Breaking

Priyanka Chopra:পতিৰ জন্মদিনত কি উপহাৰ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই? উপহাৰ দেখিলে হ’ব আচৰিত

64

নিক জোনাছৰ জন্মদিনত প্ৰিয়ংকা চোপ্ৰাই দিলে বহুত মৰম। কন্যা মালতীৰ সৈতে স্বামীৰ কনচাৰ্টত অংশ লৈ ক’লে- ‘তুমি আমাৰ..'(priyanka chopra birthday gift to husband nick jonas)

বলীউডৰ পৰা হলিউডলৈকে সকলোতে নিজৰ নাম অৰ্জন কৰা প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছক ছবি উদ্যোগৰ শক্তিশালী দম্পতী বুলি অভিহিত কৰা হয়। দুয়োৰে মাজত প্ৰায় ১০ বছৰৰ বয়সৰ পাৰ্থক্য আছে। প্ৰিয়ংকা নিকতকৈ ১০ বছৰ ডাঙৰ। তথাপিও দুয়োৰে মাজত থকা কেমেষ্ট্ৰী অনুৰাগীয়ে অতি ভাল পায়। (priyanka chopra birthday gift to husband nick jonas)শেহতীয়াকৈ নিকে ৩২ সংখ্যক জন্মদিন উদযাপন কৰে আৰু এই বিশেষ অনুষ্ঠানত প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াত এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰে।

পোষ্টটোত তেওঁ নিকৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰে। কন্যা মালতী মেৰীৰ সৈতে স্বামী নিকৰ কনচাৰ্টতো অংশ লৈছিল প্ৰিয়ংকাই। যিটো তেওঁৰ বাবে আছিল অতি বিশেষ। আচলতে জন্মদিনৰ বিশেষ উপলক্ষে নিক জ’নাছক এটা কনচাৰ্টত দেখা গৈছিল, য’ত প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ কন্যা মালতী মেৰীও অংশগ্ৰহণ কৰিছিল। প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰামত এই অনুষ্ঠানৰ কিছু ছবি আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰে। প্ৰথম ফটোখনত প্ৰিয়ংকা, নিক আৰু তেওঁলোকৰ মৰমলগা কন্যা মালতীক দেখা গৈছে। ফটোখন চাওক-

ফটোখনত মালতীয়ে প্ৰিয়ংকা আৰু নিকক সাৱটি ধৰা দেখা গৈছে। দ্বিতীয়খন ফটোত প্ৰিয়ংকাই জীয়েকক কোলাত লৈ আছে, তৃতীয়খন ফটোত নিক মালতীক কোলাত ধৰি আছে। প্ৰিয়ংকাই এটা ভিডিঅ’টোৰ সৈতে এটা মৰমলগা কেপচনো লিখিছিল, ‘শ্ৰেষ্ঠ স্বামী আৰু পিতৃৰ জন্মদিনৰ শুভেচ্ছা।’

অভিনেত্ৰীগৰাকীয়ে আৰু লিখিছে, ‘আপুনি আমাৰ সপোন পূৰণ কৰে… প্ৰতিদিনে… আমি তোমাক ভাল পাওঁ’। প্ৰিয়ংকাৰ এই মৰমলগা পোষ্টটোত তেওঁৰ অনুৰাগীসকলেও তিনিওজনৰ প্ৰতি মৰম প্ৰকাশ কৰিছে। লগতে নিকক জন্মদিনৰ শুভেচ্ছা জনাইছো।

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ২০১৬ চনৰ পৰাই প্ৰেমৰ সম্পৰ্কত আছিল। দুয়োৰে দুবছৰ ডেটিঙৰ অন্তত ২০১৮ চনত পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয়। ২০২২ চনত তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হয়।

Comments are closed.