৰে পেৰিছ অলিম্পিক আৰম্ভ হ’ব। মই নিশ্চিত যে আপোনালোক সকলোৱে আমাৰ ভাৰতীয় খেলুৱৈসকলৰ সফলতাৰ বাবে উল্লাস কৰিবলৈ আগ্ৰহী। ভাৰতীয় দলটোক অলিম্পিক গেমছৰ বাবে শুভকামনা জনাইছো।’’

মোদীয়ে লগতে কয় -‘টকিঅ’ অলিম্পিকৰ স্মৃতি এতিয়াও সতেজ হৈ আছে, য’ত আমাৰ খেলুৱৈসকলে প্ৰতিজন ভাৰতীয়ৰ হৃদয় জয় কৰিছিল। তেতিয়াৰে পৰাই আমাৰ খেলুৱৈসকলে পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আহিছে।’ ফৰাচী, চীনা, আৰবীকে ধৰি আন ২২টা ভাৰতীয় ভাষা, ২৯টা উপভাষা আৰু ১১টা বিদেশী ভাষাত অল ইণ্ডিয়া ৰেডিঅ’ৰ ৫০০ৰো অধিক সম্প্ৰচাৰ কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হোৱা মোদীৰ মন কি বাতলৈ সমগ্ৰ দেশৰ কোটি কোটি দৰ্শকে ব্যাপক সহাঁৰি জনাই আহিছে।

Leave A Reply