Breaking

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছতে সলনি হৈ পৰিল লাক্ষাদ্বীপৰ ভাগ্য, সোঁত পৰ্যটকৰ…

0 65

হঠাতে ভাগ্য সলনি হৈছে লাক্ষাদ্বীপৰ। প্ৰধানমন্ত্ৰী মোদীৰ লাক্ষদ্বীপ ভ্ৰমণৰ পিছত দ্বীপটোৰ ভাগ্য সলনি হৈ পৰিছে। এতিয়া বহু পৰ্যটকে লাক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। লাক্ষদ্বীপৰ প্ৰশাসক প্ৰফুল পেটেলে কয় যে লাক্ষদ্বীপ ভ্ৰমণৰ বাবে হাজাৰ হাজাৰ লোকে অনুসন্ধানৰ আৰম্ভ কৰিছে। পেটেলে আশ্বাস দিছে যে লাক্ষদ্বীপৰ প্ৰশাসনে পৰ্যটকৰ অত্যধিক হেঁচাকলৈ চিন্তিত নহয়, কিয়নো লাক্ষদ্বীপত পৰ্যটকৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি আছে।

পেটেলে কয়, “আমি লক্ষদ্বীপত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ আশা কৰি আছো। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে আমি লাভাৱান্বিত হ’ম, মালদ্বীপৰ কটাক্ষৰ বাবে নহয়”।

সোমবাৰে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ পিছতে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰদূত ড° আলী নাছিৰ মহম্মদক সাক্ষাৎ কৰে । আলোচনাকালত মালদ্বীপৰ শীৰ্ষ চৰকাৰী বিষয়াগৰাকীয়ে কয় যে দেশ খনৰ একাংশ মন্ত্ৰীয়ে মোদীৰ বিৰুদ্ধে কৰা মন্তব্যই মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিফলিত নকৰে। তেওঁ মালদ্বীপৰ চুবুৰীয়া দেশ ভাৰতৰ প্ৰতি অব্যাহত সমৰ্থনৰ কথা পুনৰ দোহাৰে।


মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে যে চৰকাৰে মোদীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত “অপমানজনক মন্তব্য” সম্পৰ্কে অৱগত আৰু তেনে ব্যক্তিগত দৃষ্টিভংগীয়ে মালদ্বীপ চৰকাৰৰ স্থিতিক প্ৰতিনিধিত্ব নকৰে।

ভাৰতে সোমবাৰে মালদ্বীপৰ দূত ইব্ৰাহিম শ্বাহিবক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মতাই অনাৰ পিছত আৰু মালদ্বীপৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা মন্তব্যক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰাৰ পিছতে দুই দেশৰ শীৰ্ষ প্ৰতিনিধিৰ এই বৈঠকখন অনুষ্ঠিত হয়।

লাক্ষদ্বীপত পৰ্যটনৰ প্ৰচাৰ কৰাৰ অৰ্থে মোদীয়ে পোষ্ট কৰা এটা ভিডিঅ’ৰ প্ৰতিক্ৰিয়া স্বৰূপে মালদ্বীপৰ মন্ত্ৰী মলশা শ্বৰীফ, মৰিয়াম শিউনা আৰু আব্দুল্লা মাহজুম মজিদে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।

Leave A Reply

Your email address will not be published.